দিল্লীৰ পৰা হায়দৰাবাদলৈ পলাল পৱন খেড়া
ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ নামত তিনিখনকৈ পাছপ’র্ট থকা বুলি ভুৱা অভিযোগ উত্থাপন কৰা কংগ্ৰেছ নেতা পৱন খেড়াক বিচাৰি নতুন দিল্লীত উপস্থিত হয় অসম আৰক্ষীৰ এটা দল। নতুন দিল্লীৰ পূব নিজামুদ্দিনত থকা পৱন খেড়াৰ বাসভৱনত দিল্লী আৰক্ষীৰ সহযোগত অসম আৰক্ষীৰ এটা দলে তালাচী চলায়। লক্ষণীয়ভাৱে পৱন খেড়াই আৰক্ষী অহাৰ উমান পায়েই দিল্লী এৰি হায়দৰাবাদলৈ পলাই যায়। পৱন খেড়াৰ অনুপস্থিতিত এচিপি দেৱজিৎ নাথৰ নেতৃত্বত অহা অসম আৰক্ষীৰ দলটোৱে দিল্লী আৰক্ষীৰ সহযোগত খেড়াৰ বাসভৱনত তালাচী চলাই কিছু আপত্তিজনক নথি-পত্ৰ উদ্ধাৰ কৰে। খেড়াৰ বাসভৱনত তালাচী সন্দৰ্ভত এচিপি দেৱজিৎ নাথে সংবাদ মাধ্যমৰ আগত অৱগত কৰে যে গুৱাহাটীৰ অপৰাধ শাখাৰ আৰক্ষী থানাত কংগ্ৰেছ নেতা পৱন খেড়াৰ বিৰুদ্ধে এক গোচৰ ৰুজু হৈছে, যাৰ বাবে তেওঁৰ প্ৰয়োজন আছিল। আৰক্ষী বিষয়াজনে লগতে উল্লেখ কৰে যে তালাচীৰ সময়ত কিছু আপত্তিজনক নথি-পত্ৰ লাভ কৰিছে যদিও তদন্তৰ খাতিৰত সেয়া ৰাজহুৱা কৰিব পৰা নাযাব। আৰক্ষীয়ে অভিযানকালত পৱন খেড়াৰ বাসগৃহৰ পৰা কেইবাটাও ইলেক্ট্র’নিক সঁজুলি জব্দ কৰিছে। আৰক্ষীয়ে পৱন খেড়া বর্তমান ক’ত আছে তাৰ সঠিক সন্ধান উলিয়াব পৰা নাই যদিও কংগ্ৰেছ দলৰ সূত্ৰই প্ৰকাশ কৰা মতে, তেলেংগানাৰ ৰাজধানী হায়দৰাবাদলৈ হঠাৎ যাত্রা কৰিছে পৱন খেড়াই। উল্লেখ্য যে যোৱা দেওবাৰে নতুন দিল্লীত এক সংবাদ মেল সম্বোধন কৰি পৱন খেড়াই মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ বিৰুদ্ধে কেইবাটাও ভুৱা অভিযোগ উত্থাপন কৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল। গুৰুতৰ অভিযোগৰ পিছত সোমবাৰে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই অসম আৰক্ষীৰ অপৰাধ শাখাত এখন এজাহাৰ দাখিল কৰে। উক্ত এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে তদন্ত প্রক্রিয়া আৰম্ভ কৰিছে। আনহাতে পত্নীৰ বিৰুদ্ধে ভুৱা অভিযোগ তুলি পলায়ন কৰা কংগ্ৰেছ নেতা পৱন খেড়াক অসম আৰক্ষীয়ে পাতালৰ পৰা হ’লেও বিচাৰি উলিয়াব বুলি স্পষ্ট কৰিলে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। দেৰগাঁৱত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে কয়- পুৱা ৬ বজাতে অসম এৰি পলায়ন কৰা পৱন খেড়া যদি পাতালতো লুকাই থাকে, তেওঁক উলিয়াই অনা হ’ব। অসম আৰক্ষীয়ে তেওঁক ধৰি আনি সুধিব, এই ভুৱা নথি ক’ত পাইছিল। মোৰ সন্দেহ এই নথিসমূহ ৰাহুল গান্ধীয়ে পৱন খেড়াক দিছিল। গতিকে এই গোচৰ ৰাহুল গান্ধীৰ ওচৰলৈ যাব। মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰে- মোক ভয় খুৱাবলৈ চেষ্টা নকৰিব। এয়া অসম-মই ১৭বাৰ ইছলামিক আগ্ৰাসনৰ বিৰুদ্ধে যুঁজ দিছোঁ। মই বেলেগ ধৰণৰ। কোনোধৰণৰ কংগ্ৰেছী নেতাক মই খাতিৰ নকৰোঁ।
