ব্ৰাহ্মণৰ পৰিয়ালত কলিতা বোৱাৰী
হেৰম্ব নাথ
প্ৰেমক মান্যতা প্ৰদান কৰিয়েইহোমৰ গুৰিত বহিছিলোঁকিন্তু আজি মই নিৰ্যাতিতা কিয় মই বাৰে বাৰে নিৰ্যাতিতাকি ভুল আছিলমানুহক ভাল পোৱাটোমই কোনোদিনে কোৱা নাছিলোঁমোক বিয়া কৰাই লৈ নোযোৱা কিয় বুলিযদি মই বেদৰ বাহিৰৰ ছোৱালী তেন্তে ধৰ্মশাস্ত্ৰবোৰো বেলেগ বেলেগ হ'ব লাগিছিল তেজৰ ৰঙ একে কিয়--- প্ৰেম অন্ধ নহয়মানুহৰ বিবেকৰ ভুলৰ বাবেই প্ৰেমৰ বদনাম হয়মানসিকতা-বিবেচনাৰ বাবেইপ্ৰেমে হতাশা বৰণ কৰেউচ্চ বৰ্ণৰ ল'ৰাৰ প্ৰেমৰ প্ৰস্তাৱকনতশিৰে গ্ৰহণ কৰাটো কি ভুল আছিল?দুখন হিয়াৰ মিলনতউচ্চ-নিম্নৰ ভেদাভেদৰ প্ৰাচীৰ গঢ়ি উঠে কিয়একেই আকাশ একেই বায়ু একেই পানীএকেই পৃথিৱী তথাপি এলান্ধুকুলীয়া মনোভাৱমানৱতা ক'তভালপোৱা ক'তমৰম-চেনেহ ক'তসামাজিকতা ক'তভাতৃত্ববোধ ক'তএকতা ক'তসংস্কাৰ ক'তসনাতনী সত্তা ক'তকেৱল অভিধানৰ পাততেই লিপিবদ্ধ থাকিব চাগে?!হে জীৱশ্ৰেষ্ঠ প্ৰাণী মানুহ!অন্তৰাত্মাক পৱিত্ৰ কৰি ৰাখ'একতা-ভাতৃত্ববোধ-মৰম-চেনেহ-ভা লপোৱাৰে......নহ'লে প্ৰজন্মই শিকিব কি?