ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল

Pc Business Standard

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল

ৰঙিলী বাৰ্ত্তাসেৱা- ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ৷ মুখ্য়মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ঘোষণা কৰা অনুসৰিয়েই পুৱা ১০.৩০ বজাত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদেফলাফল ঘোষণা কৰে ৷ ইতিমধ্যে ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফলসমূহ ৷ পৰীক্ষাৰ্থীসকলে ৱেবচাইটত নিজৰ ৰোল নং প্ৰদান কৰি ফলাফল জানিব পাৰিব ৷ লগতে ডিজিটেল মাৰ্কশ্বীটো ডাউনলোড কৰিব পাৰিব ৷ কলা শাখাত উত্তীৰ্ণৰ হাৰ ৭৯.৫৪ শতাংশ। ইয়াৰ ভিতৰত প্ৰথম বিভাগত উত্তীৰ্ণ ৫৫,৭৫৫গৰাকী, দ্বিতীয় বিভাগত উত্তীৰ্ণ ৭৯,১৮১ গৰাকী, তৃতীয় বিভাগত ৫৭,৮৬২ গৰাকী। মুঠ উত্তীৰ্ণ ১,৯১,৭৯৮ গৰাকী। বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ ৮৯.৭৯। ইয়াৰ ভিতৰত প্ৰথম বিভাগত উত্তীৰ্ণ ৩৪,০৭৯ গৰাকী, দ্বিতীয় বিভাগত উত্তীৰ্ণ ১৭,৭৭৭ গৰাকী, তৃতীয় বিভাগত ২৬১৮ গৰাকী। মুঠ উত্তীৰ্ণ ৫৪,৪৭৪ গৰাকী।বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ ৮১.১৩ শতাংশ। প্ৰথম বিভাগত উত্তীৰ্ণ ৭,৭৮৭গৰাকী, দ্বিতীয় বিভাগত উত্তীৰ্ণ ৫,৬৯৪ গৰাকী, তৃতীয় বিভাগত ৩২১৫ গৰাকী। মুঠ উত্তীৰ্ণ ১৫,৭৯৬ গৰাকী।বৃত্তিমুখী শাখাত উত্তীৰ্ণৰ হাৰ ৭৪.১৯ শতাংশ।বৃত্তিমুখী শাখাত ১,৫০৫ পৰীক্ষাৰ্থী পৰীক্ষাত অৱৰ্তীণ হৈছে । ইয়াৰ ভিতৰত ৮৮৭ গৰাকী ছাত্ৰ আৰু ৬১৮ গৰাকী ছাত্ৰী ।