প্ৰত্যাশিত ৰাগ! – নিৰঞ্জন ঠেঙাল 

PC Unsplash
অপ্ৰত্যাশিত ৰাগ!
নিৰঞ্জন ঠেঙাল 
এযোৰ কাজলহীনা চকুৱে
মোৰ নয়নযোৰীক স্তব্ধিত কৰি তুলিলে,
বুকুখন শিয়ঁৰি উঠিল,
কপঁনি এটিয়ে জুকাৰি গ’ল সৰ্ব শৰীৰ!
কিন্তু কিয়???
লগে লগে ঘূৰি চালো,
আকৌ জ্ঞাতাৰ্থেই ডুবাই দিলোঁ
আন এযোৰ চকুত মোৰ নয়ন!
কিন্তু….
সেই শিহৰণচোন তাত অনুপস্থিত!
মনৰ ভিতৰত চেঁচা এটি পৰশ বগাই গ’ল….
ধপধপাই স্পন্দিত হ’ব ধৰা বুকুখন লাহে লাহে ঠাণ্ডা হ’ল!
আঁতৰাই আনিলোঁ নিজক ;
নামি গ’ল চকুযোৰী নিজেই নিজেই
অভাৱী হৃদয়ৰ শূণ্য ঠাইকণ আজি যেন পুৰ হৈ পৰিল……
কিন্তু এনেকৈ?
তেনেতে মনটোৱে ক’লে –
অচিনাকি ঠাই, চিনাকি চাৱনি!
তেজবিহীন হ’লেও তেওঁ হৃদয়ৰ আপোন কিজানি!