পহিলা ব’হাগৰ দিন – ৱাহিদ আহমেদ

পহিলা ব’হাগৰ দিন 

ৱাহিদ আহমেদ
কাটাৰ, ডোহা
শূন্যতাত উপঙি থকা ব’হাগবোৰে
হিয়া উজাৰি কান্দে
চেনাইৰ আধৰুৱা সপোন,
সোণাপুৰত কেনেকৈ আছা
এই বসন্তৰ ধামখুমীয়াত
এদিন তুমিয়েই আছিলা মোৰ সোণ ৷
ৰঙালীৰ ৰঙেৰে ৰঙীন হোৱা বতৰত
ৰঙালী অহা নাই সোণাপুৰত,
তুমিতো নুবুজা
কিয় টোপনি অহা নাই
বসন্তৰ গানবোৰ কিয় বজা নাই,
উৰুকাৰ নিশা উৰুঙা হ’ল মন
ব’হাগৰ দিনা অকলশৰীয়া
হৃদয়খনে বিচাৰিছে তোমাক
সোণাপুৰত চাকিগছি জ্বলাওঁতে
কিমান বেয়াকৈ জ্বলিছে
মোৰ হৃদয়খন…
এবাৰ চাব পাৰিবানে তুমি !
চেনাই ধুলীয়া, চেনাই বাখৰুৱা
চেনাইৰ ধুনীয়া মন,
ব’হাগৰ অহাৰ আগতে
কপালখনত লিখিলে কোনে
জীৱন হেৰুৱাৰ ৰণ
ঐ দেহা, এইবেলি ব’হাগ
আগৰ দৰেই লাগিছে নে বাৰু !
ব’হাগৰ সপোনবোৰক গাৰুৰ কাষত লৈ
হেঁপাহেৰে ৰৈ আছিলোঁ
পহিলা ব’হাগৰ দিনা
তোমাক ক’ম মোৰ সপোনৰ কথাবোৰ,
সেইয়া ন’হল, ব’হাগে নিদিলে
মোৰ হৃদয়খন
তোমাৰ হৃদয়ৰ লগত মিলিবলৈ
ব’হাগে কিয় নুবুজিলে
মোৰ হিয়াৰ মৰমবোৰ
নভবাকৈ সপোনবোৰ এজাক ধুমুহা হ’ল
ৰঙালীৰ আকাশখন
আজি বৰ ডাৱৰীয়া ৷