অচিন দিগন্তৰ অঘৰী
জ্যোতিমণি মাহত্ব, যোৰহাট
অঘৰী মই, নাই কোনো নিৰ্দিষ্ট ঠিকনা
মই এক যাযাবৰী নদীৰ সোঁত ,
বৈ যায় কেৱল অচিন দিগন্তৰ পথত
মই অঘৰী, মই চিৰকালৰ যাযাবৰ।
হাতৰ মুঠিত লৈ ফুৰিছো
যাযাবৰী মনৰ এমুঠি শান্তিৰ বতাহ,
নাই মোৰ কোনো মায়া – মোহ
কেৱল বিলীন হ’ব বিচাৰোঁ যাত্ৰাৰ সুখত।
কাৰোবাৰ বাবে চিনাকি, কাৰোবাৰ বাবে অচিনাকী
মোৰ ফুটা জোলোঙাত আছে হাজাৰ কাহিনী,
বিচাৰি ফুৰো মই সেই সীমাহীন পোহৰ
য’ত দৰিদ্ৰতাৰ মাজতো থাকে পূৰ্ণতাৰ সত্যতা।
বিশাল আকাশৰ এজন অঘৰী আত্মা মই
মোৰ যাত্ৰাই মোৰ পৰিচয়,
থমকি ৰৈ যোৱা নাই আন্ধাৰত
মাথোঁ বিচাৰি ফুৰো পোহৰৰ নতুন সূৰ্যোদয়।
মোৰ সংগী হৈছে নীৰৱতা
অগণন সংগীতৰ সুৰে মোৰ হৃদয়,
মই অঘৰী, এক অবুজন কবিতা
চিৰদিন চিৰকালৰ মই নিজৰ লয়ত বিভোৰ।
