৪৫ দিনৰ ভিতৰত বিএছএফক প্ৰদান কৰা হ’ব ভূমি
ৰঙিলী বাৰ্ত্তাসেৱা- কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছতে পশ্চিমবংগৰ নতুন চৰকাৰে সোমবাৰে প্ৰথমখন কেবিনেট বৈঠক অনুষ্ঠিত কৰে । প্রথমখন কেবিনেটতে কেতবোৰ ঐতিহাসিক সিদ্ধান্ত গ্রহণ কৰে মুখ্যমন্ত্রী শুভেন্দু অধিকাৰীয়ে। প্রথমখন কেবিনেটত নৱনিৰ্বাচিত চৰকাৰে ছয়টা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ কৰিছে। সেইবোৰৰ ভিতৰত ৪৫ দিনৰ ভিতৰত সীমান্ত নিৰাপত্তাৰক্ষী বাহিনীক (বিএছএফ) ভূমি প্রদান, বাংলাদেশৰে উন্মুক্ত সীমান্ত কাঁইটীয়া তাঁৰেৰে ছীল কৰা সিদ্ধান্ত উল্লেখযোগ্য। বিগত চৰকাৰৰ দিনত বাংলাদেশৰ সৈতে থকা সীমান্ত ছীল কৰাৰ ক্ষেত্ৰত বিভিন্ন সমস্যাই দেখা দিছিল। প্রায় ৯০০ কিঃমিঃজোৰা সীমান্তয়েদি বিনাদ্বিধাই ভাৰতত বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ আগমনে দেশৰ জনগাঁথনিত ব্যাপক প্রভাৱ পেলাই আহিছে। বিজেপি দলে এই অনুপ্ৰৱেশকাৰীক উৎখাতৰ হুংকাৰ দি এইবাৰৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। ইয়াৰ পূর্বে সন্দেহজনক লোকসকলক ভোটাধিকাৰৰ পৰা বঞ্চিত কৰাৰ বাবে এছআইআৰ প্ৰৱৰ্তন কৰি নিৰ্বাচন আয়োগেও কঠোৰ পদক্ষেপ গ্রহণ কৰিছিল। এছআইআৰৰ ফলত কেইবা লক্ষাধিক ভুৱা ভোটাৰৰ নাম কৰ্তন হৈছিল পশ্চিমবংগত। বিশেষকৈ বাংলাদেশ সীমান্তৰ জিলাসমূহত অনুপ্ৰৱেশকাৰীয়ে থিতাপি লৈ ৰাজ্যখনৰ জনগাঁথনিত ভাবুকিৰ সৃষ্টি কৰি আহিছিল। চৰকাৰৰ প্ৰথম কেবিনেটতে লোৱা এই সিদ্ধান্তই নির্বাচনী প্রতিশ্রুতি ৰক্ষা কৰিছে।কেবিনেট বৈঠকৰ অন্তত সংবাদ মাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্রী শুভেন্দু অধিকাৰীয়ে এই সিদ্ধান্তৰ বিষয়ে বিশদভাৱে উল্লেখ কৰি ৰাষ্ট্রীয় নিৰাপত্তা আৰু জনগাঁথনিগত চিন্তাৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে ৷ তেওঁ কয়, “আমাৰ দেশৰ নিৰাপত্তা, পশ্চিমবংগৰ নিৰাপত্তা আৰু জনগাঁথনিৰ চৰিত্ৰ সলনি হোৱাৰ ধৰণ— এইবোৰ গুৰুতৰ চিন্তাৰ বিষয় ।” বিষয়টোৰ জৰুৰী ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজনীয়তাক আলোকপাত কৰি মুখ্যমন্ত্রীয়ে লগতে কয়, “ভূমি হস্তান্তৰ প্রক্রিয়া আজিৰে পৰাই আৰম্ভ হয় ৷ মুখ্য সচিব আৰু ভূমি আৰু ৰাজহ সচিবক নির্দেশ দিয়া হৈছে যাতে ৪৫ দিনৰ ভিতৰত প্রয়োজনীয় ভূমি বিএছএফক গতাই দিয়া হয় ৷” ৰাজনৈতিক বিবেচনাই সীমান্ত সুৰক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত হ’বলগা অগ্ৰগতিক ৰোধ কৰা বুলি অভিযোগ উত্থাপন কৰি মুখ্যমন্ত্ৰীয়ে পূৰ্বৰ চৰকাৰখনৰ ওপৰতো তীব্ৰ আক্ৰমণ চলায় । “বিএছএফৰ যি মাটিৰ প্ৰয়োজন হ’ব, সেইখিনি যোগান ধৰা হ’ব । ভূমি বিভাগে ইতিমধ্যে বহুখিনি ভূমিৰ কাম সম্পূৰ্ণ কৰিছে । পূৰ্বৰ চৰকাৰে ইচ্ছাকৃতভাৱে বিভাগটোৰ কামত বাধা দিছিল । কাৰণ তেওঁলোকে কিছুমান ভোট বেংক আৰু ভাৰতৰ বাহিৰৰ পৰা অহা অবৈধ অনুপ্ৰৱেশকাৰীক সুৰক্ষা দিব বিচাৰিছিল । আনকি কলিকতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশকো আওকাণ কৰা হৈছিল, যিটো কোনো চৰকাৰে কেতিয়াও কৰা উচিত নহয় ।” তেওঁ লগতে জোৰ দি কয় যে বৰ্তমানৰ প্ৰশাসনে সকলো চৰকাৰী বক্তব্য আৰু কাৰ্যত সঠিকতা আৰু জবাবদিহিতা বজাই ৰাখিব । “আমি ইতিমধ্যে ভূমি বিভাগক নিৰ্দেশ দিছোঁ যে তৎক্ষণাত সাজু হৈ থকা ভূমি হস্তান্তৰ আৰম্ভ কৰক । বিৰোধী দলৰ নেতা হিচাপে আগতে মোৰ হাতত থকা তথ্যৰ পৰা প্ৰায় ৯০ শতাংশ ভূমি বহু আগতেই হস্তান্তৰ কৰিব পৰা গ’লহেঁতেন । কিন্তু এজন মুখ্যমন্ত্ৰীয়ে দায়িত্বশীলভাৱে কথা ক’ব লাগিব আৰু প্ৰতিটো বক্তব্যৰ সম্পূৰ্ণ প্ৰমাণ নিশ্চিত কৰিব লাগিব । পূৰ্বৰ চৰকাৰৰ দৰে এই প্ৰশাসনে আকস্মিক বা দায়িত্বহীন মন্তব্যত লিপ্ত নহ’ব ।” ৰাজনৈতিক পৰ্যবেক্ষকসকলৰ মতে, প্ৰথমখন কেবিনেট বৈঠকতে বিএছএফক ভূমি হস্তান্তৰৰ সিদ্ধান্তই কেৱল ৰাষ্ট্ৰীয় নিৰাপত্তাক শক্তিশালী কৰাই নহয়, কেন্দ্ৰীয় নেতৃত্বই দিয়া এটা বৃহৎ নিৰ্বাচনী প্ৰতিশ্ৰুতিও পূৰণৰ লক্ষ্যৰে লোৱা হৈছে । ৰাজনৈতিক বিশ্লেষকসকলৰ মতে, মুখ্যমন্ত্রীৰ এই কঠোৰ মন্তব্যই স্পষ্টভাৱে ইংগিত দিয়ে যে ৰাজ্যিক প্রশাসনে অনাগত দিনত অবৈধ অনুপ্রৱেশৰ বিৰুদ্ধে অধিক কঠোৰ স্থিতি গ্ৰহণ কৰাৰ মনস্থ কৰিছে ৷ ইফালে, ৰাজ্য চৰকাৰে বিগত সময়ছোৱাত ৰাজনৈতিক হিংসাৰ বলি হৈ প্রাণ আহুতি দিয়া ৩২১ গৰাকী ব্যক্তিৰ পৰিয়ালৰ দায়িত্ব গ্ৰহণ কৰিব বুলিও কেবিনেটত সিদ্ধান্ত গ্রহণ কৰে। মমতা বেনাৰ্জীৰ চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহ পশ্চিমবংগত ৰূপায়ণ কৰাত বাধা প্ৰদান কৰি আহিছিল। নৱনিৰ্বাচিত চৰকাৰে আজিৰ কেবিনেটত কেন্দ্ৰৰ কেইবাখনো ধ্বজাবাহী আঁচনি ৰূপায়ণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। এইবোৰৰ ভিতৰত বেটী বচাও বেটী পঢ়াও, বিশ্বকর্মা যোজনা, আয়ুষ্মান ভাৰত আদি উল্লেখযোগ্য। এইবোৰৰ জৰিয়তে দেশখনৰ তৃণমূল পর্যায়ৰ দৰিদ্ৰ লোকসকল যথেষ্ট পৰিমাণে উপকৃত হ’ব। পূৰ্বৰ চৰকাৰে ৰাজ্যখনত নিযুক্তি লাভ কৰা আইপিএছ আৰু আইএএছসকলক কেন্দ্ৰীয় চৰকাৰৰ প্ৰশিক্ষণত অংশগ্ৰহণ কৰিবলৈ দিয়া নাছিল। আজিৰ কেবিনেটে চৰকাৰী বিষয়া-কর্মচাৰীসকলক এনে প্রশিক্ষণত অংশগ্ৰহণৰ বাট প্রশস্ত কৰে। আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত অনুসৰি বংগত এতিয়াৰে পৰা কাৰ্যকৰী হ’ব ভাৰতীয় ফৌজদাৰী বিধি। ইয়াৰ পূৰ্বলৈকে মমতা চৰকাৰে আইপিচি অসাংবিধানিক বুলি আখ্যা দি বলবৎ হোৱাত বাধা দি আহিছিল।
