কণ্ঠশিল্পী প্রিয়ংকা ভৰালীৰ ওপৰত গোচৰ

কণ্ঠশিল্পী প্রিয়ংকা ভৰালীৰ ওপৰত গোচৰ::সদৌ অসম কৈৱর্ত ছাত্র সন্থা কেন্দ্রীয় সমিতি আৰু ডিব্ৰুগড় জিলা সমিতিৰ ডিব্ৰুগড় সদৰত এজাহাৰ

এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- বিৰ্তকৰ অন্ত পৰা নাই,কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীৰ।এইবাৰ সদৌ অসম কৈৱর্ত ছাত্র সন্থা কেন্দ্রীয় সমিতি আৰু ডিব্ৰুগড় জিলা সমিতিৰ সহযোগত ডিব্ৰুগড় সদৰ আৰক্ষী থানাত গায়িকা প্রিয়ংকা ভৰালীৰ ওপৰত এক এজাহাৰ দাখিল কৰে।উল্লেখ্য যে, ডিব্ৰুগড় জিলাৰ চাবুৱা আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ নিশা সাংস্কৃতিক সন্ধ্যাত শিল্পী প্রিয়ংকা ভৰালীয়ে মুকলি মঞ্চত চেলফি তুলিবলৈ অহা অনুৰাগী নিখিল দাস (চাবুৱা মৰিছা গাঁওৰ নিবাসী) নামৰ যুৱক জনক প্রিয়ংকা ভৰালীয়ে ডিঙিত ধৰি মঞ্চৰ পৰা গতিয়াই দিছিল।যিটো ৰাজহুৱাকৈ অপমানিত আৰু অপদস্থ কৰা ঘটনাক তীব্র ভাষাৰে নিন্দা আৰু গৰিহণা দিয়া বুলি এক বিজ্ঞপ্তিত কৈৱর্ত ছাত্র সন্থাৰ কেন্দ্ৰীয় সভাপতি ৰবি কাশ্যপে প্ৰকাশ কৰে।তেওঁ বিজ্ঞপ্তিত কয়, নিখিল দাসে তেনে কোনো ভুল কৰা নাছিল। মঞ্চলৈ গৈ মাত্র শালীনভাবে এখন চেলফিহে তুলিছিল যিটো ভিডিঅ’ত স্পষ্টকৈ পৰিলক্ষিত হৈছে। নিখিল দাসে যদি কিবা ভুলেই কৰিছিল প্রিয়ংকা ভৰালীয়ে বিহু আয়োজক সমিতিক নজনালে কিয় বা আইনৰ সহায় নললে,তাৰ বিপৰীতে এজন নিৰ্দোষী যুৱকক মঞ্চত ডিঙিত ধৰি গতিয়াই শাৰীৰিক অপদস্থ কৰি আইন হাতত তুলি ল’বলৈ ক’ত অধিকাৰ পালে প্ৰিয়ংকা ভৰালীয়ে বুলিও প্ৰশ্ন কৰে।সেয়ে এই সমগ ঘটনাৰ এক উচিত তদন্ত আৰু ন্যায় বিচাৰো। প্রিয়ংকা ভৰালীক যদি কোনোবাই অসভ্যালি কৰিছিল তেওঁ সেই সময়ত মাত কিয় নামাতিলে ? কিয় প্রতিবাদ নকৰিলে ? কিয় ইয়াৰ বিপৰীতে পৰৱৰ্তী সময়ত এজন নিৰ্দোষী যুৱকক মঞ্চত ৰাজহুৱাকৈ অপদস্থ, অপমানিত কৰাৰ ঘটনাক আমি কোনো কাৰণতে মানি ল’ব নোৱাৰো। প্ৰিয়ংকা ভৰালীয়ে কৈছে যে, তেওঁক কোনোবাই অভদ্রামী আৰু অসভ্যালি কৰিছে।কিন্তু আমি কওঁ যে প্রিয়ংকা ভৰালীয়েহে চাবুৱালৈ আহি নিজৰ অনুৰাগীক ডিঙিত ধৰি গতিয়াই অভদ্রামি, অসভ্যালিৰে অপসংস্কৃতি গঢ়ি থৈ গৈছে।আনহাতে প্রিয়ংকা ভৰালীয়ে উক্ত নিৰ্দোষী যুৱকজনক কৰা অপদস্থ, অপমানৰ ঘটনাৰ সন্দৰ্ভত কোনো অনুশোচনা বা ক্ষমা খোজা পৰিলক্ষিত নহ’ল। সেয়েহে কৈৱর্ত ছাত্র সন্থাই অনিচ্ছা স্বতেও প্রিয়ংকা ভৰালী ওপৰত গোচৰ দিবলৈ বাধ্য হৈছে। কোনোবাই কাৰোবাৰ আত্ম সন্মানকলৈ ল’ৰা-ধেমালি কৰিব, মই মতালি কৰিব, এনে ধৰণৰ ঘটনাক কৈৱৰ্ত্ত ছাত্ৰ সন্থাই কোনো কাৰণতে সহ্য নকৰে ইয়াৰ এক বিচাৰ হ’বই লাগিব আৰু এই ঘটনাক “অনুসূচিত জাতি জনজাতি অত্যাচাৰ নিবাৰণ আইন ১৯৮৯” অধীনত তদন্ত কৰি বিহিত ব্যৱস্থা ল’বলৈ আৰক্ষী প্ৰশাসনক দাবী জনাই আজি এক এজাহাৰ দাখিল কৰে বুলি বিজ্ঞপ্তিত প্ৰকাশ।