লিমাৰিক – মালবিকা দেৱী

Pc অসমীয়া ৱিকিপিডিয়া-Wikipedia

লিমাৰিক

মালবিকা দেৱী ,শোণিতপুৰ (হুগ্ৰাজুলি)

(১)
মৌ বিয়ালৈ ককাই দৈ কলহ নিছিল,
আধা বাটতে কলহটো ভাঙি থাকিল।
ম’হৰ গাখীৰৰ দৈ,
এৰি থৈ যায় কেনেকৈ।
হাচতিতে দৈ বান্ধি ককাই লৈ আহিল।

(২)
নয়নৰ মাকৰ মনটো আজি মৰা,
জীয়েক পলাই গ’ল দূৰণিৰ ল’ৰা।
আগতে নিদিলে বাধা,
পঢ়াতো আছিল গাধা।
কথাটো জানিছিল মাকে আগৰে পৰা।