উত্তৰ প্ৰদেশত প্ৰকৃতিৰ কালৰূপ

Pc The Pioneer

উত্তৰ প্ৰদেশত প্ৰকৃতিৰ কালৰূপ

ৰঙিলী বাৰ্ত্তাসেৱা-   উত্তৰ প্ৰদেশত প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ।প্ৰচণ্ড বৰষুণ, ধুমুহা আৰু বজ্ৰপাতৰ ফলত কমেও ১১৭ গৰাকী লোকৰ মৃত্যু হৈছে ৷ বুধবাৰে কেবাখনো জিলাত হোৱা এই প্ৰলয়ৰ ফলত বহুকেইটা বাসগৃহৰ ক্ষতি হোৱাৰ লগতে বহু স্থানত গছ, বিদ্যুতৰ খুঁটা আদি ভাঙি পৰে ।  হঠাতে মেঘাচ্ছন্ন হৈ পৰা উত্তৰ প্ৰদেশৰ আকাশত মাৰণ ঘূর্ণীয়ে প্রাণহানিৰ সমান্তৰালভাৱে ৩০খন জিলাক কার্যতঃ ধ্বংসস্তূপত পৰিণত কৰে। ঘণ্টাত ৬০-৭০ কিলোমিটাৰ বেগত অহা ধুমুহা-শিলাবৃষ্টি-বজ্রপাতে এফালৰ পৰা তচনচ কৰি যায় ঘৰ-দুৱাৰ-ব্যৱসায়িক  প্রতিষ্ঠানকে ধৰি বিভিন্ন আৱাসস্থল।  এই ধুমুহা-বৰষুণৰ ফলত যোৱা ২৪ ঘণ্টাত সমগ্ৰ ৰাজ্যখনতে শতাধিক লোকৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে। মৃতকৰ সংখ্যা আৰু বাঢ়িব পাৰে বুলি আশংকা কৰা হৈছে। আহত হৈ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে দুই শতাধিক। বিভিন্ন এলেকাত ভাগি পৰিছে গছ-গছনি। ফলত ব্যাহত হৈ পৰিছে যান-বাহনৰ চলাচল। কেৱল সেয়াই নহয়, ধুমুহাৰ তাণ্ডৱত ক্ষতিগ্রস্ত হৈছে বহু ঘৰ-বাৰী, ছিগি পৰিছে বিদ্যুতৰ তাঁৰ। যুদ্ধকালীন তৎপৰতাৰে আৰম্ভ হৈছে উদ্ধাৰ কাৰ্য। বুধবাৰে বিয়লিৰ পৰা উত্তৰ প্ৰদেশৰ বিভিন্ন জিলাত আৰম্ভ হয় ধুমুহা-বৰষুণ। কিছু সময়ৰ ভিতৰতে সি ভয়ংকৰ ৰূপ ধাৰণ কৰে। ওৰেনিশা এই দুর্যোগ অব্যাহত থাকে। প্ৰশাসনৰ সূত্ৰৰ খবৰ মতে, এই ধুমুহা-বৰষুণৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্রস্ত হৈছে প্রয়াগৰাজ, প্রতাপগড়, ভদোহী, ফাটেহপুৰ, উন্নাও, কাণপুৰ গ্ৰাম্য, চণ্ডৌলী, সোণভদ্ৰ আৰু বদায়ু জিলাত। মুখ্যমন্ত্রী যোগী আদিত্যনাথে জিলা প্রশাসনসমূহক জৰুৰীকালীনভাৱে পদক্ষেপ গ্রহণ কৰিবলৈ নিৰ্দেশ দিছে। আহতসকলৰ চিকিৎসা আৰু মৃতসকলৰ পৰিয়ালসমূহক সকলো ধৰণৰ সহযোগিতা প্ৰদানৰ কথাও কোৱা হৈছে। উত্তৰ প্ৰদেশ চৰকাৰৰ ৰাজহ বিভাগৰ সচিব তথা সাহায্য সচিব ঋষিকেশ ভাস্কৰ যাদৱে জনোৱা মতে ১০৭জন লোকৰ মৃতদেহ ধ্বংসস্তূপৰ পৰা উদ্ধাৰ কৰা হৈছে। বাকীকেইজন লোকৰ মৃত্যু হৈছে প্রচণ্ড ধুমুহাত উভালি পৰা গছ বাগৰি পৰাৰ ফলত। তদুপৰি ১৭০ পোহনীয়া জন্তুৰ প্ৰাণহানি হোৱাৰ লগতে কেইবা শতাধিক ঘৰ ধ্বংস হৈছে। আটাইতকৈ বেছি লোকৰ মৃত্যু হৈছে প্রয়াগৰাজত। তাত ২১জন লোকৰ মৃত্যু হৈছে। তাৰ পিছতে আছে ভদোহীত ১৮জনৰ মৃত্যু হৈছে । ফাটেহপুৰত ৯জন, বদায়ুত ৫জন, প্রতাপগড়ত ৪জন, চণ্ডোলী আৰু কুশীনগৰত দুজনকৈ লোকৰ মৃত্যু হৈছে। সোণভদ্রত মৃত্যু হৈছে এজনৰ। ধুমুহাৰ ফলত ফুলপুৰত ৩জন, সোৰাৱত ৩জন, মেজাত ২জন আৰু সদৰত এজনৰ মৃত্যু হয়। কেবল ধুমুহাই নহয়, যোৱা ২৪ ঘণ্টাত ৩০খন জিলাত প্রবল বৃষ্টিপাত হৈছে। মথুৰা, উন্নাও আৰু প্ৰয়াগৰাজত ধুমুহাৰ লগতে শিলাবৃষ্টিও হৈছে। ক্ষতিগ্রস্ত হৈছে অনেক কেঁচা ঘৰ। তদুপৰি ফচলৰ প্ৰচুৰ ক্ষতি হৈছে বিভিন্ন জিলাত। গৰু, ছাগলী আদি পোহনীয়া জন্তুৰো মৃত্যু হৈছে। আনহাতে বিধ্বংসী ধুমুহাত নিহত মৃতকৰ নিকটাত্মীয়লৈ ৪ লাখ টকাকৈ সাহায্য ঘোষণা কৰিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথে। সমান্তৰালভাৱে এই প্রাকৃতিক দুর্যোগত ক্ষতিগ্রস্তসকলক পাৰ্যমানে সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়াবলৈ সংশ্লিষ্ট জিলাৰ দণ্ডাধীশসকললৈ নির্দেশ দিয়া হৈছে। লগতে মুখ্যমন্ত্রী যোগী আদিত্যনাথে প্রাকৃতিক দুৰ্যোগৰ ফলত হোৱা ক্ষয়ক্ষতিৰ মূল্যায়ন কৰিবলৈ দুর্যোগ প্রশমন বিষয়াসকলক নির্দেশ দিছে।