ৰবীন্দ্ৰ জয়ন্তী উপলক্ষে শব্দঘৰৰ ‘আলোকশিখা জ্বলুক প্ৰাণে’, তিনি দিনীয়া অনুষ্ঠানৰ আয়োজন
ৰঙিলী বাৰ্ত্তাসেৱা- ২০২৩ বৰ্ষত প্ৰতিষ্ঠা হোৱা মাল্টি ডিচিপ্লিনেৰী আৰ্ট চেন্টাৰ ‘শব্দঘৰে আন কেই বছৰৰ দৰে অহা ১,২ আৰু আৰু ৩মে লৈকে তিনিদিনীয়াকৈ কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ ১৬৫ সংখ্যক জয়ন্তী আয়োজন কৰিছে৷ ‘আলোকশিখা জ্বলুক প্ৰাণে’নামেৰে উদযাপিত কৰিবলগীয়া অনুষ্ঠানটি মাছখোৱাৰ প্ৰাগজ্যেতি আই টি এ চেন্টাৰ ফৰ পৰ পাৰফৰ্মিং আৰ্টচত অনুষ্ঠিত হব।প্ৰথমদিনা ১ মে তাৰিখে বিয়লি ৩.০০ বজাত মুকলি কৰা হব এখনি প্ৰদৰ্শনী–‘চিৰন্তন ২৫শে বৈশাখ’যত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ জীৱন কালত তেওঁৰ জনমদিন উদযাপন কৰা সম্পৰ্কে এখনি প্ৰদৰ্শনী৷ এই প্ৰদৰ্শনীৰ ভাৱনা, বিন্যাস আৰু ৰূপায়ণ আগৰতলাৰ শুভ্ৰজিৎ ভট্টচায্যৰ্ৰ৷ প্ৰদৰ্শনী মুকলি কৰিব কলকাতাৰ চিষ্টাৰ নিবেদিতা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য শ্ৰী সত্যম ৰায়চৌধুৰী দেৱে৷উপসি্হত থকিব অসম বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য ড॰তপোধীৰ ভট্টচাৰ্য্য , বিশিষ্ট ৰবীন্দ্ৰ বিশেষজ্ঞ ,গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন কলাগুৰু অধ্যাপক উষাৰঞ্জন ভট্টাচাৰ্য আৰু বিশিষ্ট ৰবীন্দ্ৰ সংগীত শিল্পী মনোজ মুৰলী নায়াৰদেৱ৷ এই প্ৰদৰ্শনী ৩ মেে তাৰিখলৈকে মুকলি থাকিব৷

২মে তাৰিখে সন্ধিয়া ৫ টা বজাত সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হ’ব শব্দঘৰৰ নিবেদিত এখনি শ্ৰুতি আলেখ্যৰে, নাম ‘ৰু ও ৰবি’৷ আলেখ্য খনিৰ কনচেপ্ট, স্ক্ৰিপ্ট আৰু পৰিচালনা পাৰমিতা নাগৰ৷ পৰিবেশন কৰিব শব্দঘৰৰ সদস্য সকলে৷ এই অনুষ্ঠানৰ পাছতে শান্তিনিকেতনৰ পৰা আমন্ত্ৰিত বিখ্যাত ৰবীন্দ্ৰ সংগীত শিল্পী মনোজ মুৰলী নায়াৰৰ সংগীত পৰিবেশন, ‘এবং মনোজ, এ মিউজিকেল ভয়েজ উইথ টেগোৰ’ ৩ মে তাৰিখে শিল্পী মনোজ মুৰলী নায়াৰে পৰিচালনা কৰিব এখনি কৰ্মশালা—ৰবীন্দ্ৰনাথৰ গানে শৈল্পিক ব্যাখ্যা৷

দ্বিতীয় আৰু তৃতীয় দিনৰ অনুষ্ঠানৰ প্ৰবেশ পত্ৰৰ বাবে তলত উল্লেখ কৰা ফোন নম্বৰত যোগাযোগ কৰিব পাৰে৷ ৯৪৩৫৪-৯২৪৩১,৭০৮৬২-২৪১৫৫, ৮৬৩৮৩-২৩৮৬২ আৰু ৮৬৩৮১০৯৩৬৩৷ উক্ত তিনিদিনৰ অনুষ্ঠানলৈ শব্দঘৰে সকলো সংস্কৃতি প্ৰেমী ৰাইজক আন্তৰিকতাৰে আমন্ত্ৰণ জনাইছে৷ উক্ত তিনিদিনৰ অনুষ্ঠানৰ বাবে আপোনালোকৰ সহায়-সহযোগিতা আমাৰ একান্ত কাম্য৷
