বাঁহীৰ সুৰৰ দৰে বিষন্ন সময় – ৰীতা বুঢ়াগোহাঁই

Pc Craiyon

বাঁহীৰ সুৰৰ দৰে বিষন্ন সময় 

ৰীতা বুঢ়াগোহাঁই
তিনিচুকীয়া

সুৰ সুৰাই বতাহ এজাক
পাৰ হৈ গ’ল
বিশাল পথাৰ খনৰ
বুকুৰে বগাই

বতাহত বিয়পে ৰাতিৰ শব্দ
বুঢ়া আহতজোপাৰ বুকুত
চিৰিং কৰি গ’ল
নিঃসংগ হোৱাৰ আশংকাত
বিগত সময়বোৰ আছিল
উমাল আৰু বৰ্ণিল
ৰাতিৰ বাঁহী সুৰৰ সান্নিধ্যৰ দৰে

অনাগত দিনবোৰ ক্ৰমে
বিৰ্বণ হৈ পৰিছে
ৰাতিবোৰ অস্থিৰ উদভ্ৰান্ত
সময়বোৰ বিষন্ন বাঁহীৰ
সুৰৰ দৰে হতাশ এটা যেন
গভীৰ বিষাদভৰা হুমুনিয়াহ ।

মৰমৰ গভীৰতাই যেতিয়া বুকুখন চুৱে
প্ৰেমিকৰ নীৰৱ মুখৰ চাৱণিৰ দৰে
এক গভীৰ হুমুনিয়াহে কঁপনি তুলে

দিনবোৰৰ ৰং ঘুৰি নাহে
তথাপি ৰৈ থকা হয় অপেক্ষাৰে
উন্মুখ হৈ পৰা ৰাতিৰ পাছত
এটি শুভ্ৰ জোনাকৰ দিনলৈ ।

বাঁহীৰ সুৰৰ উদভ্ৰান্ত সোঁতত
দুৱাৰত খুন্দা মাৰি টোপনি ভাঙে

নৈপৰীয়া পথাৰখন
নিতাল মাৰি শুই পৰিছে
পথাৰৰ সোঁমাজত থিয়দি থকা
আঁহতজোপাই কথা পাতিব বিচাৰে
উদভ্ৰান্ত বাঁহীৰ সুৰৰ লগত
সেই সুৰে ভ্ৰক্ষেপ নকৰি
কুঁৱলী ফালি ফালি বৈ যায়
নদীৰ পাৰলৈ

নৈত উপচি পৰা জোনাকৰ সতে খেলিবলৈ
সাপ এটাৰ দৰে মেৰিয়াই ধৰে
সিঁচৰিত জোনাক বোৰ ।