স্মৃতিৰ নিঃশব্দ গীত
নাচিমা য়াচমিন,বিশ্বনাথ চাৰিআলি
অজান ভয়ৰ গধুৰ ছাঁয়াই
মোৰ মনৰ আকাশখন নিতৌ ঢাকি ধৰে,
সময় ই যেন স্থবিৰ,
নৈৰ দৰে বৈ নাযায়,
কিন্তু অন্তৰত তাৰ সোঁত অবিৰাম।
অপেক্ষা—
ই মাথোঁ এটি শব্দ নহয়,
ই হ’ল নিঃশব্দ কোলাহল,
য’ত নীৰৱতাই
নিজেই নিজৰ কথা কয়।
কেতিয়াবা মই স্থবিৰ হৈ ৰওঁ,
তথাপিও অন্তৰত যেন তীব্ৰ আলোড়ন ;
নিশ্চুপতাৰ গভীৰ গহ্বৰতো
অদৃশ্য ধ্বনিৰ গগণ।
নীৰৱতা—
কেতিয়াবা আটাইতকৈ উচ্চস্বৰ,
য’ত শব্দবোৰে
নিজৰ অৰ্থ হেৰুৱাই পেলায়।
পঢ়িবলৈ চেষ্টা কৰোঁ,
কিন্তু অক্ষৰবোৰ
চকুৰ আগতেই মচি যায়।
বুজিবলৈ যাওঁ—
অৰ্থবোৰো যেন
ধূলিৰ দৰে উৰি পলায়।
তাৰ পিছত—
ডায়েৰীৰ মাজত লুকাই থকা
এপাহ শুকান ফুলৰ সুবাসে
হঠাতে জগাই তোলে
স্মৃতিৰ নিঃশব্দ দুৱাৰ।
মই বুজি পাওঁ—
সেইপাহ কেৱল ফুল নহয়,
ই অতীতৰ এক নীৰৱ সুৰ।
