ড° হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ অচিৰেই হ’ব সম্প্ৰসাৰণ
ৰঙিলী বাৰ্ত্তাসেৱা– দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণ কৰা ড° হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্রীসভাৰ অচিৰেই হ’ব সম্প্ৰসাৰণ। মুখ্যমন্ত্ৰীৰ সৈতে কেবিনেট মন্ত্রী ৰামেশ্বৰ তেলী, অতুল বৰা, চৰণ বড়ো আৰু অজন্তা নেওগে শপতগ্ৰহণ কৰে। মঙলবাৰে শপতগ্ৰহণৰ পাছতে অহা ২১-২২ মে’ত অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হ’ব। দুদিনীয়াকৈ হ’বলগা এই অধিবেশনতে নির্বাচিত বিধায়কসকলে শপতগ্ৰহণ কৰাৰ পাছত সম্প্ৰসাৰণ হ’ব মন্ত্রীসভাৰ। সেইমৰ্মে প্ৰথম পৰ্যায়ত ৭-১০ গৰাকী মন্ত্ৰীয়ে শপতগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। প্রথম পৰ্যায়ত সম্প্ৰসাৰণ হ’বলগা মন্ত্রীসভাত ৩-৪খন নতুন মুখে স্থান লাভৰ সম্ভাৱনা আছে।
