ৰাজ্যিক মর্যাদাৰে শেষকৃত্য সম্পন্ন গিলবার্টছন চাংমাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যিক মর্যাদাৰে বিদায় দিয়া হয় অসম ফুটবলৰ ৰাজপুত্ৰ গিলবার্টছন চাংমাক। শনিবাৰে পুৱা কাহিলিপাৰাৰ বাসভৱনত দীর্ঘদিনীয়া অসুস্থতাৰ অন্তত মৃত্যু হৈছিল অসম ফুটবলৰ মেন অৱ গ’ল্ডেন বুট নামেৰে পৰিচিত প্ৰবীণ ফুটবলাৰগৰাকীৰ। আৰু দেওবাৰে পুৱা খ্ৰীষ্টান ধর্মীয় ৰীতি-নীতিৰে পৰিয়ালে সকলো নিয়ম সম্পূর্ণ কৰাৰ অন্তত প্রবীণ ফুটবলাৰগৰাকীৰ নশ্বৰদেহ কাহিলিপাৰা গির্জা ঘৰলৈ নিয়া হয়। তাতে গুণমুগ্ধই শ্রদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পাছত কাহিলিপাৰাৰ দশম আৰক্ষী বেটেলিয়নৰ মুখ্য কাৰ্যালয়লৈ নশ্বৰদেহ নিয়া হয়। অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান হৰমিট সিঙে মৃতদেহত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। অসম ফুটবলৰ কিংবদন্তি পুৰুষগৰাকীলৈ শেষ শ্রদ্ধা জনাই তেওঁ কয় যে গিলবার্টছন চাংমা কেৱল অসম আৰক্ষীৰ বাবেই নহয়, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ক্রীড়াজগতৰ এগৰাকী কিংবদন্তি আছিল। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ গৌৰৱ গিলবার্টছন চাংমাৰ বিয়োগ অসম আৰক্ষীৰ পৰিয়ালৰ প্ৰতিগৰাকী সদস্যৰ বাবে অপূৰণীয় ক্ষতি। ফুটবলাৰ আৰু ফুটবলপ্রেমীসকলৰ বাবে তেওঁ আছিল অনুপ্ৰেৰণাৰ উৎস। কিংবদন্তি ফুটবলাৰগৰাকীৰ অৱদানৰ প্ৰতি শ্ৰদ্ধা জনায় তেওঁ পুনৰ কয় যে অহা বছৰৰ পৰা ফুটবলাৰগৰাকীৰ স্মৃতিত অসম আৰক্ষীয়ে এখন ফুটবল টুর্নামেন্টৰ আয়োজন কৰিব। এসময়ত তেওঁ যিসকল দলৰ সৈতে খেলিছিল, সেই দলবোৰকো উক্ত টুর্নামেন্টলৈ আমন্ত্রণ জনোৱা হ’ব। উল্লেখ্য যে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে বিশিষ্ট ক্রীড়াবিদ চাংমাৰ নশ্বৰদেহত মাল্যার্পণ কৰি শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে অসম আৰক্ষীৰ সদস্যসকলে এটা শোক পেৰেড অনুষ্ঠিত কৰে। ৰাজ্য চৰকাৰৰ ৰাজ্যিক মর্যাদাৰে তেওঁক অন্তিম বিদায় জনোৱা হয়। লক্ষণীয় যে দশম আৰক্ষী বেটেলিয়নৰ কাৰ্যালয়ত অসম আৰক্ষীৰ বিষয়া-কৰ্মচাৰীসকলে শেষ শ্রদ্ধা জ্ঞাপন কৰাৰ পাছতে নশ্বৰদেহ জজ খেলপথাৰৰ টাউন ক্লাবলৈ অনা হয়। তাতে গুৱাহাটী ক্রীড়া সন্থাৰ তৰফৰ পৰা দেৱজিত লন শইকীয়াকে প্রমুখ্য কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে প্রয়াত ফুটবলাৰগৰাকীক অন্তিম শ্রদ্ধা জ্ঞাপন কৰে। তাৰ পাছত মৃতদেহ মালিগাঁৱৰ আদিংগিৰিলৈ নিয়া হয়। তাতেই খ্রীষ্টান ধর্মীয় ৰীতি-নীতি অনুসৰি শেষকৃত্য সম্পন্ন কৰা হয়।
