মঠঘৰীয়াত দুর্ঘটনাগ্রস্ত বাহনৰ চালক ছামিম আহমেদক ডিব্ৰুগড়ৰ লাহোৱালত গ্ৰেপ্তাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- অৱশেষত আৰক্ষীৰ জালত পৰিল গুৱাহাটীৰ মঠঘৰীয়াত সংঘটিত ভয়াৱহ পথ দুর্ঘটনাৰ মূল অভিযুক্ত তথা পলাতক চালক ছামিম আহমেদ। দুৰ্ঘটনাটোত তিনিগৰাকীকৈ যুৱতীয়ে প্ৰাণ হেৰুওৱাৰ পিছতেই ৰহস্য়জনকভাৱে পলায়ন কৰিছিল চালকৰূপী ছামিমে ৷ মহানগৰীত সংঘটিত সেই ৰাজ্য কঁপোৱা দুর্ঘটনাটোৰ পিছৰে পৰা আত্মগোপন কৰি থকা ছামিমক ডিব্ৰুগড়ৰ লাহোৱালৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ম’বাইলৰ ট্রেকিং কৰি আৰক্ষীয়ে লাহোৱালত গ্ৰেপ্তাৰ কৰে ছামিম আহমেদক। ছামিম আহমেদক আনিবলৈ ডিব্ৰুগড়লৈ ইতিমধ্যে ৰাওনা হৈছে মহানগৰ আৰক্ষীৰ এটা দল। গোপন সূত্ৰৰ পম খেদি লাহোৱালৰ মোহনবাৰী বাইপাছত আজি বিয়লি ৩.৩০ বজাত পদপথে আহি থকা অৱস্থাত মোহনবাৰী আৰক্ষী চকীৰ বিষয়া কৌশিক চেতিয়া, ডিব্ৰুগড়ৰ যান-বাহন নিয়ন্ত্রণ শাখাৰ আৰক্ষীৰ বিষয়া গৌৰৱ গগৈ আৰু লাহোৱাল থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কৌস্তভমণি গগৈৰ যৌথ প্রচেষ্টাত দুর্ঘটনা সংঘটিত কৰা বাহনখনৰ চালক ছামিম আহমেদক গ্ৰেপ্তাৰ কৰে। বৰ্তমান ছামিম আহমেদ লাহোৱাল আৰক্ষীৰ জিম্মাত আছে যদিও পুৱা গুৱাহাটীৰ পৰা আহি থকা আৰক্ষী প্ৰশাসনক চমজাই দিব বুলি লাহোৱাল আৰক্ষীয়ে জানিবলৈ দিয়ে। আনহাতে, মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মঠঘৰীয়াত দুর্ঘটনা হোৱা স্থানত ৰখাই থোৱা ৪০৭ ট্রাকখনৰ চালকজনকো। উক্ত দুর্ঘটনাৰ সন্দৰ্ভত নুনমাটি থানাত ৰুজু হোৱা ৬৬/২০২৬ নম্বৰৰ গোচৰৰ আধাৰতে ৪০৭ ট্রাকখনৰ চালক সুভাষ পাটৰক গ্ৰেপ্তাৰ কৰে। ট্রাক চালকজনৰ ঘৰ মৰিগাঁৱত বুলি জানিব পৰা গৈছে। নুনমাটিৰ নেপালী চ’কত ভাৰাতীয়া হিচাপে আছিল সুভাষ পাটৰ। দুর্ঘটনাৰ নিশা ট্রাকখনতে শুই আছিল চালকজন। আইন উলংঘা কৰি পথত গধুৰ বাহন ৰখাই থোৱাৰ অভিযোগতে সুভাষ পাটৰক গ্ৰেপ্তাৰ কৰা হৈছে বুলি তথ্যত প্রকাশ। ইফালে, মহানগৰ যান-বাহন আৰক্ষীয়ে মঠঘৰীয়াৰ পথ দুৰ্ঘটনাৰ গোচৰ নুনমাটি থানালৈ স্থানান্তৰিত কৰিছে। সমগ্র ঘটনা সন্দর্ভত নুনমাটি থানাত ৬৬/২০২৬ নম্বৰত এক গোচৰ ৰুজু হৈছে আৰু আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। ঘটনাক লৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰখাৰ মাজতে সন্ধিয়াৰ ভাগলৈ দুর্ঘটনাগ্রস্ত বাহনখনৰ চালক ছামিম আহমেদক ডিব্ৰুগড়ৰ লাহোৱালৰ পৰা গ্ৰেপ্তাৰ কৰে। ছামিম আহমেদক সোধা-পোছাৰ অন্ততহে প্ৰকৃততে মঠঘৰীয়াৰ পথ দুৰ্ঘটনা কিদৰে, কেনেকৈ, কি কাৰণত সংঘটিত হ’ল, তাৰ উৱাদিহ পোৱা যাব। উল্লেখ্য যে, গুৱাহাটী মহানগৰীৰ মঠঘৰীয়াত দেওবাৰে পুৱতি নিশা ঘটা এটা দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল তিনিগৰাকীকৈ প্ৰতিভাৱান যুৱতীয়ে । মহানগৰীৰ মাছখোৱাৰ আইটিএ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত এক কমেডী শ্ব’ উপভোগ কৰি এএছ-০১ জিপি-০৫৬২ নম্বৰৰ ছুইফট বাহনখনেৰে উভতি আহি আছিল আৰমিনা আহমেদসহ যুৱতী তিনিগৰাকী ৷ এই বাহনখনৰ চালকৰ আসনত আছিল ছামিম আহমেদ নামৰ যুৱকজন ।দেওবাৰে পুৱতি নিশা মঠঘৰীয়াৰ গেট হাস্পতালৰ সন্মুখত তীব্ৰবেগী বাহনখনে এখন ৰৈ থকা চিমেণ্ট ভৰ্তি ট্ৰাকৰ পিছফালে প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হৈছিল । ফলত থিতাতে প্ৰাণ হেৰুৱাইছিল আৰমিনাসহ তিনিওগৰাকী যুৱতীয়ে । দুৰ্ঘটনাটো সংঘটিত কৰিয়েই তাৰ পৰা পলায়ন কৰিছিল বাহনখনৰ চালক ছামিম আহমেদে ।
