দ্বিতীয়দিনাও ৮ ঘণ্টাৰ জেৰাৰ সন্মুখীন পৱন খেড়া

দ্বিতীয়দিনাও ৮ ঘণ্টাৰ জেৰাৰ সন্মুখীন পৱন খেড়া

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰিণিকি ভূঞা শৰ্মাৰ গোচৰত কংগ্ৰেছ নেতা পৱন খেড়াৰ জেৰা অব্যাহত আছে ।নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগৰ অধ্যক্ষ পৱন খেড়া বৃহস্পতিবাৰে একেৰাহে দ্বিতীয় দিনৰ জেৰাৰ বাবে গুৱাহাটী অপৰাধ শাখাৰ কাৰ্যালয়ত হাজিৰ হয় ।  প্রায় ৮ ঘণ্টা ধৰি পৱন খেড়াক পাণবজাৰৰ কাৰ্যালয়ত আৰক্ষীয়ে মাৰাথন জেৰা চলায়। দীর্ঘসময় জেৰাৰ অন্তত পৱন খেড়াক আৰক্ষীয়ে সন্ধিয়াৰ ভাগলৈ যাবলৈ দিয়ে। আৰক্ষীৰ অপৰাধ শাখাৰ কাৰ্যালয়ৰ পৰা ওলাই আহি পৱন খেড়াই সংবাদ মাধ্যমৰ আগত জনায় যে তেওঁক অহা ২৫ মে’ত পুনৰ অপৰাধ শাখাৰ কাৰ্যালয়ত উপস্থিত হ’বলৈ নির্দেশ দিয়া হৈছে। সংবাদ মাধ্যমৰ আগত খেড়াই কয় যে দায়িত্বশীল নাগৰিক হিচাপে তদন্তত পূর্ণ সহযোগ আগবঢ়াই যাব। ২৫ মে’ত তেওঁ পুনৰ অপৰাধ শাখাৰ কাৰ্যালয়ত উপস্থিত হ’ব বুলিও জনায় খেড়াই। তদন্তৰ খাতিৰতে সংবাদ মাধ্যমৰ আগত পৱন খেড়াই আৰক্ষীৰ জেৰা সন্দৰ্ভত কোনো মন্তব্য কৰিব নিবিচাৰিলে। কেৱল আৰক্ষীক সহযোগিতা কৰা আৰু আইনৰ ওপৰতে ভৰসা কৰা বুলিহে তেওঁ সংবাদ মাধ্যমৰ আগত প্রকাশ কৰে। উল্লেখ্য যে অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৫ এপ্ৰিলত সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ তিনিখনকৈ পাছপ’ৰ্ট আৰু বিদেশত সম্পত্তি থকাৰ অভিযোগ উত্থাপন কৰিছিল পৱন খেড়াই । কিন্তু এই অভিযোগক ভিত্তিহীন বুলি উল্লেখ কৰি ৰিণিকি ভূঞা শৰ্মাই পৱন খেড়াৰ বিৰুদ্ধে অপৰাধ শাখাত এজাহাৰ দাখিল কৰিছিল । এই এজাহাৰৰ ভিত্তিত গোচৰ ৰুজু কৰাৰ পিছতে আৰক্ষীয়ে পৱন খেড়াক বিচাৰি দিল্লী পৰ্যন্ত অভিযান চলায় । কিন্তু তেওঁক গ্ৰেপ্তাৰ কৰাত ব্যৰ্থ হয় । আনহাতে, তেলেংগানা উচ্চ ন্যায়ালয়ে পৱন খেড়াক ৭ দিনৰ চৰ্তসাপেক্ষ অগ্ৰিম জামিন প্ৰদান কৰে যদিও এই জামিন নিৰ্দেশনাত ত্ৰুটি ৰৈ যোৱাৰ অভিযোগ তুলি অসম চৰকাৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয় আৰু উচ্চতম ন্যায়ালয়ে তেলেংগানা উচ্চ ন্যায়ালয়ৰ চৰ্তসাপেক্ষ জামিনত স্থগিতাদেশ জাৰি কৰে । ইয়াৰ পিছতে পৱন খেড়াই এই স্থগিতাদেশৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই পুনৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয় যদিও উচ্চতম ন্যায়ালয়ে তেওঁক অসমৰ আদালতত জামিন আবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে । ইয়াৰ পিছত তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় যদিও গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন আবেদন নাকচ কৰাত পুনৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাত উচ্চতম ন্যায়ালয়ে পৱন খেড়াৰ জামিন মঞ্জুৰ কৰে ।