দেশৰ পৰা অনুপ্ৰৱেশকাৰীক বিচাৰি উলিয়াই বিতাড়ন কৰা হ’বঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী
ৰঙিলী বাৰ্ত্তাসেৱা- পশ্চিম বংগৰ বিজেপিৰ বিধায়িনী দলৰ বৈঠকত শুভেন্দু অধিকাৰীক নেতাৰূপে বাছনি কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ পাছত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহৰ প্ৰথমটো ভাষণত ৰাষ্ট্ৰীয় সুৰক্ষাৰ প্ৰসংগটোৱে গুৰুত্বসহকাৰে স্থান লাভ কৰে। তেওঁ কয়, ‘দেশৰ সুৰক্ষাৰ সৈতে কোনো ধৰণৰ আপোচ কৰা নহ’ব। প্রতিজন অনুপ্ৰৱেশকাৰীকেই বিচাৰি বিচাৰি উলিয়াই বিতাড়ন কৰা হ’ব।’ অমিত শ্বাহে স্পষ্টকৈ কৈ দিয়ে যে সোণাৰ বাংলা গঢ়াৰ লক্ষ্যত তেওঁলোক পশ্চিমবংগৰ ক্ষমতালৈ আহিছে। সেই সোণাৰ বাংলাত অনুপ্ৰৱেশকাৰীৰ কোনো ঠাই নাই গৃহমন্ত্ৰীগৰাকীয়ে সাৱধানবাণী শুনাই কয়, ‘বাংলাৰ জনসাধাৰণক আমি কথা দিছোঁ যে আগন্তুক ৫ বছৰত দেশখনৰ পৰা অনুপ্ৰৱেশকাৰীক বিচাৰি বিচাৰি উলিয়াই বিতাড়ন কৰা হ’ব।’ অনুপ্ৰৱেশ পশ্চিমবংগৰ এটা দীর্ঘদিনীয়া সমস্যা। বিজেপিৰ দীর্ঘদিনৰ অভিযোগ আছিল যে ৰাজ্যখনত তৃণমূল কংগ্ৰেছৰ ছত্ৰছায়াতেই অনুপ্ৰৱেশকাৰীহঁতৰ উৎপাত বৃদ্ধি পাইছে। ওলোটাই তৃণমূলৰ দাবী আছিল যে সীমান্ত সুৰক্ষাৰ ক্ষেত্ৰত বিএছএফৰ ব্যৰ্থতাই অনুপ্ৰৱেশৰ কাৰণ। সমস্যা হ’ল এই অনুপ্ৰৱেশকাৰীহঁতক সীমান্তত বাধা দিয়াৰ বাবে সীমান্ত ছীল হোৱাটো অত্যন্ত জৰুৰী। কিন্তু ইমান দিনে মাটিৰ সমস্যাৰ বাবে সেয়া সম্ভৱ হৈ উঠা নাছিল। এই সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্রীয়ে আশ্বাস দি কয়, ‘এইবাৰ পশ্চিমবংগৰ সীমান্ত ছীল হ’বই। সকলো অনুপ্ৰৱেশকাৰীকে বিচাৰি বিচাৰি উলিয়াই বিতাড়ন কৰা হ’ব।’ গৃহমন্ত্ৰীগৰাকীয়ে কয় যে ৰাষ্ট্ৰীয় সুৰক্ষাৰ সৈতে কোনো ধৰণৰ আপোচ কৰা নহ’ব। বহুতেই অভিযোগ কৰে যে বিজেপিয়ে এই অনুপ্ৰৱেশকাৰীৰ ইছ্যুটো উত্থাপন কৰে কেৱল মেৰু বিভাজনৰ বাবে, কিন্তু সেয়া সত্য নহয়। গৃহমন্ত্ৰীগৰাকীৰ দাবী-‘মেৰুকৰণ নহয়, বিজেপিয়ে এই অনুপ্ৰৱেশকাৰীহঁতৰ কথা কয় কেৱল ৰাষ্ট্ৰীয় সুৰক্ষাৰ বাবে। ৰাষ্ট্ৰীয় সুৰক্ষাৰ ক্ষেত্ৰত কোনো আপোচ কৰা নহ’ব।’ শ্বাহৰ স্পষ্ট কথা যে অনুপ্ৰৱেশকাৰীৰ বিচৰণভূমি হৈ থাকিবলৈ দিয়া নহ’ব পশ্চিমবংগক।শ্বাহে লগতে কয়, ভৱানীপুৰৰ জনসাধাৰণকো অশেষ ধন্যবাদ। শুভেন্দুৱে বিগত নির্বাচনত নন্দীগ্রামত মমতা দিদিক পৰাজিত কৰিছিল। দিদি আপোনাক এইবাৰ শুভেন্দু দাই আপোনাৰ ঘৰতে পৰাজিত কৰিলে। ভৱানীপুৰৰ জনসাধাৰণক অন্তৰৰ পৰা অশেষ ধন্যবাদ। এই জয়ৰ গুৰুত্ব দলৰ বিস্তাৰতে সীমিত হৈ থকা নাই।
ইয়াৰ গুৰুত্ব বিজেপি-এন ডি এৰ ২১সংখ্যক ৰাজ্যতে সীমিত হৈ থকা নাই।
