অভি-নীলৰ হত্যাকাণ্ডৰ ২০ হত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ড
ৰঙিলী বাৰ্ত্তাসেৱা- সমগ্র দেশ জোকাৰি যোৱা অভি-নীল হত্যাকাণ্ডৰ সুদীর্ঘ প্রায় আঠ বছৰৰ অন্তত হত্যাকাণ্ডত জড়িত ২০ গৰাকী নৰপিশাচৰ বিৰুদ্ধে নগাঁও জিলা সত্ৰ ন্যায়াধীশৰ আদালতে শাস্তি ঘোষণা কৰে। ছেছন (টি-১) ৫৩ (এন)/১৮ নম্বৰৰ গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়াৰ সামৰণি পেলাই নগাঁও জিলা সত্র ন্যায়াধীশ দিব্যজ্যোতি মহন্তই দোষী সাব্যস্ত হোৱা হত্যাকাৰী ২০ নৰপিশাচক যাৱজ্জীৱন কাৰাদণ্ডৰ হুকুম দিয়ে। লগতে প্রত্যেককে ২০ হাজাৰ টকাকৈ জৰিমনা বিহা হৈছে। শাস্তি ঘোষণা কৰাৰ পূৰ্বে আদালতৰ মজিয়াত বাদী আৰু বিবাদী উভয় পক্ষৰ মাজত শাস্তি সম্পর্কত যুক্তি-তর্ক হয়। আদালতত অভি-নীলৰ পৰিয়ালৰ হৈ জ্যেষ্ঠ অধিবক্তা বিজন মহাজন আৰু চৰকাৰী পক্ষৰ হৈ অধিবক্তা জিয়াউল কামাৰে যুক্তি প্ৰদৰ্শন কৰে। ইয়াৰ বিপৰীতে অভিযুক্তসকলক আদালতত প্রতিনিধিত্ব কৰিছিল অধিবক্তা মানস শৰণীয়াই। বৰ্বৰোচিত হত্যাকাণ্ডটোৰ সৈতে মুঠ ৪৮জন অভিযুক্তৰ নাম সাঙোৰ খাইছিল। কিন্তু পৰৱৰ্তী সময়ত আদালতে তিনিজনক নাবালক ঘোষণা কৰে। এনে অৱস্থাত বাকী ৪৫জন অভিযুক্তৰ বিৰুদ্ধে আদালতত বিচাৰ প্ৰক্ৰিয়া চলি আছিল। মুঠ ৭১জন লোকৰ সাক্ষ্যগ্রহণ আৰু প্ৰায় ৮ বছৰ বিচাৰ প্ৰক্ৰিয়াৰ অন্তত যোৱা ২০ এপ্ৰিলত আদালতে চূড়ান্ত ৰায় দিয়ে। য’ত ২০জনক দোষী সাব্যস্ত কৰাৰ বিপৰীতে ২৫জনক দোষমুক্ত ঘোষণা কৰা হৈছিল। সেইদিনাই নিৰ্ধাৰণ কৰা দিন অনুসৰি দোষী সাব্যস্ত হোৱা এই ২০জনৰ ক্ষেত্রত নগাঁও জিলা সত্র ন্যায়াধীশ দিব্যজ্যোতি মহন্তই শুকুৰবাৰে শাস্তি ঘোষণা কৰে। আদালতে যাৱজ্জীৱন কাৰাদণ্ড বিহা এই ২০ নৰপিশাচ হ’ল- বিশ্বৰাম স্বর্গীয়াৰী, পানথেং বসুমতাৰী, আলফাজছ ইমুং, ইনোচিন ইংতি, ৰায়কম টিমুং, ৰত্নেশ্বৰ টেৰাং, ফুকন লেখটে, আনচ টিমুং, ধুনু মেচ, প্রেছ টিমুং, ৰূপছিং ক্র’, বাবুছিং ক্র’, বিক্রম হান্সে, চিকাৰী ৰংপী, বাবু ৰংপী, বিদ্যাছিং ৰংপি, মেনছিং ক্র’, দিব্যজ্যোতি বসুমতাৰী, ৱাৰিছ ৰংপি আৰু গুণ্ডা মেচ। আদালতে শাস্তি বিহাৰ পিছতে চৰকাৰী অধিবক্তা জিয়াউল কামাৰে নিজ প্রতিক্রিয়া ব্যক্ত কৰি সংবাদ মাধ্যমৰ আগত কয় যে ৰায়দানক লৈ মই সুখী হোৱা নাই। এই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ আইন কোষলৈ এখন পত্ৰ প্ৰেৰণ কৰা হ’ব। তেওঁলোকৰ ওপৰতে গোচৰটো আগবঢ়াই নিয়াটো নিৰ্ভৰ কৰিব। ইয়াৰ বিপৰীতে অভিযুক্ত পক্ষৰ অধিবক্তা মানস শৰণীয়াই কয় যে গোচৰটোত ২০জনক যাৱজ্জীৱন কাৰাদণ্ড বিহা হৈছে। কিন্তু ইয়াত ভাৰতীয় দণ্ডবিধিৰ ৩০২ নং ৰাধা প্ৰযোজ্য হ’ব নালাগে। ৩০৪ (পার্ট-২) হে প্ৰযোজ্য হ’ব লাগিব। এই ৰায়দানৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চপা হ’ব বুলিও অধিবক্তা মানস শৰণীয়াই সদৰী কৰে। তেওঁ কয় যে অভিযুক্তসকলৰ হত্যা কৰাৰ অভিপ্রায় নাছিল। মাৰিম বুলি মৰা নাছিল তেওঁলোকে। দোষী সাব্যস্ত হোৱাসকলে প্রায় ৮ বছৰ কাৰাবাস খাটিলে। গতিকে তেওঁলোকৰ জামিনৰ বাবে আবেদন জনাম। লগতে নগাঁও জিলা সত্ৰ ন্যায়াধীশৰ আদালতৰ ৰায়ৰ বিৰুদ্ধে অহা ১০-১২ দিনৰ ভিতৰত উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব বুলি তেওঁ প্রকাশ কৰে। উল্লেখ্য যে ২০১৮ চনৰ ৮ জুনত কাৰ্বি আংলং জিলাৰ ডকমকা আৰক্ষী থানাৰ অন্তৰ্গত পাণজুৰি গাঁৱত এদল উন্মত্ত নৰপিশাচে মৰিয়াই মৰিয়াই অতি নৃশংসভাবে গুৱাহাটীৰ দুই প্রকৃতিপ্রেমী যুৱক অভিজিৎ নাথ আৰু নীলোৎপল দাসক হত্যা কৰিছিল। সেইদিনা তেওঁলোকে গৈছিল পাণজুৰি গাঁৱৰ নাতিদূৰৈৰ কাৰ্বি পাহাৰৰ নৈসর্গিক শোভা উপভোগ কৰিবলৈ। প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰি গুৱাহাটীলৈ ওভতাৰ পথত সোপাধৰাৰ সন্দেহত সেইদিনা সন্ধিয়া গাঁওখনৰ এদল উন্মত্ত লোকে দুয়োৰ ওপৰত জঁপিয়াই পৰে। দুয়ো নিজকে অসমীয়া বুলি পৰিচয় দিয়াৰ পিছতো দলটোৱে তেওঁলোকক ৰেহাই দিয়া নাছিল। উন্মত্ত দলটোৰ আক্ৰমণত প্রাণ হেৰুৱাইছিল দুই সুঠাম যুৱকে। এই নির্মম হত্যাকাণ্ডৰ খবৰ বিয়পি পৰাৰ পিছতে অসমৰ লগতে দেশ-বিদেশৰ বিভিন্ন স্থানৰ জনতা প্রতিবাদমুখৰ হৈ পৰে। ইয়াৰ সৈতে জড়িত দোষীক কঠোৰতকৈও কঠোৰতম শাস্তিৰ দাবী তোলে সকলোৱে। পৰৱৰ্তী সময়ত ডকমকা আৰক্ষী থানাই ঘটনা সন্দর্ভত এক গোচৰ ৰুজু কৰি ক্ষিপ্ৰতাৰে ৪৮জন লোকক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল। সমান্তৰালভাৱে তদন্তৰ অন্তত ৮০০ পৃষ্ঠাৰ এখন অভিযোগনামা ডিফু আদালতত দাখিল কৰিছিল ডকমকা থানাৰ তদন্তকাৰী বিষয়াই। আনহাতে, অভি-নীলৰ পিতৃ মাতৃয়ে এই গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া ডিফু আদালতৰ পৰা স্থানান্তৰ কৰিবৰ বাবে গুৱাহাটী উচ্চন্যায়ালয়ত তৰা এখন লেখ আৱেদনৰ ভিত্তিত ২০১৮ চনৰ ৪ ছেপ্টেম্বৰত নগাঁও আদালতলৈ প্ৰেৰণ কৰে। উক্ত ৪৮জন অভিযুক্তৰ ভিতৰত প্ৰথম অৱস্থাত এজন আৰু পৰৱৰ্তী সময়ত আন দুজন নাবালক বুলি প্রমাণিত হোৱাত তেওঁলোকৰ বিচাৰ প্ৰক্ৰিয়া জুবেইনাল আদালতলৈ স্থানান্তৰ কৰা হয়। তেতিয়াৰ পৰা নগাঁও আদালতত ৪৫জন অভিযুক্তৰ বিৰুদ্ধে বিচাৰ প্ৰক্ৰিয়া চলি আছিল। তদুপৰি অভিযুক্তসকল নগাঁও কেন্দ্ৰীয় কাৰাগাৰত কাৰাবন্দী হৈ আছিল।
