প্ৰশান্ত কুমাৰ মহন্তলৈ আদ্য শ্ৰাদ্ধৰ শ্ৰদ্ধাঞ্জলি – অঞ্জু শাণ্ডিল্য

প্ৰশান্ত কুমাৰ মহন্তলৈ আদ্য শ্ৰাদ্ধৰ শ্ৰদ্ধাঞ্জলি 

অঞ্জু শাণ্ডিল্য, গুৱাহাটী

গুৱাহাটীত থকা আমাৰ ঘৰলৈ মনোজ কুমাৰ গোস্বামীৰ লগত এজন সুদৰ্শন যুৱক আহিছিল ।যুৱক জনক আমাৰ সৈতে চিনাকী কৰাই দি মনোজে কৈছিল, “এখেত প্ৰশান্ত কুমাৰ মহন্ত, মাজুলীত ঘৰ।আমি প্ৰকাশ কৰিবলৈ লোৱা মাজুলী গ্ৰন্থ খন সম্পাদনা কৰিছে ।”

যুৱক জনৰ সৈতে চিনাকী হৈ ভাল লাগিল ।অতি অমায়িক, নম্ৰ-ভদ্ৰ।এদিন ‘মাজুলী’ শীৰ্ষক বৃহৎ কলেৱৰৰ আকৰ্ষণীয় বেটুপাতৰ গ্ৰন্থ খন মনোজে আমাৰ হাতত তুলি দিছিল ।ইয়াৰ আগলৈকে মাজুলীৰ সকলো দিশ সামৰি গ্ৰন্থ প্ৰকাশ হোৱা নাছিল ।প্ৰশান্ত কুমাৰ মহন্তৰ সম্পাদনাত এখন উৎকৃষ্ট গ্ৰন্থ অসমৰ ৰাইজে লাভ কৰিলে ।২০০৬চনত ‘ফ্ৰেঙ্কফুৰ্ট বিশ্ব গ্ৰন্থ মেলা’লৈও ‘মাজুলী’ গ্ৰন্থ খন নিৰ্বাচিত হৈছিল ।আমাৰ আনন্দৰ সীমা নাছিল ।’আজিৰ দৈনিক বাতৰি ‘কাকতত লিখিছিলো, ‘ফ্ৰেঙ্কফুৰ্টলৈ মাজুলী’ শীৰ্ষক প্ৰৱন্ধ এটা ।তাৰ পাছত বিভিন্ন সময়ত ‘মাজুলী’ গ্ৰন্থ খনৰ কথা আন আন লেখাত উল্লেখ কৰিছো।’মাজুলী’ গ্ৰন্থ খনৰ যোগেদি আমাৰ যোৰহাটৰ ঘৰ খনৰ লগত প্ৰশান্ত কুমাৰ মহন্তৰ এক মধুৰ সম্পৰ্ক গঢ়ি উঠে ।ভাইটি দুটাৰ বিয়াত তেখেতে দিহা -পৰামৰ্শ দি সহায় কৰিছিল ।ইতিমধ্যে তেখেত বিবাহ পাশত আৱদ্ধ হৈছিল আৰু সপত্নীক দুয়োকে আমাৰ ঘৰত দেখিছিলো।আমাৰ সৰু ভাইটিৰ দৰাধৰাও হৈছিল ।আমাৰ ‘পঞ্চমী’ শীৰ্ষক শিশু উপন্যাস খনো তেখেতে যোৰহাটত উন্মোচন কৰিছিল ।২০২৫চনৰ৬জুনত আমাৰ ডাঙৰ দাদা দিলীপদাৰ আদ্য শ্ৰাদ্ধৰ দিনা যোৰহাটৰ ঘৰত লগ পাইছিলো ।ভবা নাছিলো, সেইবাৰেই শেষ দেখা হব!১মে’ৰ দিনা যোৰহাটৰ পৰা ভাইবোৱাৰী কবিতাই থোকাথুকি মাতেৰে ৰাতিপুৱাৰ সময়ত জনাইছিল,সেই হৃদয় বিদাৰক বাতৰি “অঞ্জু বাইদেউ, প্ৰশান্ত কুমাৰ মহন্তৰ অন্তিম সময়! “

কবিতাৰ কথাই মন বিষাদেৰে ভৰাই তোলে ।তেওঁ থুলমূলকৈ চেন্নাইৰ হস্পিতেলত চিকিৎসা চলি থকাৰ কথা জনালে। মাজুলীৰ এলেঙী নৰসিংহ সত্ৰত ১৯৬৩চনত জন্ম হোৱা প্ৰশান্ত কুমাৰ মহন্তৰ বয়সনো কিমান! কিন্তু শেহতীয়াকৈ স্নায়ুৰোগৰ সৈতে আন কেইবাটাও ৰোগৰ আক্ৰমণৰ বাবে ১মে’ৰ ৰাতিপুৱা মৃত্যু বৰণ কৰে। ১৯৮৮ চনত ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰাৰ লগতে সাংবাদিকতা বিষয়তো ডিগ্ৰী অৰ্জন কৰিছিল ।’মৌচাক’ আলোচনী খনৰ লগত কেইবা বছৰ জড়িত আছিল।’দৈনিক জনমভূমি’কাকতৰো উপ -সম্পাদক দায়িত্ব পালন কৰা প্ৰশান্ত কুমাৰ মহন্তৰ সম্পাদনাত এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ ‘সাংবাদিকতা’ প্ৰকাশ হৈছিল। যিখন গ্ৰন্থ ডিব্ৰুগড় বিশ্ববিদ্যালয়ে স্নাতকোত্তৰ শ্ৰেণীৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰে।’অনুসন্ধান’, ‘উন্মীলন’ , ‘সূত্ৰধাৰ’ আলোচনী সম্পাদনা কৰিছিল।কেইবা খনো গ্ৰন্থ লিখি থৈ গল- ‘জোৱান অব আৰ্ক’,’আনন্দ ৰাম ঢেকিয়াল ফুকন’ , ‘ৰঙবিৰঙৰ সাধু’, ‘কুইজ আৰু কুইজ ‘ , ‘গ্লৰি অব লাইফ’ ,’নোবেল বঁটাৰ কথা ‘ইত্যাদি। তেখেতে মাত্ৰ লেখা -মেলাত মনোনিবেশ কৰিছিল, সেইটো নহয় যোৰহাটৰ পৰা তিতাবৰৰ বৰহোলা উচ্চতৰ বিদ্যালয়ৰ অন্যক্ষৰ গুৰু দায়িত্ব পালন কৰিছিল ।মৃত্যুৰ এমাহ আগতে অৱসৰ গ্ৰহণ কৰিছিল ।২০২৪ চনত ৰাজ্যিক কৃতি শিক্ষকৰ বটা লাভ কৰা মহন্তদেৱে শেহতীয়াকৈ ‘মৌচাক ‘শিশু আলোচনী খনৰ সম্পাদক শান্তনু তামূলীদেৱৰ শিশু সাহিত্য সম্পৰ্কে ‘শান্তনু তামূলীৰ শিশু সাহিত্য’ শীৰ্ষক গ্ৰন্থ খন সম্পাদনা কৰিছিল ।যোৰহাটৰ বিভিন্ন অনুষ্ঠানৰ সৈতে জড়িত প্ৰশান্ত কুমাৰ মহন্তৰ অন্তিম যাত্ৰাত অগনন লোকে অংশগ্ৰহণ কৰিছিল ।বহুত কাম আধৰুৱা হৈ ৰ’ল।’গ্ৰন্থ -সংস্কৃতি’ যোৰহাটৰ আগশাৰীৰ প্ৰকাশনৰ স্বতাধিকাৰী মনোজ কুমাৰ গোস্বামীৰ লগত আৰু কিছু কাম কৰিবলৈ লৈছিল; কিন্তু তেখেতৰ অকাল মৃত্যু হোৱাৰ বাবে আধৰুৱা হৈ আছে ।পত্নী বৰ্ণালী মহন্ত, দুটি সন্তানক কি বুলি সান্ত্বনা দিম!আজি আদ্য শ্ৰাদ্ধৰ বাবে শ্ৰদ্ধাঞ্জলি জনাইছো আৰু মৃতকৰ আত্মাই সদ‌গতি লাভ কৰাৰ বাবে ভগবানৰ ওচৰত প্ৰাৰ্থনা জনাইছো ।