উত্তৰপ্ৰদেশৰ গাজিয়াবাদত বিধ্বংসী অগ্নিকাণ্ড
ৰঙিলী বাৰ্ত্তাসেৱা- উত্তৰ প্ৰদেশৰ গাজিয়াবাদ জিলাৰ ইন্দিৰাপুৰম অঞ্চলত অৱস্থিত গৌৰ গ্ৰীণ এভিনিউ ছ’চাইটিত বুধবাৰে পুৱা এক বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয় ৷ অট্টালিকাৰ অষ্টম মহলাত সংঘটিত হোৱা অগ্নিকাণ্ড ক্ৰমে দ্ৰুতগতিত সমগ্ৰ অট্টালিকাটোত বিয়পি পৰে আৰু কিছু সময়ৰ ভিতৰতে জুইৰ লেলিহান শিখাই তেৰ মহলীয়া অট্টালিকাটো বেৰি ধৰে ৷ অগ্নিকাণ্ডৰ ফলত অট্টালিকাৰ ওপৰৰ মহলাত আৱদ্ধ হৈ পৰা লোকে সহায়ৰ বাবে আহ্বান কৰাত ছ’ছাইটিৰ পৰিচালনা সমিতিয়ে কেইবাজনো বাসিন্দাক নিৰাপদে উলিয়াই আনিবলৈ সক্ষম হয় ৷ তেওঁলোকে সমান্তৰালভাৱে অগ্নিনিৰ্বাপক বাহিনীক অৱগত কৰে আৰু খবৰ লাভ কৰাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হৈ সাহায্য আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে ৷
