জীয়া জুই সামৰি…
অৰ্ণৱ কটকী
জাঁজী, যোৰহাট
জীৱনৰ অকথিত কাহিনী
একুৰা জীয়া জুই সামৰি
লিখিম এখনি তেজে ধোৱা জীৱনী
বিচ্ছেদৰ জোলোঙা খুচৰি।
আজিও অক্ষত তোমাৰ স্মৃতি সোণোৱালী
তুমি মোৰ জীৱনী,প্ৰেৰণাৰ এগছি বন্তি!
নহ’লেও মোৰ বাস্তৱ সংগী,
মোৰ মনৰ অকথিত কিছু কাহিনী।
বেদনাৰে ভিৰ কৰা বুকু খনিত সজীৱ আজিও সোঁৱৰণী;
হেঁচা খাই বোকাত পোত যোৱা কলিজাৰ দুৱৰি
অনাদৃত আজি,
অৱহেলিত ওঁঠত ৰঙীণ এমুঠি মৃতপ্ৰায় হাঁহি
উপেক্ষিত হিয়াৰ কৰাল বন্ধা কিছু আধা লেখা কাহিনী
ভঙা গঢ়া মনৰ নিজেই নিজৰ অতিথি।
তুমি মোৰ সাহসৰ জীয়াভৰলী
মই হে ওপঙি ফুৰা কাগজৰ ফটা-চিটা নাওঁ।
প্ৰকৃতিৰ পূজাৰী তুমি চিৰ তৰুণ, চিৰ নতুন
মই মাথোঁ অনাবৃষ্টি হোৱা চৰণীয়া পথাৰ,
বন জুই বিয়পা বুকুত জাহ যোৱা হেজাৰ সপোনৰ গৰাকী
একুৰা জীয়া জুই সামৰি।।
