“কথয়তি কীৰ্তনস্তু মৃদঙ্গঃ” – এক আলোকপাত
ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে কৈছে যে – “সংস্কৃতি হৈছে সুন্দৰৰ পূজা”। সংস্কৃতিয়ে মানুহৰ সমস্ত চিন্তা আৰু কৰ্মক সামৰি আছে। মানুহৰ জীৱনটোৱেই হৈছে সাংস্কৃতিক অভিযান। সংস্কৃতি এটা জাতিৰ জাতীয় জীৱনৰ বোৱতী সুঁতি। ঠিক নৈৰ গতিয়েই যেন সংস্কৃতিৰ গতি। নৈ যিদৰে নিৰবিচ্ছিন্ন গতিৰে চিৰদিন বৈ থাকে তেনেদৰে সংস্কৃতিও ধাৰাবাহিক গতিৰে অবিৰাম চলি থাকে।
অসমীয়া সংস্কৃতিলৈ মন কৰিলে দেখা যায় যে- “অসমীয়া সংস্কৃতি হৈছে বৈচিত্ৰ্যৰে ভৰা লোক সংস্কৃতি”। অসমীয়া সমাজ জীৱনৰ অতি প্রাচীন সমৃদ্ধশালী মেটমৰা লোক-সংস্কৃতিৰ অন্যতম হ’ল গন্ধর্ব বাদ্য মৃদংগ। ‘মৃদংগ’ এটা প্রাচীন শাস্ত্রীয় নাম। মৃদঙ্গ ভাৰতৰ এক পুৰণি মুখ্য আনদ্ধ বাদ্য। প্রাগঐতিহাসিক সিন্ধু সভ্যতাৰ পৰাই মৃদংগ ব্যৱহাৰৰ কথা জানিব পাৰি। প্রাচীন বৈদিক কালত ত্ৰিপুষ্কৰ নামেৰে এবিধ তিনিমুখীয়া বাদ্য আছিল আৰু সেই বাদ্যই পৰৱৰ্তী সময়ত মৃদঙ্গ নাম পায়। এই পুষ্কৰ বাদ্যৰ কথা ভৰতমুণিৰ “নাট্যশাস্ত্ৰ”ত এইদৰে উল্লেখ আছে —
” ধ্যাত্ত্বা সৃষ্টি মৃদঙ্গানাং পুষ্কৰানসৃজত তত।
প্ৰণব দুৰ্দৰ চেব সহিতা বিশ্বকৰ্মানা।।”
পোনপ্রথমে অর্জুনে দেৱবাদ্য মৃদংগ স্বৰ্গৰপৰা মর্ত্যলৈ নমাই আনিছিল বুলি মহাভাৰতত উল্লেখ আছে। পাণ্ডৱৰ বনবাসৰ সময়ত স্বৰ্গৰ ৰজা ইন্দ্রই অর্জুনক গন্ধর্ব লোকলৈ নানা বিদ্যা শিক্ষাৰ উদ্দেশ্য লৈ গৈছিল। নানা অস্ত্ৰ শিক্ষাৰ লগতে দেৱ গন্ধর্ব বাদ্য মৃদংগ বজোৱা আৰু গীত-ৰাগ-নৃত্যৰ শিক্ষা গন্ধর্ব চিত্রসেনে অর্জুনক দান কৰিছিল। চিত্রসেনৰ পৰা সকলো গন্ধর্ব বাদ্য বজাই গীত, ৰাগ, নৃত্যৰে অজ্ঞাতবাসৰ সময়ত বিৰাট ৰজাৰ ৰাজসভাত উবর্শীৰ শাপত নুপুংসক হৈ ৰাজকন্যা উত্তৰাৰ লগতে নাৰীসকলক নৃত্যৰ শিক্ষাদান কৰিছিল। পৰৱৰ্তী সময়ত দ্রৌপদী আৰু পঞ্চপতিয়ে বান্ধি লোৱা নিয়ম ঘটনাক্রমে অর্জুনে ভংগ কৰাত বনবাসীৰ ভেশেৰে নানা তীর্থ ভ্ৰমণ কৰি গৈ মণিপুৰৰ চিত্ৰবাহনৰ কন্যা চিত্রাংগদাক বিয়া কৰাই তিনিবছৰ কাল কটাবলগীয়া হৈছিল। সেই সময়ছোৱাতে অর্জুনে মৃদংগ বজাবলৈ মণিপুৰীসকলক গীত-ৰাগ-নৃত্যবে শিক্ষা দান কৰিছিল বুলি উল্লেখ আছে।
অসমৰ কাল সংহতি সত্ৰসমূহত মৃদংগৰ প্ৰচলন হোৱা দেখা যায়। বিভিন্ন চৰিত পুথিৰ পৰা পোৱা তথ্য অনুসৰি গোপালদেৱৰ প্রিয় শিষ্য বৰ যদুমনি আতাই শ্রীশ্রী জগন্নাথ ক্ষেত্ৰৰ পৰা মৃদংগ বাদ্য অসমলৈ আনিছিল। তেখেতৰ হৰি ভকত মোৱামৰীয়া মহন্ত অনিৰুদ্ধদেৱৰ লগত অক্লান্ত পৰিশ্ৰমেৰে মহাপুৰুষীয়া গীত, ৰাগ, তাল, মান সুৰ বোলৰ লগত মিলাই নিবন্ধ কৰি কাল সংহতি সত্ৰসমূহত মৃদংগ বাদ্য প্রচলন কৰিছিল।
মৃদংগৰ ব্যুৎপত্তিগত অর্থ এনেধৰণৰ ‘মৃণ্ময়ং অঙ্গ যস্যম মৃদঙ্গ’। অর্থাৎ মাটিৰ অংগ যাৰ সেয়েই মৃদংগ বুলি কোৱা হয়। মৃৎ+ অঙ্গ = মৃদংগ। মৃদ অঙ্গচ কিৎ। মৃৎ মানে মাটি। কিন্তু মৃদঙ্গৰ মালিতা চালে দেখা যায় যে —
“সত্যত মৃদংগ শুদ্ধ সুৱৰ্ণৰ।
ত্ৰেতাত মৃদংগ জানিবা ৰূপৰ।
দ্বাপৰত মৃদংগ হৈলন্ত তামৰ।
কলিযুগে কাঠৰ মৃদংগ গৌৰৱৰ।।”
কথিত আছে যে সত্য যুগত সোণৰ মৃদংগ আছিল। বজাইছিল শিৱ শংকৰে। ত্রেতা যুগত ৰূপৰ মৃদংগ আছিল। বজাইছিল কেশৱৰ পুতেকে। দ্বাপৰ যুগত তামৰ মৃদংগ আছিল। বজাইছিল বৰুণৰ পুতেকে। কলি যুগত কাঠৰ মৃদংগ প্রচলিত হৈ আছে। এই মৃদংগ ভাৰতৰ লোকে বজাই আছে। কিন্তু মৃদংগ শব্দৰ অৰ্থৰ পৰিৱৰ্তে মালিতাভাগিত বিপৰীত অৰ্থহে পোৱা যায়।
মৃদংগৰ জন্ম বৃত্তান্তৰ ক্ষেত্ৰত কেইবাটাও উপাখ্যান পোৱা যায়। ইয়াৰে তিনিটা উল্লেখ কৰা হ’ল।
(১) নাট্যশাস্ত্ৰৰ মতে এবাৰ বৰষুণৰ বতৰত স্বাতী মুনিয়ে আশ্ৰমৰ কাষতে পদুম ফুলেৰে ভৰি থকা এটা পুখুৰীৰ পৰা পানী আনিবলৈ যাওঁতে বাটত শিলা বৰষুণে পাইছিল। পুখুৰীত ফুলি থকা পদুমৰ ফুল আৰু পাতবিলাকত শিল বৰষুণ পৰিলত বৰ সুন্দৰ শব্দ শুনিবলৈ পাইছিল। মুনিয়ে এই মধুৰ শব্দটি বৰ ভাল পাইছিল। পাছত স্বাতী মুনিয়ে দেৱ খনিকৰ বিশ্বকর্মাক মাতি আনি মৃদংগ বাদ্য নির্মাণ কৰিবলৈ কৈছিল। দেৱশিল্পীজনাই মুনিৰ পৰামৰ্শ অনুসৰি তিনি প্রকাশন মৃদংগ সাজি দিছিল- অলিঙ্গ, অনক্য, উদ্ধভ। বর্তমান অসম আৰু মণিপুৰত প্রচলিত হৈ থকা মৃদংগভাগ হৈছে অলিঙ্গ। কণটিক, তামিলনাড় আৰু অন্ধপ্রদেশত প্রচলিত মুদংগভাগ হৈছে অনক্য আৰু দেৱাদিদেৱ মহাদেৱে বজোৱা ভাগ হৈছে উদ্ধৱ।
(২) সত্য যুগত বৃত্তাসুৰ নামে এক প্রতাপী অসুৰ আছিল। বৃত্তাসুৰৰ অত্যাচাৰত দেৱতাসকলৰ শান্তি নষ্ট হোৱাত ব্ৰহ্মা আদি কৰি দেৱতাগণ বিষ্ণৰ ওচৰ পালেগৈ। তেতিয়া বিষ্ণুৱে ক’লে মর্ত্যত দধিচী নামে এজন মুনিয়ে আশ্রমত তপস্যা কৰি আছে। তেওঁ পৰোপকাৰী, তেৱেই সকলো উপায় দিব। বিষ্ণুৰ আজ্ঞা মানি সকলো দেৱগণ দধিচী মুনিৰ ওচৰ পালেগৈ। দেৱগণৰ কথা শুনি দধিচী মুনিয়ে ক’লে যে তেওঁ ইচ্ছা মৃত্যুবৰণ কৰিব আৰু তেওঁৰ অস্থিৰে চোকা ব্ৰজ তৈয়াৰ কৰি বৃত্তাসুৰক বধ কৰিব পাৰিব। দধিচী আছিল শিৱভক্ত। ভক্তৰ চিনস্বৰূপে মহাদেৱে মুনিৰ ছালেৰে মৃদংগ আৰু ডম্বৰু সাজিলে বুলি প্রবাদ আছে।
(৩) প্ৰাচীন কালত তাৰকাসুৰ নামে এজন প্ৰৱল প্ৰতাপী অসুৰৰ তিনিজন (তাৰকাক্ষ, ৰুদ্ৰাক্ষ আৰু বিদ্যুৎমালী) পুত্ৰ আছিল। যাক একেলগে ত্ৰিপুৰাসুৰ বুলি কোৱা হয়। তেওঁলোকে অমৰত্ব লাভৰ বাবে পৰমপিতা ব্ৰক্ষ্মাদেৱক বহু বছৰ ধৰি ধ্যান কৰিবলৈ ল’লে। তেওঁলোকৰ তপস্যাত ব্ৰহ্মাদেৱ সন্তুষ্ট হৈ দেৱশিল্পী বিশ্বকৰ্মাক মাতি আনি জ্বৰা ব্যাধিৰ পৰা হাত সাৰিব পৰাকৈ আকাশত তিনিওজনৰ বাবে তিনিখন উৰণীয়া নগৰ নিমাৰ্ণ কৰি দিছিল। বিশ্বকৰ্মাই তাৰকাক্ষক স্বৰ্ণপুৰ, ৰুদ্ৰাক্ষক ৰজতপুৰ আৰু বিদ্যুৎমালীক লৌহপুৰ নামেৰে নগৰ নিৰ্মাণ কৰে। পৰৱৰ্তী সময়ত ত্ৰিপুৰাসুৰৰ অত্যাচাৰ বাঢ়ি অহাত দেৱাদিদেৱ মহাদেৱে সেই অসুৰক বধ কৰে। যুদ্ধত ত্ৰিপুৰাসুৰ বধ হোৱাৰ পাছত তিনি অসুৰৰ দেহৰ পৰা তেজ বৈ আহি পৃথিৱীত পৰি ৰঙচুৱা বোকা মাটিৰ দৰে হ’ল। ব্ৰক্ষ্মাই ত্ৰিপুৰাসুৰৰ তেজ মিহলি বোকা মাটিৰে এটা বাক্য সাজি উলিয়ালে। মাটিৰ বাদ্যটি অসুৰৰ চালেৰে চাৱনি, অসুৰৰ শিলা বিলাকে বৰতি, অসুৰৰ হাড় বিলাকৰ পৰা ফৰিঙা লগাইছিল। মৃত অসুৰৰ অংগৰ পৰা সৃষ্টি হোৱা বাবেই এই বাদ্য মাখিৰ নাম মৃদঙ্গ হ’ল বুলি প্ৰবাদ আছে।
মৃদংগৰ আধুনিক ৰূপক অনুসৰণ কৰি জগত গুৰু শ্ৰীমন্ত শংকৰদেৱে খোলাৰ সৃষ্টি কৰিলে বুলি সন্তাৱলী পুথিত উল্লেখ আছে। তেনেদৰে “ৰুক্মিণী হৰণ” কাব্যত মৃদংগ বাদ্য ব্যৱহাৰ কৰা কথা উল্লেখ আছে-
“অসংখ্য মৃদঙ্গ দুন্দুভি বজাৱে বাৱে আতি ঢাক ঢোল,
বিপ্ৰগণে চানি কৰে বেদ ধ্বনি নুশুনি মাত বোল।”
মৃদংগ হ’ল শাস্ত্রীয় নাম আৰু খোল হ’ল মৃদংগৰ নব্য সংস্কৰণ সত্ৰীয়া নাম। সেয়েহে ইয়াৰ ব্যৱহাৰ আৰু আহিলাৰ নামসমূহ প্রায় একেই- খোলা, বৰতি, মলুৱা, ঘেৰ, পুলি, কাটনি ছাল, তালি, টিকনী, মাজৰ তালি, ঘূণ ইত্যাদি। অন্যান্য অংগৰ লগতে ঘৃণ দিয়া ভাগটো অতি আৱশ্যকীয়। লোহা খুন্দি গুড়ি কৰি মিহি চালনীৰে চালি টান অংশবোৰ আঁতৰাই ইয়াৰ লগতে উখুৱা চাউলৰ ভাত, বৰাধানৰ আখৈ মিহলাই মিহি কৰি বাটি দাইনা আৰু বায়া ভাগৰ সোঁমাজত লগাই দি এটা সৰু পটাগুটিৰে ঘাঁহ ঘৃণ লগোৱা হয়।
মৃদংগ পৰিবেশন কৰোঁতে গায়ন-বায়নৰ সাজযোৰ গুৰুত্বপূৰ্ণ। গায়ন-বায়নে কঁকালত ঘূৰি বা লহঙা পিন্ধে। এই ঘূৰি বগা ৰঙৰ ষোল্লহাত বা চৈধ্যহাত কাপোৰৰ কোঁচ দি চিলোৱা, ফেৰ মেলি থাকে। তলত বগা গুণাৰ পতি লগোৱা। এত চাপকন চোলাৰ বগা অংশ গাত লাগি থাকে আৰু কঁকালৰ পৰা আঠুলৈকে পৰা অংশ কোঁচ দিয়া। সম্মুখৰ ভাগটো ক’লা ৰচী ৰঙৰ টঙালী। তাত বগা সুতাবছা, পিঠিৰ ফালে ইংৰাজী ভি আকৃতিৰ দৰে। সম্মুখৰফালে সোঁফালে আৰু বাওঁফালে আচকনৰ দৰে ওলমি থাকে। বর্তমান ঘৰীৰ চাবকনৰ সলনি ধুতি-পাঞ্জাবীকে ব্যৱহাৰ কৰে।
দেৱতাৰ সাজ-পোছাক সাধাৰণতে ৰঙা-ৰঙৰ আছিল বাবে মৃদংগত ৰঙা কাপোৰেৰে আৱৰণ দিয়া হয়। অলংকাৰ পিন্ধি মুদংগ পৰিৱেশন কৰিলে দেৱতা সন্তুষ্ট হয় বুলি বিশ্বাস কৰা হয়–
“ওপৰত আছে অসুৰ ধুলী।
মাথে বস্ত্ৰ পিন্ধো ধুলী সৰে বুলি।
সবাকো গাইবাক প্ৰতি পিন্ধাই অলংকাৰ।
ইহাক পিন্ধিলে ৰঙ্গ হৈব দেৱতাৰ।।”
গঠন প্ৰক্ৰিয়াৰ ওপৰত ভিত্তি কৰি মৃদংগক তিনিটা ভাগত ভাগ কৰিব পাৰি- (ক) যৱাকৃতি (খ) গোপুচ্ছাকৃতি (গ) হৰিতকি। শৈলীৰ ওপৰত ভিত্তি কৰি মৃদংগ বাদ্যক চাৰিটা প্রধান শৈলীত ভাগ কৰা হয়—
(ক) আঁহতগুৰি শৈলী (খ) দিহিং শৈলী (গ) বাৰেকুৰি ঘৰ শৈলী (ঘ) মায়ামৰা শৈলী। মূলতঃ যদিও এই চাৰিশৈলীৰ কথা উল্লেখ কৰা হৈছে, তথাপি অঞ্চলভেদে বিভিন্ন ধৰণে মৃদংগীয়া শৈলীক নামকৰণ কৰা হয়- (ক) জুনুকা গায়ন (খ) পুলিভৰীয়া গায়ন, (গ) দ’ল গায়ন (ঘ) কংসপৰীয়া গায়ন (ঙ) ইন্দ্র গায়ন (চ) অংকীয়া গায়ন (ছ) মহাপুৰুষীয়া গায়ন।
মৃদংগীয়া গায়ন-বায়ন পৰিৱেশন কৰা নিয়ম এনেধৰণৰ- মৃদংগীয়া গায়ন-বায়ন আৰম্ভ কৰাৰ সময়ত এজন আঁৰীয়া থাকে। তাৰ পিছত আঁৰকাপোৰ বা পামৰীয় বস্ত্ৰ থাকে। তাৰ পিছত অগ্নিগড়, অগ্নিগড়ৰ সিটো পাৰৰপৰাই মূল বায়নে বা গায়নে মালিতা বা শ্লোক মাতে। মালিতা মাতি শেষ হ’লে জয়ধ্বনি বা হৰিধ্বনি হ’ব। আগে আগে গন্ধর্ব ৰূপত এজনে হাতত ভোটা ধৰি নবিধ ভক্তিৰে পৰিপূৰ্ণ অগ্নিগড়ৰ তলেদি প্রৱেশ কৰি মায়া আন্ধাৰ নাশ কৰি ইংৰাজী ৮ বা অসমীয়া ৪ সংখ্যাৰ দৰে পাক ঘুৰি গায়নীয়া দলটিয়ে গায়ন আৰম্ভ কৰে।
মৃদংগৰ চাপৰৰ ভাগবোৰ হৈছে জুৰণি চাপৰ, উঠা চাহনী, মেলা চাপৰ, উঠা ধেমালী, ঘোষা ধেমালী, ঘুৰ ধেমালী, মালিতা, বৰধেমালী (পাঁচখন), ঘাটনি, চিপতাল। একেদৰে মান সাতখন তক্কৰ মান, মূৰমুৰিমান, বিয়া হিয়া, ঝুমুৰি মান, গুমূধন, দচবাজি মান, নিমন্ত্রণ মান। তাল তিনিখন সেউতি তাল, ৰূপক তাল, বিষম তাল। এই তিনিখন তালৰ তিনিটা ঘোষা গোৱা হয়।
(ক) সেউতি তাল- কৃপা কৰা নাৰায়ণ আমাৰ চঞ্চল মন।
(খ) ৰূপক তাল- কর্ম মধ্যে ভৈলা নাশ পাইলন্তে বৈকুণ্ঠত বাস।
(গ) বিষম তাল- অ’হে মাৰে ঐ দয়াৰে প্ৰাণ এ বান্ধৱ হৰি ৰাম অ’ ।
জীৱাত্মাৰ মৃত্যুৰ পাছত মৃতকৰ সদগতি অর্থে মৃতকৰ কৰ্মত এই মৃদংগীয়া গায়ন-বায়ন প্রদর্শন কৰা হয়। প্রথমে পদলিত আদৰণি ঘাত বজায়, দ্বিতীয়নে গুৰুঘাত, তৃতীয়তে মান, চতুৰ্থতে ধৰাতালি, পঞ্চমতে ৰাগতালি, ষষ্ঠতে তাল, সপ্তমতে চাহিনী চাপৰ, অষ্টমতে মাননী ঘাত, নৱমতে ঘোষা গাই সামৰণি চাপৰ বজায়।
পানীতোলা বৰসবাহতো মৃদংগৰ গুৰুত্ব অপৰিসীম। এনে অনুষ্ঠানত পানী তুলিবলৈ যাত্ৰা কৰা সময়ত প্রধানকৈ চাহিনী চাপৰসমূহ গীতৰ লগে লগে চাপৰ বজাই যাত্ৰা কৰে। বৰসবাহতেই সাধাৰণতে মৃদংগৰ গায়ন-বায়নৰ পূৰ্ণাংগ ৰূপটো দেখা যায়। প্রথমে গুৰুৰ আৰ্হিৰে গুৰুঘাত, আদৰণি মান, বহামান (ৰাগ) শব্দ বাগস্মীকা ভক্তি ৰাগ তালি, ধুৱা তালি, থান বৰ্ণনা, ভকত আদৰণি, বৰসবাহত পানীতোলা, বাত বুলনি, ঘাত বুলনি, ধেই ধেমালী, মালিতা, তালৰ উৎপত্তি পৰিৱেশন কৰা হয়। পৰম্পৰাগতভাৱে চলি অহা মৃদংগীয়া গীত, মাত, তাল, নৃত্য, চাপৰ, ঘোষা, বৰগীত, লেচেৰী, একতাল, পৰিতাল, নাচ-তাল, সৰুধিনম, বৰ নিয়ম, ৰূপক, জেউতী তাল-মানলৈকে চালে দেখা যায় যে অসমীয়া সংস্কৃতিৰ ই এক মেটমৰা ভঁৰাল।
বর্তমান সময় ঘন, তত, সুষিৰ আৰু আনদ্ধ- এই চাৰিভাগ বাদ্যৰে আদৰ বাঢ়িছে। অর্থনৈতিকভাৱেও বাদক সকলক বিভিন্নজনে সহায় আগবঢ়াইছে। এই বাদ্য বা লোক সংস্কৃতিসমূহ সুন্দৰভাৱে সজাই পৰাই বিশ্বসভালৈ লৈ যাবৰ বাবে আমি সকলোৱে বিভিন্নপ্ৰকাৰে যত্ন কৰা উচিত। নহ’লে সময়ৰ গতিত এইবোৰ হেৰাই যাব।
