জামিন বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দাৰস্থ শ্যামকানু মহন্ত

জামিন বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দাৰস্থ শ্যামকানু মহন্ত

ৰঙিলী বাৰ্ত্তাসেৱা- জামিন বিচাৰি এইবাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে জুবিন হত্যাৰ গোচৰৰ অন্যতম অভিযুক্ত শ্যামকানু মহন্তই। ইয়াৰ পূৰ্বে শ্যামকানুৰ জামিন আবেদন বিশেষ ফাষ্টট্রেক আদালতে নাকচ কৰিছিল। ফাষ্টট্রেক আদালতৰ সেই ৰায়ৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় শ্যামকানু মহন্ত। যোৱা ৭ মে’ত শ্যামকানু মহন্তৰ অধিবক্তাই গুৱাহাটী উচ্চ ন্যায়ালয়ত ১২২১/২৬ নম্বৰত এখন জামিন আবেদন দাখিল কৰে। এই আবেদনৰ শুনানি অহা ১৩ মে’ত সম্পন্ন হ’ব। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পাৰ্থিৱজ্যোতি শইকীয়াৰ আদালতত এই জামিন আবেদনৰ শুনানি হ’ব। উল্লেখ্য যে যোৱা ৩০ এপ্রিলত ফাষ্টট্রেক আদালতৰ ন্যায়াধীশ শর্মিলা ভূঞাৰ আদালতে শ্যামকানু মহন্তৰ জামিন আবেদন খাৰিজ কৰিছিল। সমান্তৰালকৈ শর্মিলা ভূঞাৰ আদালতে শ্যামকানু মহন্তৰ জব্দকৃত সামগ্রী মোকলাই দিবলৈ মহন্তৰ অধিবক্তাই দাখিল কৰা আবেদনো খাৰিজ কৰে। উল্লেখ্য যে ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সংঘটিত হোৱাৰ পিছত জুবিনক সহায় কৰাৰ পৰিৱৰ্তে সেই সময়ত ছিংগাপুৰত থকা শ্যামকানু মহন্তই মালয়েছিয়ালৈ পলাই গৈছিল। পৰৱৰ্তী সময়ত গোচৰৰ তদন্ত কৰি থকা এছআইটিয়ে শ্যামকানু মহন্তক লুকআউট ন’টিছ জাৰি কৰি ইণ্টাৰপ’লৰ সহায় লোৱাৰ ভাবুকিৰে অসমলৈ মাতি গ্ৰেপ্তাৰ কৰিছিল। এই প্রেক্ষাপটতে ফাষ্টট্রেক আদালতে শ্যামকানু মহন্ত বিদেশলৈ পলাই যোৱাৰ সম্ভাৱনাৰ কথা ব্যক্ত কৰি জামিন আবেদন নাকচ কৰিছিল। তদুপৰি শ্যামকানু মহন্তই ছিংগাপুৰত জুবিন গাৰ্গক সুৰাৰ যোগান ধৰাৰ তথ্যও দাখিল কৰিছিল তদন্তকাৰী সংস্থাই। এনেবোৰ কাৰণতে ফাষ্টট্রেক আদালতে শ্যামকানু মহন্তৰ জামিন নাকচ কৰিছিল। কিন্তু ফাষ্টট্রেক আদালতৰ এই সিদ্ধান্তক প্রত্যাহ্বান জনাই শ্যামকানু মহন্তৰ অধিবক্তাই যোৱা ৭ মে’ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় আৰু জামিন আবেদন দাখিল কৰে।