সামৰণি পৰিল বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ
ৰঙিলী বাৰ্ত্তাসেৱা- সামৰণি পৰিল অসম বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ। মঙলবাৰে বিয়লি ৫ বজাৰ লগে লগে নির্বাচনী প্ৰচাৰ অভিযানৰ আনুষ্ঠানিক সামৰণি পৰে। মঙলবাৰে বিয়লি ৫ বজাৰ পৰা অহা ৯ এপ্ৰিলৰ ভোটগ্ৰহণৰ আৰম্ভণিলৈ ‘নীৰৱতাৰ সময়’ ঘোষণা কৰিছে নির্বাচন আয়োগে। অর্থাৎ মঙলবাৰে বিয়লি ৫ বজাৰ পৰা প্রতিদ্বন্দ্বিতাত অবতীর্ণ কোনো প্রার্থীয়ে প্ৰচাৰ অভিযান চলাব নোৱাৰিব। ৰাজনৈতিক দল তথা প্রার্থীসকলে প্ৰচাৰ অভিযানৰ অন্তিম দিনা শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ সমষ্টিয়ে সমষ্টিয়ে শেষবাৰৰ বাবে ভোটাৰৰ মন আকৰ্ষণৰ বাবে জোৰদাৰ ৰূপত প্ৰচাৰ চলায়। বিশাল বিশাল নির্বাচনী প্ৰচাৰ সভা, ৰং-বিৰঙী দলীয় পতাকাৰে শোভাযাত্রা, চাইকেল, মটৰচাইকেল, চাৰিচকীয়া বাহনৰ দীঘল দীঘল শোভাযাত্ৰাৰ মাজেৰে নিৰ্বাচনত অৱতীর্ণ প্রার্থীসকলে ভোটাৰৰ মনোযোগ আকৰ্ষণৰ চেষ্টা কৰি নিজৰ শক্তি প্রদর্শন কৰে। উল্লেখ্য যে নির্বাচনী প্ৰচাৰৰ অন্তিম দিনা বিজেপি মিত্ৰজোঁটৰ হৈ প্ৰচাৰ অভিযান চলায় কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে। কেন্দ্রীয় গৃহমন্ত্ৰীগৰাকীয়ে বৰাকৰ পাথাৰকান্দি, হাইলাকান্দি আৰু শিলচৰত মিত্ৰজোঁটৰ হৈ প্ৰচাৰ চলায়।আনহাতে বিজেপিৰ হৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰ জিলাৰ ডিমৌ, যোৰহাটৰ টীয়ক, তিতাবৰ আৰু গোলাঘাটৰ দেৰগাঁও সমষ্টিত প্ৰচাৰ চলাই প্ৰচাৰ অভিযানৰ সামৰণি মাৰে। এই সমষ্টিসমূহত বিজেপি চৰকাৰৰ উন্নয়ন আৰু বিকাশৰ প্ৰতিশ্রুতিত মুগ্ধ হৈ হাজাৰ হাজাৰ লোকে অংশগ্রহণ কৰি বিজেপি চৰকাৰক আনিবলৈ অংগীকাৰ কৰে। অগপ সভাপতি অতুল বৰাই নিজা সমষ্টি বোকাখাতত হাজাৰ হাজাৰ জনতাৰ অংশগ্রহণেৰে এক ৰেলী উলিয়ায়। অনুৰূপ ধৰণে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে তিতাবৰত দলীয় প্রার্থী প্ৰাণ কুৰ্মীৰ হৈ শোভাযাত্রাত ভাগ লয়। তদুপৰি তেওঁ যোৰহাট সমষ্টিতো অন্তিমবাৰৰ বাবে প্ৰচাৰ চলায়। বিটিএডি এৰিয়াতো বিপিএফৰ মুৰব্বী হাগ্রামা মহিলাৰী, ইউপিপিএলৰ মুৰব্বী প্রমোদ বড়োৱে প্ৰচাৰ অভিযান চলায়। আজি সামৰণি পৰা এই প্ৰচাৰ অভিযানৰ জৰিয়তে প্ৰাৰ্থীসকলে নতুন ঘোষণা আৰু প্ৰতিশ্ৰুতিৰে ভোটাৰৰ কাষ চাপিবলৈ চেষ্টা কৰা দেখা যায়। ইফালে অহা ৯ এপ্রিলত হ’ব লগা ভোটগ্রহণৰ বাবে ভোটগ্রহণ কেন্দ্ৰলৈ ৰাওনা হৈছে নিৰ্বাচনত নিয়োজিত বিষয়া-কর্মচাৰী। এইবাৰ মুঠ ৩১,৪৯০টা ভোটগ্রহণ কেন্দ্ৰ পৰিচালনাৰ বাবে প্ৰায় ১.৯০ লাখ বিষয়া-কর্মচাৰী নিয়োজিত কৰা হৈছে। তদুপৰি নিৰ্বাচন যাতে সুকলমে সমাপ্ত হয় তাৰ বাবে নির্বাচন আয়োগে ৭৪ হাজাৰ অসম আৰক্ষীৰ জোৱানৰ লগতে ৮০০টা চিআৰপিএফৰ কোম্পানী মোতায়েন কৰিছে। উল্লেখ্য যে এইবাৰৰ নিৰ্বাচনত ৭২২গৰাকী প্রার্থী অৱতীৰ্ণ হৈছে। নিৰ্বাচনত ভোটদান কৰিব ২,৫০,৫৪,৪৬৩গৰাকী ভোটাৰে।
