নীৰৱ -সূৰুযমুখীৰ কাহিনী – নাচিমা য়াচমিন

PC Pinterest

 নীৰৱ -সূৰুযমুখীৰ কাহিনী

নাচিমা য়াচমিন,বিশ্বনাথ চাৰিআলি

 উত্তৰ পূৰ্বাঞ্চলৰ বুকুত, পাহাৰৰ নীৰৱ সেইজীখিনিৰ মাজত জীয়াই থকা এখনি সৰু গাঁও। গাঁওখনৰ এমূৰেদি অবিৰত সোঁতত বৈ গৈছে গাঁওবাসীৰ জীৱন নিৰ্বাহৰ এটি প্ৰধান উৎসস্বৰূপ নৈখন। বাৰিষাত উফন্দি উঠা নৈখনে যদিওঁ গাঁওবাসীৰ জীৱন কষ্টকৰ কৰি তোলে তথাপিও বাকী সময়ত নদীৰ পৰা ভালেখিনি লভান্বিত হয়। নদীৰ পানীৰ পলসুৱা মাটিত খেতি -বাৰী কৰি প্ৰায়সংখ্যক মানুহে জীৱন নিৰ্বাহ কৰে। মূলতে গাঁওখনৰ মানুহৰ প্ৰধান জীৱিকা কৃষি।

              সেউজখিনিৰ মাজত শাৰী- শাৰীকৈ ওখকৈ সজা কাঠৰ ঘৰবিলাক, ঘৰৰ সন্মুখত বগা ৰং কৰা বাঁহ, কাঠৰ জপনা, এখনিকৈ ফুলনি বাগিচা — মুঠতে প্ৰকৃতিয়ে যেন নিজৰ অন্তৰ খুলি গাঁওখনক সৌন্দৰ্য্যৰে ভৰাই তুলিছে। য’ত প্ৰতিটো ৰং সেউজীয়া, প্ৰতিটো শব্দ নীৰৱতা, আৰু প্ৰতিটো মুহূর্ত এক অনুচ্চাৰিত অনুভৱ।

                 পুৱা কুঁৱলিৰ পাতল আৱৰণে গাঁওখনক যেন সপোনৰ দৰে ঢাকি ৰাখে। সূৰ্যৰ ৰঙচুৱা কিৰণে লাহে লাহে সেই কুঁৱলিভাগক আঁতৰাই দি  গাঁওখনৰ  সৌন্দৰ্য্য মানৱ চক্ষুত ছটিয়াই দিয়ে। আৰম্ভ হৈ যায় দৈনন্দিন জীৱনৰ কাহিনী।

 :” বৃষ্টিমা,,, বৃষ্টিমা, ” — পঞ্চল্লিছ বয়সৰ উৰ্দ্ধৰ মানুহ এজনে নিজৰ কন্যাক মাতি পঠিয়াইছে। মেঘৰ ক’লাখিনিয়ে আকাশখন আগুৰি ধৰিছে যেন। বৰষুণ

 ভূ -পৃষ্ঠত যিকোনো মুহূৰ্তত পৰো পৰোকৈ আছে। এনে সময়ত এজন পিতৃৰ দায়িত্ব – নিজৰ সন্তানক এখনি সুৰক্ষিত ঠাইত ৰখাটো। তদুপৰি সন্তান যদি বৃষ্টিৰ দৰে উৎপতিয়া স্বভাৱৰ হয় তেন্তে ভয় -শংকাখিনি দুগুনে বৃদ্ধি পায়।

                   বৃষ্টিৰ পিতাৰ জন্মস্থান অসম। তেওঁ পঁচিশ বছৰ আগতেই এইখন পাহাৰীয়া অঞ্চলৰ বাসিন্দা হৈছিলহি। হৃদয়ত অকথ্য বেদনাখিনিক লুকুৱাই ৰাখি বৃষ্টিক বুকুচাত সুমুৱাই লৈ তেওঁ  অত বছৰে খুব

 সহজ -সৰল জীৱন এটি নিৰ্বাহ কৰি থাকিল।

                 গাঁওখনৰ সাধাৰণ মানুহৰ মাজত ডাঙৰ বিলাসী গাড়ী এখন অহা মানেই যেন এক চৰ্চাৰ বিষয়। দুই বছৰ আগতে এনে এক ঘটনা ঘটিছিল, যেতিয়া কোনোবা উদ্যোগপতিয়ে আহি ঠাইখিনিত কিবা এক ফেক্টৰি নিৰ্মাণৰ বাবে উঠি পৰি লাগিছিল। কিন্তু তেওঁলোক সাধাৰণ মানুহৰ বিশ্বাস আৰু একতাৰ আগত হাৰ মানি লৈ নিৰাশ মনেৰে উভতি গৈছিল। আজিও বগা গাড়ী এখন আহি গাঁওখনৰ পদূলিমুখত উপস্থিত হৈছে। ভাগ্যে বতৰ বেয়া নতুবা গাড়ীৰ আগমণে গাঁওবাসীক চিন্তিত কৰি তুলিলেহেঁতেন।

                    প্ৰায় বিঘামান মাটিত বেলিফুল ফুলি আছে। বতাহৰ চেও ধৰি হালধীয়া ৰঙখিনিও হালি- জালি কৈ নাচি আছে। বেলি ফুলৰ বাগিচাত এজনী দ্বীপ -লিপ পখিলা, নিজৰ পিন্ধনত থকা গোলাপী দুপাত্তাখন উৰুৱাই দিছে। প্ৰাণ খুলি বতাহজাকত নিজকে বিলীন কৰি দিছে। এই দৃশ্য তেনেই সাধাৰণ যদিওঁ গাড়ীৰ ভিতৰত থকা এযোৰ চকুক বাধ্য কৰাইছে তবধ দৃষ্টিত চাই থাকিবলৈ। এই দৃশ্যই গাড়ীৰ গতিবেগ কমাই অৱশেষত ইঞ্জিন বন্ধ কৰাবলৈ সক্ষম হয়।

                     কাষৰ চিটত বহি থকা মাকৰ চকুৱে ডেকা পুত্ৰৰ মনোভাৱ ঠিকেই পঢ়িব পাৰিলে। তেওঁ মনে মনে হাঁহিটি মাৰিলে। যিজন ল’ৰাই ছোৱালীৰ নাম পৰ্য্যন্ত শুনিব নুখোজে, বিয়া পাতি সংসাৰত আৱদ্ধ হৈ পৰাৰ দৰে ভুল কাম সি কৰিব নিবিচাৰে। মানৱ সেৱাই তাৰ একমাত্ৰ লক্ষ্য। চহৰৰ নামি দামী চিকিৎসালয়ৰ মোটা অংকৰ দৰমহাই তাক আনন্দিত কৰিব নোৱাৰে।  যিবোৰ অঞ্চলত এজন ভাল ডক্তৰৰ সবাতোকৈ বেছি প্ৰয়োজন ,সুস্থ সমাজ এখন গঢ়ি তুলিব পৰাকৈ। সি তেনে ঠাইত হে গৈ থিতাপি ল’ব। সেয়ে মাকক সি সদায়

 কয় -” মা বেগ এটা সদায় সামৰি ৰাখিবা, কেতিয়া প্ৰয়োজন হয় ঠিক নাই।” এইবাৰো বদলি হৈ সি সেউজ পৰিৱেশৰ মাজত মাকক লগত লৈ উপস্থিত হৈছেহি। সি তো জনা নাছিল, এই যাত্ৰাই তাৰ জীৱনৰ অন্যতম অধ্যায়টিক লিখিত কৰি ৰাখিছে।

                সি ওলাই আহে গাড়ীৰ ভিতৰৰ পৰা। একে দৃষ্টিত চাই আছে অচিন ঠাইৰ চিনাকী যেন লগা যুৱতীগৰাকীৰ ফালে। লগত অনা কেমেৰাটোত সি অগণন ফটো সংগ্ৰহ কৰিও ৰাখিলে। অনুমতি লোৱাৰ প্ৰয়োজনবোধ নকৰিলে যেন তাৰ অস্থিৰ মনে। এনে লাগিল যেন নিজৰ মানুহৰ পৰা অনুমতি লোৱাৰ কি দৰকাৰ,,,,

                 অলপতে বৰষুণজাক আহি দুয়োকে তিয়াই পেলালে। মাকে গাড়ীৰ ভিতৰৰ পৰা চিঞৰিছে —

:” আবিৰ, বৰষুণ দিছে, ভিতৰলৈ সোমাই আহা। “

              আবিৰৰ কাণে মাকৰ চিঞৰ  শুনি পাইছে নে নাই তাৰ কোনো ঠিক নাই। বৰষুণজাকত তিতি আছে মাথোঁ আবিৰ, বৃষ্টি আৰু বেলিফুলৰ বাগিচাখন।

                বেলিফুলৰ হালধীয়াখিনিয়ে মাকক উৰুৱাই লৈ যায় নিজৰ অতীতৰ বাগিচাখনিলৈ। সেই হালধীয়া সপোনখিনি, প্ৰিয় ব্যক্তিগৰাকীৰ এটি এটি শব্দই তেওঁক আজিও কল্পনাৰ মহাসাগৰত ডুবাই মাৰে। নিজৰ চচমাযোৰ খুলি তেওঁ চকুৰ কোণত থকা অতীতৰ বিষাদটোপাল তৎক্ষণাৎ মচি পেলায়। সন্তানৰ চকুত ধৰা পৰিব নিবিচাৰে তেওঁ। পুৰি এঙাৰ হোৱা হৃদয়খনৰ ব্যেথা একমাত্ৰ তেওঁৰ ডায়েৰীখনে হে বুজে।

               বৃষ্টিৰ চকুত ধৰা পৰি যায় আবিৰ। তাই বাগিচাখনৰ পৰা দৌৰি পলাই যায়।ঠিক কাষেৰে পাৰ হৈ যোৱা তাইৰ শৰীৰৰ সুবাসে আবিৰক আগতকৈ বেছি ভয়ংকৰভাৱে আকৰ্ষিত কৰি তুলিলে। তাই নেদেখা হোৱালৈকে আবিৰে এক দৃষ্টিত তাইৰ ফালে চাইয়েই থাকিল। ঘাঁহনিৰ সেইজীখিনিত জিলিকি থকা বগা মুকুতাৰ চিহ্নটিক দেখি সি হাতৰে তুলি লয়। দৌৰি পলাই যাওঁতে তাইৰ ভৰিৰ এপাত পায়েল সৰি পৰিছিল। এইয়া যেন নিয়তিৰ প্ৰথম ইংগিত, আবিৰৰ মনত ভালপোৱাৰ বীজ ৰোপিত কৰিবলৈ।

                     বৰষুণজাক লাহে লাহে গভীৰতা সানি নামি আহিব ধৰে। আবিৰহত থকা ক’টেজখন অলপ দূৰণিত আছে। সেই সুযোগতে সি মাকক উপদেশ দিয়ে —

:” মা, এটা কাম কৰিলে কেনে হয়? ওচৰৰ মানুহ এঘৰত অলপ সময় ৰৈ বৰষুণ কমিলে আমাৰ ঘৰলৈ যাব পাৰিম। তুমি কি কোৱা?”

               মাকে তাৰ মনৰ কথা বুজি পাই হয়ভৰ দিলে। সি যি দিশে মুখ কৰি কথাষাৰ কৈ আছিল তাৰ উদেশ্য এই যে ছোৱালীজনীৰ ঘৰলৈ যাব বিচাৰিছে সি। তাৰ চকুৱে তাইক আকৌ এবাৰ দেখিবলৈ ইচ্ছা কৰিছে। তাইৰ বিষয়ে জানিব বিচাৰিছে।

                  মাকৰ পৰা অনুমতি লৈ সি গাড়ীখন চাইডত ৰখাই আহি ছোৱালীজনীৰ পদূলিৰ ফালে আগবাঢ়ে। যিমানেই কাষ চাপি আহিছে তাৰ হৃদয়ৰ কম্পন সিমানেই বৃদ্ধি আৰু ঘন হৈ পৰিছে।আগেয়ে কেতিয়াও এনে অনুভৱ কৰা নাছিল সি। এই অনুভৱ অনন্য।

                  মাকৰো অৱস্থাও যেন একেই। তেওঁৰ মনে যেন পুৰণি সুগন্ধি এটিক অনুভৱ কৰিব পাৰিছে। কাঠৰ দুৱাৰখনত দুবাৰমান টোকৰ মাৰি দিয়াত দুৱাৰখন ভিতৰৰ পৰা খোল খালে। মাকে বৰষুণৰ পানীৰে তিতি থকা শাৰীখন অলপমান চেপি পানী শুকোৱাৰ চেষ্টা কৰিছে। চুলিৰ খোপাটি প্ৰায় খুলি পৰিছে।

               এটি গভীৰ কণ্ঠস্বৰ ভাঁহি আহিলে—

:” কাক বিচাৰিছে বাবা? “

                মাকৰ হৃদয়ৰ স্পন্দন মূহুৰ্তৰ বাবে থমকি ৰয় যেন। খুলি পৰা খোপাটিৰ চুলিখিনিক আঁতৰাই মূৰ দাঙি সমুখত থকা মুখখন এবাৰ চাবলৈ চেষ্টা কৰিলে। কিন্তু শৰীৰে শক্তি যোগান ধৰিব পৰা হে নাই।

 :” বে,,,লি,,,,, তুমি?”

               মুখা মুখি হোৱাৰ সাহস ক’ত পায় তেওঁ? যিগৰাকী ব্যক্তিক এদিন পৰ কৰি অন্য পুৰুষৰ নামত সেন্দুৰ পিন্ধি লৈছিল,  ৰাখিছিল নে এই মানুহজনৰ খবৰ? তেওঁ জীয়াই আছে নে নাই এই খবৰো পোৱা নাছিল।

 ধৰ্ম – ধৰ্ম জানো সঁচা ভালপোৱাতকৈও ডাঙৰ? এজনী আদৰ্শ কন্যা হ’বলৈ নিজৰ ভালপোৱাক ত্যাগ কৰাটো জানো উচিত? ধৰ্মৰ নামত বিবাদ, মাক -দেউতাকৰ ঋণৰ আগত তেওঁ হাৰ মানি লৈছিল , নিজৰ ভালপোৱাক জ্বলন্ত চিতাত তুলি দি এজনী আদৰ্শ কন্যাৰ পৰিচয় দিছিল। তেওঁ হয়তো এগৰাকী ভাল সন্তান ৰূপে পৰিচিত হৈ পৰিছিল।  কিন্তু নিজৰ আগত, নিজৰ ভালপোৱাৰ আগত আজীৱন তেওঁ এগৰাকী প্রতাৰক। সেই শাস্তিস্বৰূপ যেন তেওঁৰ আজিৰ এই উকা কপালখন। বিয়াৰ দুবছৰ পাছতে তাই বিধবা হৈ পৰিছিল।

                   আজি প্ৰায় পঁচিছ বছৰ পাছত প্ৰথম ভালপোৱা আজি তেওঁৰ সমুখত। তেঁওলোকৰ মাজত দূৰত্ব তেনেই কম ,কিন্তু অন্তৰৰ অভিমানখিনি যেন নৈৰ দৰেই অবিৰত।

:” বেলি, আহা ভিতৰলৈ আহা। “

                     মাক -পুতেক দুয়ো ভিতৰলৈ সোমাই যায়। পুত্ৰই নিজৰ সপোনকন্যাক আকৌ এবাৰ দেখিলে আৰু মাকে নিজৰ অন্তৰত গোপনে লুকুৱাই ৰখা আপোন ব্যক্তিগৰাকীক।

                   দেউতাকে বৃষ্টিক শাৰী এখন আনি দিবলৈ ক’লে।আকাশী নীলা শাৰীত যৌৱন কালৰ প্ৰেমিকাক দেখি মনটো যেন যৌৱনলৈ উৰা মাৰিলে। এৰা, সময় বৰ সোনকালে পাৰ হৈ যায়।।

                 সৰুকৈ কিৎচেনখনৰ খিৰিকিৰে দেখি পোৱা বেলিফুলৰ বাগিচাখনৰ ফালে আঙুলিয়াই নন্দিনীয়ে নাদিৰক সুধিলে —

:” নীৰৱ, বেলিফুলৰ বাগিচাখন তোমাৰ নি?”

:” হয়, মোৰ। কোনোবাই এদিন এনেকুৱা এখনি বাগিচা বিচাৰিছিল মোৰ পৰা। অত বছৰে এই বাগিচাখনে আৰু বৃষ্টি মাই মোক বচাই ৰাখিছে। “

              নন্দিনীয়ে একো কোৱাৰ ভাষা বিচাৰি পোৱা নাই। কি ক’ব তেওঁ – আচৰিত হৈ মানুহজনৰ ফালে চাই থাকিল মাত্ৰ। সেই একেই  গম্ভীৰ মুখ , একেই উজ্জ্বল চকুযোৰ, মাথোঁ পাৰ্থক্য সময়ৰ, বয়সৰ। বয়সৰ চাপ তেওঁৰ বগা গালদুখনিত পৰিছে। মূৰৰ চুলি আৰু দাড়িয়ে বগা ৰং সানিছে।

:” তুমি একেই আছা নীৰৱ, মাথোঁ দাড়ি চুলিবিলাক পকিছে।” — কৈ তাই মুখ টিপি হাঁহিলে , যেন অতীতৰ সেই ওঠৰ বছৰীয়া গাভৰুজনী।

:” পিছে, তুমি কিন্তু কলেজৰ গাভৰুজনী হৈয়ে আছা দেই। সুন্দৰী গাভৰু জনী।  মোক প্ৰেমত বলিয়া কৰাজনী।”

        মূহুৰ্তত নীৰৱতাই গ্ৰাস কৰিলে ঠাইখিনিক।

প্ৰায় পঁচিশ বছৰৰ আগত ,,,,,,

: “I want to grow like a sunflower” — নন্দিনী অৰ্থাৎ নীৰৱৰ বেলিয়ে এদিন নাদিৰক কৈছিল।

 সি কৌতুহলৰে সুধিছিল —:” বেলিফুলেই কিয়?”

: ” Because in silence it always turns towards light “— তাই হাঁহি এটি পিন্ধি উত্তৰ দিছিল।

          অত বছৰ পাছতো বেলি – নীৰৱৰ ভালপোৱা জীয়াই থাকিল এই বেলিফুলৰ বাগিছাখনিত। প্ৰেম পুৰণি নহয়, ক্ষয়ও নহয়। ই সদায় চলাচল কৰে প্ৰেমিক প্ৰেমিকাৰ সিৰা- উপসিৰাৰ মাজেৰে।

             বেলি – নীৰৱৰ মিলন যদিওঁ সম্ভৱ নহ’ল, কিন্তু পঁচিছ বছৰ পাছতো বেলিফুলৰ বাগিচাখনে আজিও হালধীয়া সপোন এমুঠি সোঁৱৰাই দিয়ে।