শপতগ্রহণ অনুষ্ঠানক লৈ খানাপাৰাত প্ৰশাসনৰ ব্যাপক প্ৰস্তুতি
ৰঙিলী বাৰ্ত্তাসেৱা- ঐতিহাসিক বিজয়ৰ পিছত একেৰাহে তৃতীয়টো কার্যকালৰ বাবে অসমত চৰকাৰ গঠন কৰিবলৈ সাজু হৈছে বিজেপি নেতৃত্বাধীন এনডিএ। বিৰোধীক ধৰাশায়ী কৰি একক সংখ্যাগৰিষ্ঠতাৰে তৃতীয়বাৰৰ বাবে ৰাজ্যৰ শাসনভাৰ লোৱাৰ বিশাল প্রস্তুতি চলাইছে বিজেপিয়ে। ইতিমধ্যে ৰাজ্যত তৃতীয়বাৰৰ বাবে বিজেপি চৰকাৰ গঠনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। বিজেপি আৰু ৰাজ্য প্ৰশাসনে শপতগ্রহণ অনুষ্ঠানক লৈ ব্যাপক আয়োজন কৰাৰ লগতে নিমন্ত্রিত অতিথিৰ আগমনক লৈও আৰম্ভ কৰিছে বিশেষ প্রস্তুতি। ১২ মে’ৰ শপতগ্রহণ অনুষ্ঠানত বিশেষ অতিথি হিচাপে উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও শীর্ষ পৰ্যায়ৰ নেতা। তাৰোপৰি শপতগ্ৰহণ অনুষ্ঠানত দেশৰ ২০খন ৰাজ্যৰ মুখ্যমন্ত্রী আৰু উপ-মুখ্যমন্ত্রীসকলকো আমন্ত্রণ জনোৱা হৈছে। নতুন চৰকাৰ গঠনৰ পূৰ্বে পদত্যাগ কৰি ভাৰপ্ৰাপ্ত মুখ্যমন্ত্রীৰ দায়িত্বত থকা ড° হিমন্ত বিশ্ব শৰ্মাই নিজে শপতগ্ৰহণৰ বিশাল অনুষ্ঠানটোৰ তদাৰক কৰি আছে । বৃহস্পতিবাৰে নিশাৰ পাছত শুকুৰবাৰে বিয়লি পুনৰ খানাপাৰাৰ খেলপথাৰত উপস্থিত ভাৰপ্ৰাপ্ত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই শপতগ্ৰহণ অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লয় । তেওঁ সংশ্লিষ্ট বিষয়াৰে সৈতে প্ৰস্তুতিৰ বিভিন্ন দিশৰ বুজ লয় । সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড° শর্মাই কয় দেওবাৰে পুৱা ১০ বজাত বিজেপিৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ’ব আৰু তাতে বিধায়িনী দলৰ নেতা নিৰ্বাচিত কৰা হ’ব । তাৰপিছত ১১ বজাত এনডিএৰ যৌথ বৈঠক অনুষ্ঠিত হ’ব আৰু সেই বৈঠকত এনডিএৰ নেতা নিৰ্বাচন কৰা হ’ব । সিদিনা ১২ বজাত ৰাজ্যপালক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ অনুমতি দিবলৈ অনুৰোধ জনোৱা হ’ব । ৰাজ্যপালে অনুমোদন দিয়াৰ লগে লগে চৰকাৰ গঠনৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব । ইফালে ১২ মে’ৰ পুৱা ভাগতে গুৱাহাটী বিমানবন্দৰত উপস্থিত হ’ব প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী। বিমান বন্দৰৰ পৰাই হেলিকপ্টাৰযোগে নাৰেংগীৰ সেনা বাহিনীৰ হেলিপেডত উপস্থিত হৈ তাৰ পৰাই পোনে পোনে খানাপাৰাৰ শপতগ্ৰহণ অনুষ্ঠানলৈ আহিব। আনহাতে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আৰু ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ১১ মে’ৰ নিশা অথবা ১২ মে’ৰ পুৱাই গুৱাহাটীত উপস্থিত হোৱাৰ সম্ভাৱনা আছে। মুখ্যমন্ত্রীগৰাকীয়ে পুনৰ কয়, শপতগ্ৰহণ অনুষ্ঠানত প্ৰায় ২০ খন ৰাজ্যৰ মুখ্যমন্ত্রী, উপ-মুখ্যমন্ত্রী উপস্থিত থকাৰ সম্ভাৱনা আছে । দেশৰ কেইবাগৰাকী উদ্যোগপতি অহাৰ সম্ভাৱনা আছে । অসমৰ সত্রাধিকাৰসকল অহাৰ কথা আছে । আনহাতে দলে দলৰ তৰফৰ পৰা ইতিমধ্যে আমন্ত্রণ জনাইছে নির্বাচিত পঞ্চায়ত প্রতিনিধিসকলক। তদুপৰি সমাৰোহত উপস্থিত থাকিব বিজেপি আৰু অগপৰ বুথ সভাপতিসকলৰ লগতে কেইবাগৰাকীও ৰাজ্যৰ বিশিষ্ট ব্যক্তি। ৰাজ্য প্রশাসনে ইতিমধ্যে সকলো নিমন্ত্রিত অতিথিক ১২ মে’ৰ দিনা খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰলৈ অনাৰ ব্যৱস্থা কৰিছে। শপতগ্রহণ অনুষ্ঠানৰ বাবে ইতিমধ্যে খানাপাৰাৰ খেলপথাৰত বিশাল ৰভা নিৰ্মাণ কৰা হৈছে। প্রায় এক লাখ লোক উপস্থিত থাকিব লগা এই শপতগ্রহণ অনুষ্ঠানৰ বাবে নিৰাপত্তা ব্যৱস্থাও কটকটীয়া কৰি তোলা হৈছে।
