মা কামাখ্যা মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰী ড° শৰ্মাৰ

মা কামাখ্যা মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰী ড° শৰ্মাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰলৈ শপত লোৱাৰ পাছতেই  বৃহস্পতিবাৰে ড° হিমন্ত বিশ্ব শর্মাই উপস্থিত হয় নীলাচল পাহাৰত অৱস্থিত মা কামাখ্যা দেৱালয়ত ৷ কামাখ্যা দেৱীৰ আশিস বিচাৰি পূজা অৰ্চনা কৰে মুখ্যমন্ত্ৰী ড° শর্মাই৷ সামাজিক মাধ্যমত কামাখ্যা মন্দিৰ দৰ্শনৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে লিখিছে-জয় মা কামাখ্যা ৷ জগতজননী সকলো শক্তিৰ আধাৰ । দ্বিতীয়বাৰৰ বাবে মুখ্যসেৱক হিচাপে ৰাজ্যবাসীৰ সেৱা আগবঢ়াবলৈ মা কামাখ্যাই মোক যি অপাৰ আশিস প্ৰদান কৰিলে, তাত মই ধন্য হৈছোঁ ৷ আজি মাৰ শ্ৰীচৰণত মোৰ দ্বিতীয়টো কাৰ্যকালৰ বাবে আশীৰ্বাদ বিচাৰি তথা অসমবাসীৰ কুশল-মংগল কামনা কৰি নতশিৰে সেৱা জনাওঁ ৷ সকলোকে কুশলে ৰাখিবা মা৷

কামাখ্যা মন্দিৰত উপস্থিত হোৱা মুখ্যমন্ত্ৰীক শক্তিপীঠৰ দলৈ আৰু বৰদেউৰী সমাজে শুভেচ্ছা জ্ঞাপন কৰে ৷ শুভেচ্ছা গ্ৰহণ কৰি কৃতজ্ঞতা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে ৷ আনহাতে মন্দিৰ দৰ্শনৰ পাছতে সংবাদ মাধ্যমৰ সৈতে হোৱা বার্তালাপত মুখ্যমন্ত্রীয়ে কয়- মহামায়া মা কামাখ্যাৰ আশীৰ্বাদত আমাৰ ৰাজ্যখন সকলো ফালৰে পৰা অহা ৫ বছৰত অনিৰুদ্ধ গতিৰে আগবাঢ়ি যাব।