সুৰত বিলিন স্বপ্নাতুৰ নিশা – বনজিত দাস

Pc Tripadvisor

সুৰত বিলিন স্বপ্নাতুৰ নিশা

বনজিত দাস

সিদিনাই মাতিছিল
শব্দবোৰ অস্পষ্টাত ডুবি ককবকাই
সন্তৰ্পণে বৈ গৈছিল আবেগত
শিতানৰ গাৰু তিতা এটোপাল লোতক
বাৰে বাৰে কাণত বাজিছিল
অনুভৱ হৈছিল বুকুৰ ছাঁত গুজি
চৰাই এজাক কান্দিছিল ।

তেওঁ কথা ক’ব জানিছিল
সমস্ত জগতৰ মানুহ বিচাৰি
দেখুৱাই কিদৰে বুলাই চেনেহৰ সঁফুৰা
হৃদয় কাঢ়িবলৈ হৃদয়ত সোমাই
কেঁচা মাটিৰ সপোনৰ সেউজ সংকেত বিচাৰি
যাব পাৰে কিমান দূৰ
মানুহৰ বেদনা হৃদয়ঙ্গম নদীত উটি
কৈ দিব পাৰে তপৰাই
যন্ত্ৰণাৰ কাতৰ বিননি শব্দ হৈ জ্বলে
আঁতৰি গৈছিল কিদৰে মুক্ত আকাশ
বেলিটো ডুবিছিল সাগৰত ।

খেপিয়াই ফুৰা শিপাৰ সন্ধান
জানোছা পাব পাৰো কোনোৱেই নুশুনা মাত
অনুভৱ কৰো কিদৰে চুই চাব পাৰি
নদীৰ কল্লোলত তাৰ আলিঙ্গন
উপায়তো নাই
ক’ৰবাত ৰৈ গ’ল নেকি পৰশৰ মাধুৰ্য্যতা
থাকিব পাৰে বন-বননিৰ সুৰীয়া বাঁহীত
মানুহ থাকিলেও নুশুনা মানুহ
নিলাঞ্জনা আকাশত মেঘমোল্লাৰ মাজত লুকাই
সেই একেই শব্দৰ লয়লাস ভংগী
স্পৰ্শকাতৰ নিৰস ওঁঠৰ দাগ !

শিতানত তিতা সেমেকা শেতেলীত লুকুৱাব
কাৰোবাৰ সুৰত বিলীন এটি স্বপ্নাতুৰ নিশা
প্ৰাচীন এটুকুৰা ঘা
চুই চাব খুজো এখন আকাশ ।