বিহুগীতত তাঁতশালৰ চিত্ৰ – পংকজ দাস

Pc Shutterstock

বিহুগীতত তাঁতশালৰ চিত্ৰ

পংকজ দাস, গহপুৰ 

ব’হাগ! ব’হাগ মানেই ৰং-ৰহইচ, মিঠা প্রতিশ্রুতি। আমাৰ দেহ-মনত প্রাণ সঞ্জীৱনী ঢালি দিব পৰা প্ৰকৃতি, অসমীয়াৰ বাপতি-সাহোন সংস্কৃতি বিহু। বিহু বুলি ক’লেই আমাৰ দেহ-মন আনন্দৰে ভৰি পৰে। প্ৰকৃতিৰ সেউজীয়া পর্বত-পাহাৰ, জান-জুৰি, নদ-নদী সকলোটিয়ে যেন বিলাই দিয়েহি বসন্তৰ বতৰা। গছ-লতাই ন-কুঁহিপাত মেলে। পলাশ, শিমলু, নাহৰ, মদাৰ, কেতেকী, কপৌ আদি ফুলে চৌদিশে জাতিষ্কাৰ কৰি তোলে। আনফালে আকৌ বাৰীৰ ঢাপত গছৰ ডালত কুলি, কেতেকী চৰায়ে সুৰীয়া মাতত গোটেই চুবুৰীটোতে জনাই দিলে ব’হাগ আহিছে বুলি। ব’হাগে আনে বহু আশা-আকাংক্ষাৰ জোৱাৰ, ইজনে-সিজনক দিয়ে মিঠা প্রতিশ্রুতি। ভেদাভেদৰ প্ৰাচীৰ ভাঙি সম্প্রীতি এনাজৰীত বুৰ যাও এক নতুন সংকল্প, আনন্দ, উন্মাদনাত- এইয়েই ব’হাগ।

অসমৰ সংস্কৃতি মূলতঃ কৃষি সংস্কৃতি। আমাৰ আপুৰুগীয়া বিহুকেইটাও মূলতঃ কৃষিভিত্তিক উৎসৱ।-কৃষিৰ লগত জড়িত সকলো বিষয়, সকলো দিশ, ৰীতি-নীতি আদি অসমীয়া বিহু গীতবোৰত পোৱা যায়। অসমীয়া জনজীৱনত বহুলভাৱে প্রচলিত তামোল-পাণ, বঁটা-শৰাই, তাঁতৰ শাল আদি প্ৰকাশ হোৱাৰ উপৰি অসমীয়া চহা জীৱনৰ লোকাচাৰ, লোক-বিশ্বাস, লোক-পৰম্পৰা, নদ-নদী, পৰ্বত-পাহাৰৰ গছ-গছনি, বিবাহ, উৎসৱ আদি কথা ৰূপায়িত হয়। মুঠতে অসমীয়া

বিহুগীতসমূহ যেন অসমীয়া সমাজৰ যেন নিমজ দাপোণ। এই দাপোণখনেই অসমীয়া সমাজৰ প্ৰতিটো বিষয় দেখিবলৈ পোৱা যায়।

তাঁতশালত বহিয়েই অসমীয়া শিপিনীয়ে চকুত লগা বিহুৱান খনতে সপোন ৰচে, জাউৰিয়ে জাউৰিয়ে বিহুনাম গাই গছৰ কুঁহিপাতকো বিহু অহাৰ বাতৰি দিয়ে। আনকি তাঁতশালৰ মাকোৰ শব্দত কুলি, কেতেকীয়েও বিহুগীতৰ সুৰ তোলে। বিহু অসমীয়াৰ আয়ুস ৰেখা।বিহু অসমীয়াৰ চেনেহৰ, আদৰৰ,প্ৰাণৰ উৎসাহ মিহলি জাতীয় উৎসৱ।আকৌ অসমীয়া নাৰীৰ প্ৰাণৰ সম্পদ তাঁতশাল খন।কৰ্ম আৰু উৎসৱৰ মাজৰ সেতু হিচাপে যুগে যুগে আমি গাই থকা বিহু গীতে খেতি_বাতিৰ লগতে তাঁতশাল খনকো সাঙুৰি লৈছে।ব’হাগ বিহুৰ সৈতে তাঁতশালৰ সম্পৰ্ক অতিকৈ গভীৰ। বিহুগীত সমূহত তাঁতশালৰ বিষয়ে নিখুঁত ভাবে বৰ্ণিত হৈছে। বয়ন শিল্পক সজীৱ কৰি ৰখাৰ মানসিকতাৰে মৰমৰ দীঘেৰে, চেনেহৰ বাণীৰে মনৰ মানুহ জনলৈ বছৰেকৰ বিহুৰ দিনা হাতে বোৱা বিহুৱান খন ডিঙিত পিন্ধাই দিবলৈ ৰচকী পখিলী হঁতৰ নিদৰ্শন বিহুগীতত পোৱা যায়।

“মৰমৰ দীঘে দি চেনেহৰ বাণীৰে
বিহুৱান এজুতি ব’লো ,
চেগ চাই বাছিলো চকুত লগা খিনি
তোমালৈয়ে বুলি থ’লো”

তাঁতশাল অসমীয়া সংস্কৃতিৰ এক আপুৰুগীয়া সম্পদ। তাঁতশালত অসমৰ শিপিনীয়ে সপোন ৰচে। বস্ত্র যোগানৰ সম্পদ তাঁতশাল খিটখিটনিয়ে গ্রাম্য জীৱনক সজীৱতা প্রদান কৰি আহিছে। তাঁতশালৰ দোপতি, মাকো, মহুৰা, ব-তোলা চুঙা, ছিৰি, শলি, টোলোঠা, গৰকামাৰি, উঘা, চেৰেকী, যতৰ আদি সম্পদ আৰু অসমীয়া নাৰীৰ এইবোৰৰ প্ৰতি প্ৰীতি বিহুগীতত মন কৰিবলগীয়া-

অতিকৈ চেনেহৰ     মুগাৰে মহুৰা
তাতোকৈ চেনেহৰ মাকো
তাতোতকৈ চেনেহৰ    ব’হাগৰ বিহুটি
নেপাতি কেনেকৈ থাকো।

তাঁতশালখনে  অসমীয়া নাৰীৰ ৰঙীন মনৰ  কৰ্ম-নিপুণতাৰ পৰিচয় দি আহিছে। ই বহু পৰিমাণে নাৰীসমাজক অর্থনৈতিক দিশত স্বাৱলম্বী হোৱাত সহায় কৰে। দুপৰীয়া নিজানত মৰমী গাভৰুৱে আপোনজনৰ ভাবত তন্ময় হৈ তাঁত বৈ থাকোতে গাঁৱৰ চেঙেলীয়া ডেকাই উকিয়াই গায়।

খিতিৰ খিতিৰ কৰি       তাঁত বৈ আছিলা
দোপতিৰ শুৱলা মাত।
তোমাৰ কাষলৈ         যাবলৈ নিদিয়ে
শতৰুৱে ভেটিলে বাট।

প্রেয়সী শিপিনীৰ প্ৰত্যুত্তৰ—

ঢোলেটি বাবলৈ        তিনিটি আঙুলি
মাজৰটি আঙুলি লৰে।
বহো তাঁতৰ পাটত    চকু আলিবাটত
মাকো সৰি সৰি পৰে।
ম’হ মেলি গুৱালটি    চাপৰি পালেগৈ
বাটত ছিঙি খালে জৰা।
পিছৰটি গুৱালে        উকিটি মাৰিছে
নুঘূৰে যতৰত শলা।

কাপোৰখন ববলৈ প্ৰথম আহিলা হ’ল মাকো। ম’হৰ শিঙৰ মাকো সকলোতকৈ ভাল,গমাৰি,তেঁতেলী, তিতাচপাৰ মাকোও ভাল হয়। এই ম’হৰ শিঙৰ মাকো পাবলৈ জটিল যদিও প্ৰিয়জনে বহু কষ্টৰে মৰমৰ চেনেহীলৈ ম’হৰ শিঙৰ মাকোটো আনি দিয়ে । মাকোটো দিয়া চলেৰে দুয়োৰে নৈ ঘাটত মনৰ কথাবোৰ পাতে । সেয়ে বিহুগীতত গায়-

ম’ইৰে শিঙৰে মাকো      মই আনি দিম
গুপুতে লুকুৱাই থ’বা।
পানী অনাৰ ছলেৰে         নৈৰে ঘাটতে
মনৰে কথাতো ক’বা।

কৃষিজীৱী সমাজত পুৰুষৰ বাবে হালখন আৰু মহিলাৰ বাবে তাঁতশালখন প্রাথমিক প্রয়োজন। ইয়াকে লৈ গাঁৱৰ পাহুৱাল ডেকা আৰু ৰূপহী গাভৰুৱে যুগ্মজীৱনৰ সপোন দেখি বিহুৰ গীতত গায়–

তুমি কৰি যাবা          ৰোৱনী দাৱনী
মইনো বাই যাম হাল।
তুমি লগাই ল’বা      বিহুৰে গামোচা
মইনো পাতি দিম শাল।

বিহু গীতৰ কোঁহে কোঁহে শিপাই আছে অসমীয়া শিপিনীৰ বুকুৰ কুটুম তাঁতশালখন। গাভৰু শিপিনীয়ে তাঁতশালত বহিয়েই চেনাই ধনক লৈ অলেখ সপোন ৰচে। কিন্তু হৃদয়ত অংকুৰিত হৈ থকা মৰম ভালপোৱাৰ বোৰৰ বৰ্হি প্ৰকাশ কৰিবলৈ ওচৰত চেনাইধন নাই। গাভৰু শিপিনীয়ে তাঁতশালত মন বঢ়াব নোৱাৰি এনেদৰে বিহু নাম গায় ……

ঢোলৰ চাপৰত পেঁপাৰে লহৰত
চেনাইটি ঐ গচকত ভাঙি যাওঁ যঁতৰ,
বহো তাঁতৰ পাতত
চকুনো আলিবাটত
মাকোনো সৰি সৰি পৰে,
তামোল হোৱা হ’লে ফালি দেখুৱালো হেঁতেন
কিহে মোক আমনি কৰে” ।

তাহানি  যুদ্ধ সময়ত এইখন অসম দেশতেই ৰাতিটোৰ ভিতৰত ‘অসমীয়া তিৰোতাই সূতা কাটি কাপোৰ বই কৱচ পিন্ধাই স্বামীক যুঁজলৈ পঠাইছিল। এই ৰণুৱাই কৱচ বৈ দিয়াৰ কথা বিহুগীতত পোৱা যায়..

ভাতে ৰান্ধি দিয়া     আই মোৰ জননী
পানী আনি দিয়া খাওঁ।
চেনাই বৈয়ে দিয়া     কৱচ কাপোৰ খনি
বঙালি মাৰিবলৈ যাওঁ।

কৃষিজীৱী সমাজত পুৰুষেও যে কাঁজী তিৰোতাকহে সাংসাৰিক তথা কর্মজীৱনৰ লগৰী কৰিব বিচাৰিছিল। তাৰো উল্লেখ বিহুগীতত আছে

যোৱা বেলি বিহুতে         গামোচা খুজিলো
এইবেলি কাটিছ পাঁজি।
কেলেই লাগিছে            বিহুচেৰা গামোচা
আনিলম তোতকৈ কাঁজী।

অসমীয়া গ্ৰাম্য সমাজত বোৱা-কটা জনাটো অসমীয়া তিৰোতাৰ বিশেষ গুণ। সেয়ে ককায়েকৰ বাবে কইনাচাবলৈ গলে বিহু নামৰ চলেৰে সোধা হয়…

“অ’ নবৌ গামোচা ব’ব জানানে?
অ’নবৌ আমাকো এখন দিবা নে?
আমাৰ ঘৰৰ সিজনীয়ে আকৌ
গামোচা বব নাজানে ।”

ওলোটাই ককায়েককো সুধে…..

অ’ ককাইদেউ তাঁতশাল পাতিব জাননে?
অ’ ককাইদেউ চেৰেকী সাজিব জাননে”?

ঘৰুৱা কামৰ মাজেৰেও তাঁতশালত অসমীয়া জীয়াৰী-বোৱাৰীয়ে নিজৰ বাবে চাদৰ-মেখেলা আৰু পুৰুষ বাবে গামোচা-চেলেং ,চোলা-চুৰিয়া খন ঘৰতেই বৈ কাটি লয়। সেয়ে বিহুগীতত সৰু ভনীজনীক ককাইয়েকে এনে দৰে কয়-

সৰু সূতাৰ চেলেংখনি
বৈ দিয়া সৰুভনী
বিহু মাৰিবলৈ যাওঁ।
ঐ গোবিন্দাই ৰাম।

বিহু অহা আগৰেপৰাই অতি হেঁপাহৰে চেনাইলৈ বুলি বিহুৱানখন বয় তাতে যদি  বিহুৱানখন  ল’বলৈ চেনাই আহে নে নাহে প্ৰেমিকাৰ সন্দেহ হ‌য় । সেয়ে তাঁতৰ পাতত বহি বিহুনাম গায়-

আগলি বাঁহৰে লাহৰী গগণা ঐ,
লাহৰী গগণা ঐ
বহি তাঁতৰ পাতত, বহি তাঁতৰ পাতত বাওঁ
আহে কি নাহে মোৰ ধন চেনাই ঐ
চিৰি পাতিত  মঙলখন চাওঁ
চিৰি পাতিত মঙলখন চাওঁ।

বিহুগীতবোৰত এনেকৈয়ে অসমীয়া জীয়ৰী-বোৱাৰী মৰমৰ তাঁতশালখন আৰু বোৱা-কটাৰ কথাবোৰ সোমাই আছে।বিশেষকৈ ৰঙালী বিহুৰ গীতবোৰে তাঁতশালখনক বোৱাই নিছে অসমীয়া সংস্কৃতিৰ প্ৰবাহিত নদীলৈ । অসমৰ সামাজিক আৰু অৰ্থনৈতিক দুয়োটা দিশতে তাঁতশালৰ বৈশিষ্ট্য নুই কৰিব নোৱাৰি।এই তাঁতশালত ব্যৱহৃত বহুতো সজুঁলিৰ নামেই বিহুগীতত উল্লেখ আছে।যি কি নহওঁক অসমীয়া শিপিনীৰ হিয়াৰ আমঠু এই তাঁতশালখনে বোৱা কটাৰ জৰিয়তে তাঁত শিল্পৰ পৰম্পৰা ৰক্ষা কৰি আহিছে।