আঘাতৰ বাবে আইপিএলৰ পৰা বাহিৰ মিচেল ছাণ্টনাৰ

pc Cricshots

আঘাতৰ বাবে আইপিএলৰ পৰা বাহিৰ মিচেল ছাণ্টনাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  চলিত আইপিএলত আশানুৰূপ প্ৰদৰ্শন দাঙি ধৰাত ব্যর্থ হোৱা মুম্বাই ইণ্ডিয়ানছ আন এক মোক্ষম আঘাতৰ সন্মুখীন হৈছে। কান্ধৰ আঘাতৰ বাবে চলিত আইপিএলৰ পৰা বাহিৰ হ’ল দলটোৰ তাৰকা পেচ বলাৰ নিউজিলেণ্ডৰ মিচেল ছাণ্টনাৰ। ৱাংখেড়ে ষ্টেডিয়ামত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে খেলা মেচখনত বাউণ্ডেৰীত কেচ আয়ত্ত কৰাৰ সময়ত কান্ধত আঘাত পাইছিল ছাণ্টনাৰে। এই আঘাতৰ বাবে পেচ বলাৰগৰাকীয়ে মেচখনৰ পৰৱৰ্তী সময়ত অংশ লোৱাৰ পৰা বিৰত আছিল। আঘাত গুৰুতৰ হোৱাত প্রতিযোগিতাখনৰ পৰৱৰ্তী সময়ত অংশগ্ৰহণ কৰিব নোৱাৰিব ছাণ্টনাৰে। তাৰকা পেচবলাৰগৰাকীৰ স্থানত দক্ষিণ আফ্ৰিকাৰ বাঁওহতীয়া স্পিনাৰ কেশৱ মহাৰাজক মুম্বাই ইণ্ডিয়ানছে চুক্তিবদ্ধ কৰিছে।