ডিমৌত মাতৃৰ হাতত প্ৰাণ গ’ল চাৰি বছৰীয়া কন্যাৰ

ডিমৌত মাতৃৰ হাতত প্ৰাণ গ’ল চাৰি বছৰীয়া কন্যাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- শিৱসাগৰ জিলাৰ ডিমৌৰ খৰাহাটত সংঘটিত হৈছে এক লোমহর্ষক হত্যাকাণ্ড। জন্মদাত্ৰী মাতৃৰ হাতত প্ৰাণ গ’ল কণমানি কন্যাৰ । ঘটনাৰ বিৱৰণী অনুসৰি, ডিমৌ থানাৰ অন্তৰ্গত খৰাহাট বাঙলাগুৰি চাহ বাগিচা অধ্যুষিত অঞ্চলৰ ৰণ্ট কালান্দিৰ পত্নী কল্পনা কালান্দিয়ে সোমবাৰে দুপৰীয়া নিজৰ চাৰি বছৰীয়া কন্যা সন্তানটিক চোকা অস্ত্ৰৰে ডিঙি ৰেপি হত্যা কৰে। বাঙলাগুৰিৰ প্ৰতিৱেশী লোকে শিশুটি তেজেৰে তুমৰলি হৈ থকা প্রত্যক্ষ কৰি চিঞৰ-বাখৰ কৰাৰ লগতে ঘটনা সন্দৰ্ভত শিশুটিৰ পিতৃ ৰণ্টু কালান্দীক অৱগত কৰে। ৰণ্টু কালান্দী বাগিচাৰ ফেক্টৰীৰপৰা ততাতৈয়াকৈ ঘৰত উপস্থিত হোৱাত পত্নী কল্পনা কালান্দীয়ে চোকা অস্ত্ৰৰে ৰণ্টু কালান্দীকো আক্ৰমণ কৰিবলৈ উদ্যত হয়। ইয়াৰ পিছতে পাষাণ মাতৃ কল্পনা কালান্দীয়ে হাতত থকা চোকা অস্ত্ৰৰে নিজৰ ডিঙি কাটি আত্মহত্যা কৰাৰ চেষ্টা কৰে। ঘটনাৰ খবৰ পাই ডিমৌ ৰাজহ চক্ৰ বিষয়া কুইন গগৈসহ ডিমৌ থানাৰ এটা আৰক্ষীৰ দল ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ শিশুটি তেজেৰে তুমৰলি হৈ থকাত স্থানীয় দণ্ডাধীশগৰাকীয়ে নিজ গাড়ীত শিশুটিক ডিমৌ আদর্শ চিকিৎসালয়লৈ আনে যদিও চিকিৎসকে চাৰি বছৰীয়া কন্যা শিশুটিক মৃত ঘোষণা কৰে। ইফালে, সন্তান হত্যাকাৰী পাষাণ মাতৃ কল্পনা কালান্দীকো ডিমৌ আদর্শ চিকিৎসালয়ত ভৰ্তি কৰি প্ৰাথমিক চিকিৎসা প্রদান কৰাৰ অন্তত অতি সংকটজনক অৱস্থাত ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ প্ৰেৰণৰ ব্যৱস্থা কৰে। ঘটনা সন্দৰ্ভত মহিলাগৰাকীৰ স্বামীয়ে কয়, “মই ডিউটীলৈ গৈছিলোঁ । ডিউটী কৰি থাকোঁতে মোক খবৰ দিলে । খবৰ পাই আহি চাইছোঁ সন্তানটোৰ গাত গোটেই তেজ লাগি আছে । তাৰ পিছত চাইছোঁ ডিঙিটোৱে নাই । মোৰ নাম ৰণ্টু। শিশুটিৰ নাম ৰুচিতা । তাইৰ মাকে কাটিলে । কি কাৰণত কাটিলে মই নাজানো, তেওঁ নিজেহে জানিব । আমাৰ মাজত একো হোৱা নাই । কাজিয়াতো নহয়ে আমাৰ । আজি কি হ’ল তেওঁহে জানিব ।”আনহাতে খৰাহাট অঞ্চলত এটি নিষ্পাপ শিশুক নিজ মাতৃয়ে অতি লোমহর্ষকভাৱে হত্যা কৰা ঘটনাৰ তীব্র প্রতিক্রিয়া অব্যাহত আছে। অৱশ্যে কি পৰিস্থিতিত এগৰাকী মাতৃয়ে নিজ চাৰি বছৰীয়া সন্তানক চোকা অস্ত্ৰৰে হত্যা কৰিলে জানিব পৰা হোৱা নাই।