আৰচিবিৰ হাতত পৰাস্ত মুম্বাই ইণ্ডিয়ানছ
ৰঙিলী বাৰ্ত্তাসেৱা- চলিত আইপিএলত পাঁচবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছৰ পৰাজয়ৰ হেটট্রিক। মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হাই স্ক’ৰিং মেচখনত ডিফেণ্ডিং চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰৰ হাতত ঘৰুৱা দল মুম্বাই ইণ্ডিয়ানছ ১৮ ৰানত পৰাস্ত হয়। মেচখনত আৰচিবিয়ে জয়ৰ বাবে বান্ধি দিয়া ২৪১ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি ৰাডাৰফ’ৰ্ডৰ অপৰাজিত ৭১, অধিনায়ক হার্দিকৰ ৪০, অ’পেনাৰ ৰিকেলটনৰ ৩৭ আৰু সূর্য কুমাৰ যাদৱৰ ৩৩ বানৰ সহায়ত মুম্বাই ইণ্ডিয়ানছে নিৰ্ধাৰিত ২০ অ’ভাৰত ৫টা উইকেট হেৰুৱাই ২২২ ৰান কৰে। তাৰকা বেটাৰ ৰোহিত শৰ্মা ১৯ ৰানত ৰিটায়ার্ড হার্ট হয়। তিলক বার্মাই মাত্র ১ ৰান কৰি পেভিলিয়নমুখী হয়। আৰচিবিৰ হৈ সুয়ষ শৰ্মাই সর্বাধিক দুটা উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে প্ৰথমে বেটিং কৰি অ’পেনাৰদ্বয় ফিল ছল্ট আৰু বিৰাট কোহলিৰ লগতে অধিনায়ক ৰজত পাটিদাৰৰ দুর্দান্ত অর্ধশতকৰ সহায়ত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে নিৰ্ধাৰিত ২০ অ’ভাৰত চাৰিটা উইকেট হেৰুৱাই ২৪০ ৰান সংগ্ৰহ কৰে। ছল্ট আৰু কোহলিয়ে প্রথম উইকেটত ১২০ ৰান সংগ্ৰহ কৰি দলক আক্রমণাত্মক আৰম্ভণি দিয়ে। ছল্টে ৩৬টা বলত ৬টা চাৰি আৰু সমসংখ্যক ছয়েৰে ৭৮ ৰান কৰি বিদায় লোৱাৰ বিপৰীতে কোহলিয়ে ৩৮টা বলত ৫০ ৰানৰ অৱদান আগবঢ়ায়। কোহলিৰ ইনিংছটোত আছিল ৫টা চাৰি আৰু ১টা ছয়। ইফালে অধিনায়ক পাটিদাৰে মাত্র ২০টা বলত ৪টা চাৰি আৰু ৫টা ছয়েৰে ৫৩ ৰান কৰি দলক শক্তিশালী স্থিতিত উপনীত কৰায়। আনহাতে, টিম ডেভিদে মাত্র ১৬টা বলত ২টা চাৰি আৰু ৩টা ছয়েৰে ৩৪ ৰান কৰি অপৰাজিত হৈ থাকে। মন কৰিবলগীয়া যে ক্রমাগত চতুর্থখন মেচত উইকেট লাভ কৰাত ব্যর্থ হয় মুম্বাইৰ তাৰকা পেচ বলাৰ যশপ্রীত বুমৰাহ। মুম্বায়ে এতিয়ালৈকে ৪খন মেচ খেলি ৩খনত পৰাজিত আৰু এখনত জয়লাভকৰাৰ বিপৰীতে আৰচিবিয়ে ৪খন মেচৰ ৩খনত জয় আৰু এখনত পৰাজয় হয়।
