দান
শৈলেন কুমাৰ, মিৰ্জা
দানবীৰ কৰ্ণৰ সেই ত্যাগৰ গাথা
আজিও সজীৱ ইতিহাসৰ পাতত;
প্ৰকৃতাৰ্থত দান কি, সেয়া মাথোঁ জানে
উদাৰ মনৰ কোনো এক ব্যাকুল প্ৰাণত।
দান কৰাজনে বুজে ইয়াৰ মহিমা
হৃদয়ৰ নিভৃত কোণৰ সেই গভীৰ শান্তি;
কিন্তু হায়! এই স্বাৰ্থান্ধ সমাজত
প্ৰতিদানত মিলে মাথোঁ উপলুঙা আৰু ভ্ৰান্তি।
সহস্ৰজনে হঁহা সেই কুটিল হাঁহি
হয়তোবা হলাহল বিষতকৈও অতি বিষাক্ত;
নিজস্ব চৰিত্ৰ উদঙাই দিয়া সেই মুখবোৰত
মানৱতা আজিও যেন অতিশয় অৱশ আৰু ৰক্তাক্ত।
টকা-পইচা হওক বা মৰম-চেনেহ
জড় কিম্বা জীৱ— সকলোৱেই পাৰ্থিৱ মোহ;
সংসাৰৰ এই ভৌতিক চকাৰ মাজত
দানেই মাথোঁ জ্বলায় নিস্বাৰ্থ পোহৰৰ দ্ৰোহ।
চৰম সত্যটো হ’ল— জ্ঞাতে বা অজ্ঞাতে
দানতেই লুকাই থাকে সন্তুষ্টিৰ আচল অৰ্থ;
মানৱ জীৱনৰ ধৰ্ম আৰু কৰ্মই হ’ল ত্যাগ
যাৰ অবিহনে মানুহৰ সকলো পৰিচয় হ’ব ব্যৰ্থ।
