দ্বাদশ শ্ৰেণী যিকোনো শাখাত উত্তীৰ্ণ হোৱাৰ পাছত অধ্যয়ন কৰিব পৰা বিষয়সমূহ
ড° বুলজিৎ বুঢ়াগোহাঁই
কেৰিয়াৰ পৰামৰ্শদাতা তথা
মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ,
অসম ডন বস্ক’ বিশ্ববিদ্যালয়
দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পাছত বহু শিক্ষাৰ্থীয়ে এনে ধাৰণা কৰে যে তেওঁলোকে নিজৰ শাখা, বিজ্ঞান, কলা বা বাণিজ্য অনুসৰিয়ে কেৱল আগবাঢ়িব লাগিব। কিন্তু বৰ্তমান সময়ত এই ধাৰণা বহুখিনি সলনি হৈছে। এতিয়া বিভিন্ন বিষয় আৰু পাঠ্যক্ৰম সকলো শাখাৰ শিক্ষাৰ্থীৰ বাবে মুকলি হৈছে। সঠিক দিশনির্দেশনা আৰু সুসংগঠিত পৰিকল্পনা থাকিলে, শিক্ষাৰ্থীয়ে নিজৰ আগ্ৰহ আৰু দক্ষতাৰ ওপৰত ভিত্তি কৰি যিকোনো ক্ষেত্ৰত সফলভাৱে আগবাঢ়িব পাৰে। তলত এনে কিছুমান পাঠ্যক্ৰমৰ বিষয়ে আলোচনা কৰা হৈছে যিবোৰ দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পাছত যিকোনো শাখাৰ শিক্ষাৰ্থীয়ে অধ্যয়ন কৰিব পাৰে ।
বৰ্তমান সময়ত আটাইতকৈ বেছি চাহিদা থকা ক্ষেত্ৰসমূহৰ ভিতৰত অন্যতম হৈছে- কম্পিউটাৰ আৰু তথ্য প্ৰযুক্তি । ডিজিটেল যুগত এই ক্ষেত্ৰত দক্ষতা অৰ্জন কৰিলে শিক্ষাৰ্থীৰ বাবে বহুমুখী সুযোগ সৃষ্টি হয়। এই ক্ষেত্ৰত অধ্যয়ন কৰিব পৰা পাঠ্যক্ৰমসমূহ হৈছে- বিচিএ (বেচেলৰ অৱ কম্পিউটাৰ এপ্লিকেচন), বি.এছ.চি. আইটি বা কম্পিউটাৰ চায়েন্স, ডিপ্ল’মা ইন ছফ্টৱেৰ ডেভেলপমেন্ট, ডাটা চায়েন্স , আৰ্টিফিচিয়েল ইন্টেলিজেন্স আদি। এই পাঠ্যক্ৰমসমূহ সম্পূৰ্ণ কৰাৰ পিছত শিক্ষাৰ্থীয়ে ছফ্টৱেৰ ডেভেলপাৰ, ৱেব ডেভেলপাৰ, ডাটা এনেলিষ্ট, চাইবাৰ ছিকিউৰিটি এক্সপাৰ্ট আদি হিচাপে নিজৰ কেৰিয়াৰ গঢ়ি তুলিব পাৰে।
ডিজাইন আৰু সৃজনশীল ক্ষেত্ৰ সেইসকল শিক্ষাৰ্থীৰ বাবে এক উত্তম বিকল্প যাৰ সৃজনশীল চিন্তা, কল্পনাশক্তি , নতুন ধৰণৰ ভাবনা আদিৰ প্ৰতি আগ্ৰহ আছে। বৰ্তমান সময়ত এই ক্ষেত্ৰৰ গুৰুত্ব বহুগুণে বৃদ্ধি পাইছে, বিশেষকৈ ডিজিটেল মিডিয়া আৰু বিনোদন উদ্যোগৰ বিকাশৰ সৈতে। এই ক্ষেত্ৰত অধ্যয়ন কৰিব পৰা পাঠ্যক্ৰমসমূহৰ ভিতৰত আছে – বেচলৰ অৱ ডিজাইন (বি.ডিজাইন ), গ্ৰাফিক ডিজাইন, এনিমেশ্যন আৰু ভিএফএক্স, ইউআই/ইউএক্স ডিজাইন, ফিল্ম মেকিং, মাচ কমিউনিকেচন আদি। এই পাঠ্যক্ৰমসমূহ সম্পূৰ্ণ কৰাৰ পিছত শিক্ষাৰ্থীয়ে ডিজাইনৰ, এনিমেটৰ, কণ্টেণ্ট ক্ৰিয়েটৰ, ভিডিঅ’ এডিটৰ , ক্ৰিয়েটিভ ডাইৰেক্টৰ আদি হিচাপে কেৰিয়াৰ গঢ়ি তুলিব পাৰে।
ব্যৱসায় আৰু পৰিচালনা ক্ষেত্ৰ যিকোনো শাখাৰ শিক্ষাৰ্থীৰ বাবে এক বহুল সম্ভাৱনাময় দিশ, য’ত তেওঁলোকে নিজৰ নেতৃত্ব দক্ষতা, সংগঠন ক্ষমতা আৰু সিদ্ধান্ত লোৱাৰ সামৰ্থ্য বিকাশ কৰিব পাৰে। বৰ্তমানৰ প্ৰতিযোগিতামূলক বিশ্বত এই ক্ষেত্ৰৰ চাহিদা দ্ৰুতগতিত বৃদ্ধি পাইছে। এই ক্ষেত্ৰত অধ্যয়ন কৰিব পৰা পাঠ্যক্ৰমসমূহৰ ভিতৰত আছে- বিবিএ (বেচেলৰ অৱ বিজনেছ এডমিনিষ্ট্ৰেচন), বিএমএছ (বেচেলৰ অৱ মেনেজমেন্ট ষ্টাডিজ), বেচেলৰ ইন এনট্ৰেপ্ৰেনিউৰশ্বিপ আদি । এই পাঠ্যক্ৰমসমূহ সম্পূৰ্ণ কৰাৰ পিছত শিক্ষাৰ্থীয়ে মেনেজাৰ, এনট্ৰেপ্ৰেনিউৰ , মাৰ্কেটিং এক্সিকিউটিভ , এইচ আৰ প্ৰফেছনেল আদি হিচাপে কেৰিয়াৰ গঢ়ি তুলিব পাৰে।
মানৱবিজ্ঞান আৰু সামাজিক বিজ্ঞান ক্ষেত্ৰত বহুতো গুৰুত্বপূর্ণ বিষয় অন্তৰ্ভুক্ত থাকে, যিবোৰে সমাজ, সংস্কৃতি , মানুহৰ আচৰণ আদি গভীৰভাৱে বুজিবলৈ সহায় কৰে। এই ক্ষেত্ৰত অধ্যয়ন কৰিলে শিক্ষাৰ্থীয়ে সমালোচনামূলক চিন্তা, বিশ্লেষণ ক্ষমতা , সামাজিক দায়িত্ববোধ আদি বিকাশ কৰিব পাৰে। ইয়াৰ অন্তৰ্গত প্ৰধান পাঠ্যক্ৰমসমূহৰ ভিতৰত আছে- বি এ (অৰ্থনীতি , ৰাজনীতি বিজ্ঞান,সমাজশাস্তৰ, মনোবিজ্ঞান, বুৰঞ্জী, ইংৰাজী,অসমীয়া আদি ) , বেচলৰ অৱ ছ’চিয়েল ৱৰ্ক (বিএচডব্লিউ) আদি। এই পাঠ্যক্ৰমসমূহ সম্পূৰ্ণ কৰাৰ পিছত শিক্ষাৰ্থীয়ে চিভিল চাৰ্ভিচেছ, ৰিছাৰ্চাৰ, পলিচি এনালিষ্ট, ছাইক’লজিষ্ট , ছ’চিয়েল ৱৰ্কাৰ আদি হিচাপে বিভিন্ন ক্ষেত্ৰত কেৰিয়াৰ গঢ়ি তুলিব পাৰে।
আইন এক সন্মানজনক আৰু স্থায়ী কেৰিয়াৰ হিচাপে জনাজাত, য’ত ন্যায়, শৃংখলা আৰু সমাজৰ সুস্থ ব্যৱস্থা ৰক্ষা কৰাৰ গুৰুত্বপূর্ণ ভূমিকা থাকে। এই ক্ষেত্ৰত আগ্ৰহ থকা শিক্ষাৰ্থীয়ে ফাইভ-ইয়াৰ ইন্টেগ্ৰেটেড ল’, বিএ এলএল.বি বা বিবিএ এল.এল.বি আদি সংযুক্ত পাঠ্যক্ৰমৰ জৰিয়তে আইন শিক্ষা গ্ৰহণ কৰিব পাৰে। এই পাঠ্যক্ৰমসমূহ সম্পূৰ্ণ কৰাৰ পিছত শিক্ষাৰ্থীয়ে লয়াৰ, লিগেল এডভাইজৰ, জাজ , কৰ্পৰেট লিগেল এক্সপাৰ্ট আদি হিচাপে বিভিন্ন ক্ষেত্ৰত কেৰিয়াৰ গঢ়ি তুলিব পাৰে।
আতিথ্য আৰু পৰ্যটন ক্ষেত্ৰ এক দ্ৰুতগতিত বিকাশ হোৱা উদ্যোগ, য’ত সফল হ’বলৈ ব্যক্তিত্ব, যোগাযোগ দক্ষতা আৰু সেৱা মনোভাৱ বিশেষভাৱে গুৰুত্বপূৰ্ণ। যিসকল শিক্ষাৰ্থীয়ে মানুহৰ সৈতে যোগাযোগ কৰি কাম কৰিব ভাল পায় আৰু নতুন ঠাই, সংস্কৃতি আৰু অভিজ্ঞতাৰ প্ৰতি আগ্ৰহী, তেওঁলোকৰ বাবে এই ক্ষেত্ৰ অতি উপযুক্ত। এই ক্ষেত্ৰত অধ্যয়ন কৰিব পৰা পাঠ্যক্ৰমসমূহৰ ভিতৰত আছে – হোটেল মেনেজমেণ্ট , ট্ৰেভেল এণ্ড টুৰিজম মেনেজমেণ্ট আদি। এই পাঠ্যক্ৰমসমূহ সম্পূৰ্ণ কৰাৰ পিছত শিক্ষাৰ্থীয়ে হোটেল মেনেজাৰ, ইভেন্ট মেনেজাৰ, ট্ৰেভেল কনচালটেন্ট , এয়াৰলাইন ষ্টাফ আদি হিচাপে বিভিন্ন সুযোগ লাভ কৰিব পাৰে।
সংগীত আৰু পৰিবেশন কলা ক্ষেত্ৰ ক্ষেত্ৰ সেইসকল শিক্ষাৰ্থীৰ বাবে এক উত্তম বিকল্প যাৰ সংগীত, নৃত্য বা নাট্যৰ প্ৰতি গভীৰ আগ্ৰহ আৰু প্ৰতিভা আছে। এই ক্ষেত্ৰত সৃজনশীলতা, অনুশীলন আৰু নিষ্ঠাই সফলতাৰ মূল চাবিকাঠি। এই ক্ষেত্ৰত অধ্যয়ন কৰিব পৰা পাঠ্যক্ৰমসমূহৰ ভিতৰত আছে- বেচেলৰ ইন মিউজিক, পাৰফৰ্মিং আৰ্টছ, ডিপ্লোমা ইন মিউজিক বা ডান্স আদি । এই পাঠ্যক্ৰমসমূহ সম্পূৰ্ণ কৰাৰ পিছত শিক্ষাৰ্থীয়ে পাৰফৰ্মাৰ, মিউজিক টিচাৰ, কম্প’জাৰ , আৰটিষ্ট আদি হিচাপে কেৰিয়াৰ গঢ়ি তুলিব পাৰে।
যিকোনো শাখাৰ শিক্ষাৰ্থীয়ে খেলাধূলা ক্ষেত্ৰত আগবাঢ়িব পাৰে যদি তেওঁলোকৰ এই ক্ষেত্ৰৰ প্ৰতি গভীৰ আগ্ৰহ, নিষ্ঠা আৰু নিয়মীয়া অনুশীলনৰ অভ্যাস থাকে। খেলাধূলাক পেছা হিচাপে গ্ৰহণ কৰিব বিচৰা শিক্ষাৰ্থীয়ে শৈক্ষিকভাৱে ফিজিকেল এডুকেছন বিষয়ত ডিপ্ল’মা, স্নাতক, স্নাতকোত্তৰ তথা পি.এইচ.ডি. পৰ্যায়ৰ পাঠ্যক্রম অধ্যয়ন কৰিব পাৰে, য’ত শৰীৰ বিজ্ঞান, ফিটনেছ, ক্ৰীড়া প্ৰশিক্ষণ আৰু ব্যৱস্থাপনা সম্পৰ্কে বিস্তৃত জ্ঞান লাভ কৰা যায়। এই ক্ষেত্ৰত কেৱল খেলুৱৈ হিচাপে নহয়, ফিজিকেল এডুকেশন টিচাৰ, কোচ, ফিটনেছ ট্ৰেইনাৰ, স্পৰ্টছ মেনেজাৰ, ৰেফাৰী , আম্পায়াৰ আদি বিভিন্ন পেছাতো আগবাঢ়িব পৰা যায়; সেয়ে সঠিক প্ৰশিক্ষণ, শৃংখলা আৰু অধ্যৱসায় থাকিলে খেলাধূলা এক সফল আৰু সম্ভাৱনাময় কেৰিয়াৰ ৰূপে গঢ়ি তুলিব পাৰি।
দক্ষতাভিত্তিক পাঠ্যক্ৰম হ্ৰস্বম্যাদী হ’লেও চাকৰিৰ ক্ষেত্ৰত অতি সহায়ক আৰু ব্যৱহাৰিক দক্ষতা গঢ়ি তোলাত সহায় কৰে। বৰ্তমান সময়ত এই ধৰণৰ পাঠ্যক্ৰমসমূহৰ চাহিদা বহু গুণে বৃদ্ধি পাইছে, কিয়নো এইবোৰে শিক্ষাৰ্থীক সোনকালে উপাৰ্জনক্ষম কৰি তোলে। এই ক্ষেত্ৰত অন্তৰ্ভুক্ত পাঠ্যক্ৰমসমূহৰ ভিতৰত আছে – ডিজিটাল মাৰ্কেটিং, কণ্টেণ্ট ৰাইটিং, ফটোগ্ৰাফি, ফৰেইন লেংগুৱেজ, ইভেন্ট মেনেজমেন্ট আদি । এই পাঠ্যক্ৰমসমূহ সম্পূৰ্ণ কৰাৰ পিছত শিক্ষাৰ্থীয়ে ফ্ৰীলেন্সাৰ, ট্ৰেইনাৰ, কনচালটেণ্ট , এনট্ৰেপ্ৰেনিউৰ আদি হিচাপে কেৰিয়াৰ গঢ়ি তুলিব পাৰে।
দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পাছত সঠিক পথ বাছনি কৰাটো বহু সময়ত বিভ্ৰান্তিকৰ যেন লাগিব পাৰে, কিন্তু এক চিন্তাশীল আৰু সুশৃঙ্খল পদ্ধতি অনুসৰণ কৰিলে এই প্ৰক্ৰিয়াটো সহজ আৰু ফলপ্ৰসূ হৈ পৰে। প্ৰথমতে নিজৰ আগ্ৰহ চিনাক্ত কৰাটো অতি গুৰুত্বপূৰ্ণ—কোনবোৰ বিষয় আৰু কাৰ্যকলাপে শিক্ষাৰ্থীক সঁচাকৈয়ে আগ্ৰহী আৰু উৎসাহী কৰে সেইটো বুজিব লাগিব। ইয়াৰ লগতে নিজৰ শক্তিসমূহ মূল্যায়ন কৰি কোনবোৰ ক্ষেত্ৰত শিক্ষাৰ্থীগৰাকী দক্ষ আৰু সক্ষম সেইটো চিনাক্ত কৰা উচিত। তাৰ পিছত বিভিন্ন পাঠ্যক্ৰম আৰু কেৰিয়াৰ বিকল্পসমূহ সম্পৰ্কে বিস্তৃতভাৱে অনুসন্ধান কৰি সুযোগসমূহ জানিব লাগিব। এই ক্ষেত্ৰত শিক্ষক, কেৰিয়াৰ পৰামৰ্শদাতা বা অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ ল’লে অধিক স্পষ্টতা লাভ কৰিব পাৰি। লগতে, সময়ৰ সৈতে নিজকে খাপ খুৱাই ল’ব পৰা আৰু নতুন দক্ষতা আহৰণ কৰিবলৈ সদায় সাজু থকাটোও অতি প্ৰয়োজনীয়, কিয়নো এই মানসিকতাই শিক্ষাৰ্থীগৰাকীক সফল আৰু সন্তোষজনক কেৰিয়াৰ গঢ়িবলৈ সহায় কৰিব। কেৰিয়াৰ বিষয়ৰ বিভিন্ন কথা কোনো আগ্ৰহী শিক্ষাৰ্থীয়ে জানিব বিচাৰে, তেন্তে প্ৰত্যেক শনিবাৰে বিয়লি ৬-৯ বজাৰ ভিতৰত ফোন (৯৪৩৫১৮৮৬৩০) ত যোগাযোগ কৰিব পাৰে ।
