লিমাৰিক – ৰশ্মি গগৈ

Pc Unsplash

লিমাৰিক

ৰশ্মি গগৈ,টেঙাখাত ,ডিব্ৰুগড়

(১)

জীৱনত বহুতো শিক্ষা লাভ কৰিলোঁ,
আনক সহায় কৰাতো বেয়া বুজিলোঁ,
স্বাৰ্থত তেল মালিছ,
কাম হ’লে পিঠি পাছ,
ভৱিষ্যতৰ বাবে মই শপত খালোঁ।
(২)

বছৰে যে বৰ অগাদেৱা কৰি আছে,
প্ৰয়োজনীয় কামবোৰেই থাকি গৈছে,
মন বোৰ ভাল নাই,
আছোঁ কেকাই-গেঠাই,
নতুন কাপোৰ যে পিন্ধাই নহ’য়ছে।