মুম্বাইক পৰাস্ত কৰি জয়ৰ হেটট্ৰিক ৰাজস্থান ৰয়েলছৰ

Pc ANI News

মুম্বাইক পৰাস্ত কৰি জয়ৰ হেটট্ৰিক ৰাজস্থান ৰয়েলছৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটীৰ বৰ্ষাপাৰাত অনুষ্ঠিত বর্ষাবিঘ্নিত মেচখনত ৰিয়ান পৰাগ নেতৃত্বাধীন ৰাজস্থানে পাঁচবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছক ২৭ ৰানত পৰাস্ত কৰে। বৰষুণৰ বাবে ১১ অভাৰলৈ হ্রাস কৰা মেচখনত ৰাজস্থানে জয়ৰ বাবে বান্ধি দিয়া ১৫১ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি মুম্বায়ে নির্ধাৰিত ১১ অভাৰত ৯টা উইকেট হেৰুৱাই ১২৩ ৰানহে কৰে। দলটোৰ হৈ নমন ধীৰ আৰু ৰাডাৰফ’ৰ্ড উভয়ে সর্বাধিক ২৫ ৰান কৰে। ৰিকেলটনে ৮, ৰোহিতে ৫, সূর্যকুমাৰে ৬, তিলকে ১৪ আৰু হার্দিকে ৯ ৰান কৰে। ইয়াৰ পূৰ্বে প্রথমে বেটিং কৰি অ’পেনাৰদ্বয় যশস্বী জয়ছোৱাল আৰু বৈভৱ সূর্যবংশীৰ বিধ্বংসী বেটিঙৰ সহায়ত ৰাজস্থানে নিৰ্ধাৰিত ১১ অভাৰত তিনিটা উইকেট হেৰুৱাই ১৫০ ৰান কৰে। বৈভৱে ১৪টা বলত ৩৯ ৰান কৰি বিদায় লয় যদিও যশস্বীয়ে ৩২টা বলত ১০টা চাৰি আৰু চাৰিটা ছয়েৰে ৭৭ ৰান কৰি অপৰাজিত হৈ থাকে। অধিনায়ক ৰিয়ান পৰাগে ২০ ৰান কৰে। ৰাজস্থানৰ হৈ বাৰ্গাৰ, বিষ্ণৈ, সন্দীপে দুটাকৈ উইকেট দখল কৰাৰ বিপৰীতে তুষাৰ আৰু আৰ্চাৰে এটাকৈ উইকেট দখল কৰে ৷