নীট-ইউজি ২০২৬ৰ পৰীক্ষা বাতিল

Pc Newsband

নীট-ইউজি ২০২৬ৰ পৰীক্ষা বাতিল

ৰঙিলী বাৰ্ত্তাসেৱা-  মঙলবাৰে দেশৰ সৰ্ববৃহৎ চিকিৎসা প্ৰৱেশ পৰীক্ষা ‘ৰাষ্ট্ৰীয় যোগ্যতা প্ৰৱেশ পৰীক্ষা’ ( নীট-ইউজি ২০২৬) বাতিল কৰে ৷  প্রশ্নকাকত ফাদিলৰ অভিযোগ উত্থাপন হোৱাৰ পাছতেই বাতিল কৰা হ’ল নীট-ইউজি ২০২৬ পৰীক্ষা। যোৱা ৩ মে’ত সমগ্র দেশজুৰি অনুষ্ঠিত হৈছিল চিকিৎসা শিক্ষাৰ এই প্ৰৱেশিকা পৰীক্ষা। সম্প্রতি উক্ত পৰীক্ষা বাতিল হোৱাত পুনৰ নতুনকৈ পৰীক্ষা অনুষ্ঠিত কৰা হ’ব বুলি জনাইছে নেচনেল টেষ্টিং এজেন্সীয়ে (NTA)। ইয়াৰ উপৰি সমগ্ৰ বিষয়টোৰ তদন্তৰ বাবে কেন্দ্রীয় তদন্তকাৰী সংস্থা (চিবিআই)ক দায়িত্ব অর্পণ কৰা হৈছে। জানিব পৰা মতে, পৰীক্ষাৰ প্ৰায় এমাহ পূর্বেই কিছুমান শিক্ষার্থীৰ হাতত এখন সম্ভাব্য প্রশ্নকাকত পৰিছিল। অতিৰিক্ত সঞ্চালকপ্রধান বিশাল বানচালে কয় যে সেই সম্ভাব্য প্রশ্নকাকতত ৪১০টা প্রশ্ন আছিল। পৰীক্ষাৰ পিছত দেখা যায়, ৰসায়ন বিজ্ঞানৰ ১২০টা প্ৰশ্নৰ মূল প্ৰশ্নকাকতৰ সৈতে হুবহু মিল আছে। কেৱল প্রশ্নই নহয়, উত্তৰৰ বিকল্পসমূহো একে আছিল। আন এক সূত্ৰৰ দাবী অনুসৰি, সম্ভাব্য প্ৰশ্নকাকতৰ ২৮১টা প্ৰশ্নৰ ভিতৰত ১৩৫টা প্ৰশ্নৰ মূল প্ৰশ্নকাকতৰ সৈতে সম্পূৰ্ণ মিল আছিল। উল্লেখ্য যে যোৱা ৩ মে’ত নেচনেল টেষ্টিং এজেন্সীয়ে NEET-UG 2026 পৰীক্ষা অনুষ্ঠিত কৰিছিল। প্ৰায় ২৩ লাখ শিক্ষার্থী এই পৰীক্ষাত অৱতীৰ্ণ হৈছিল। নেচনেল টেষ্টিং এজেন্সীয়ে (NTA) এক বিবৃতিযোগে জনাইছে যে বর্তমান পৰীক্ষা প্ৰক্ৰিয়াটোত যিহেতু আসোঁৱাহ ধৰা পৰিছে, সেয়ে ইয়াক বাহাল ৰখাৰ কোনো যুক্তি নাই। ভাৰত চৰকাৰৰ অনুমোদনসাপেক্ষে এনটিএয়ে ৩ মে’ৰ পৰীক্ষাটো বাতিল কৰাৰ সিদ্ধান্ত লয়। পৰীক্ষাৰ বিশ্বাসযোগ্যতা আৰু শিক্ষার্থীৰ ভৱিষ্যতৰ স্বাৰ্থতে এই সিদ্ধান্ত লোৱা বুলি উল্লেখ কৰি এনটিএয়ে চিবিআই তদন্তত সম্পূর্ণ সহযোগিতা আগবঢ়াব বুলি জনায়। উল্লেখ্য যে শিক্ষার্থীসকলে পুনৰ নতুনকৈ অনুষ্ঠিত হ’বলগীয়া পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব। কিন্তু পৰীক্ষাৰ্থীসকলৰ বাবে সকাহৰ খবৰ এই যে তেওঁলোকে পুনৰ নতুনকৈ পঞ্জীয়ন কৰাৰ প্ৰয়োজন নাই। পূৰ্বৰ পঞ্জীয়ন তথ্য আৰু কেন্দ্ৰসমূহেই পুনৰ পৰীক্ষাৰ বাবে বৈধ হ’ব। লগতে কোনো অতিৰিক্ত মাচুলো লোৱা নহ’ব। এনটিএয়ে জনোৱা মতে, শিক্ষার্থীসকলে ইতিমধ্যে জমা দিয়া মাচুল ঘূৰাই দিয়া হ’ব। অৱশ্যে পৰীক্ষাৰ নতুন দিন আৰু সংশোধিত এডমিট কাৰ্ডৰ বিষয়ে চৰকাৰীভাৱে অতি সোনকালে ঘোষণা কৰা হ’ব।উদ্ধাৰ কৰা হৈছে।