কোনোবাখিনিত গানে বুকুৰ কথা বুজি পাই
ৰিতু ভৰালী,যোৰহাট
“তুমি মোৰ প্ৰথম ভালপোৱা…
আলফুলে বুকুত সজোৱা…”
কোনোবাখিনিত গানে বুকুৰ কথা বুজি পাই।কেতিয়াবা হাঁহিছোঁ আৰু কেতিয়াবা আকৌ কান্দিছোঁ।কেতিয়াবা কোনোবাই দেখাকৈ হাঁহি উঠিছোঁ আৰু কোনোবা দিনা আনে নেদেখাকৈ কান্দি উঠিছোঁ।মুঠতে গান শুনি আছোঁ প্ৰতিদিনে।সফলতাখিনি যেনেকৈ গানত আছে, তেনেকৈ থমকি যোৱাখিনিও গানতেই আছে।গানবোৰত সান্তনা আছে,শক্তি আছে আৰু জীয়াই তোলাৰ মন্ত্ৰ।মই মই যেন লগা গানবোৰ সদায় সফল।’তুমি মোৰ প্ৰথম ভালপোৱা’ বুলি কৈ কোনোজনে কাৰোবাক সাৱটিছে আৰু কোনোজনে আকৌ এই বান্ধোন এৰি এচুকত অথবা গাৰুটিকে সাবটি নীৰৱে চিঞৰি চিঞৰি কান্দি উঠিছে নিজকে বহু কথা কৈ।শুনি ৰোৱা গানটিত অকলশৰীয়া হৈ পৰিলোঁ বুলিও শুনিছে- তোমাৰ বুকু মোৰ শেষ আশ্ৰয়। কোনোবাই আকৌ অকাশখনলৈ চাইছে- তুমি মোৰ প্ৰথম ভালপোৱা।কোনোবাই এৰি গুচি গৈছে বাবেই আধৰুৱা।কোনোবা শেষ হৈ যোৱাৰ বাবে আধৰুৱা।কোনোবাই সঁচা কোৱাৰ বাবে আধৰুৱা।কোনোবাই মিছা কোৱাৰ বাবে আধৰুৱা।আনহাতে কোনোবা আকৌ লগত থাকিও আধৰুৱা।কোনোবাই কথাবোৰ কৈ আধৰুৱা।কোনোবাই আকৌ নোকোৱাৰ কথাৰ বাবে আধৰুৱা।কোনোবাই চিঞৰ-বাখৰ কৰি আধৰুৱা।কোনোবাই আকৌ মৌন হৈ থকাৰ বাবে আধৰুৱা।কোনোবাই সন্দেহৰ বাবে আধৰুৱা।কোনোবাই আকৌ অজুহাতৰ বাবে আধৰুৱা।কেতিয়াবা আকৌ সমাজৰ বান্ধোনৰ বাবে আধৰুৱা।মুঠতে আধৰুৱা।এতিয়া গীতত বৈ থকা নদীখন নদী হৈ থকা নাই।নদীখন তুমি।মাথোঁ তুমি।তুমি মোৰ প্ৰথম ভাল পোৱা বুলি কওঁতেও আধৰুৱা।আপুনিও বাৰু আধৰুৱা নেকি!কেতিয়াবা মোকো মনে কয় মই আধৰুৱা বুলি।আজিকালি ইবোৰে মোক আমনি কৰিব নোৱাৰে কাৰণ মোৰ প্ৰথম ভালপোৱা তুমি,হয় মোৰ প্ৰথম ভালপোৱা ঈশ্বৰ,মোৰ আৰাধ্য।যি মোক সদায় সম্পূৰ্ণ কৰি ৰাখিছে।বুজিছে,এই ভালপোৱাৰ আৰম্ভণি আছে কিন্তু শেষ নাই।গতিকে তুমি মোৰ প্ৰথম ভালপোৱা।
