পাৰ্থপ্রতিম বৰাৰ প্ৰদেশ কংগ্ৰেছৰ পদত্যাগ
ৰঙিলী বাৰ্ত্তাসেৱা- দল ত্যাগ কৰিলে কংগ্ৰেছ নেতা পাৰ্থপ্ৰতীম বৰাই। বিশেষকৈ মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি শৰ্মা ভূঞাৰ বিৰুদ্ধে কংগ্ৰেছে মিছা অভিযোগ অন কাৰ্যৰ প্ৰতিবাদ সাব্যস্ত কৰি প্ৰদেশ কংগ্ৰেছৰ সকলো দায়িত্ব আৰু প্ৰাথমিক সদস্যৰ পৰা পদত্যাগ পাৰ্থ প্ৰতীম বৰাৰ। নিজৰ পদত্যাগ সন্দর্ভত পার্থপ্রতিম বৰাই সামাজিক মাধ্যমযোগে এক অডিঅ’ বার্তা প্রকাশ কৰি কয় যে তেওঁ মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে মিছা অভিযোগ অনা পৱন খেড়া ইনক্লুছিভ মাইণ্ড আৰু কংগ্ৰেছ দলৰ কাৰ্যৰ প্ৰতিবাদ সাব্যস্ত কৰি প্ৰদেশ কংগ্ৰেছৰ সকলো দায়িত্ব আৰু প্রাথমিক সদস্যৰ পৰা পদত্যাগ কৰিছে। দল ত্যাগ কৰি সামাজিক মাধ্যমত পার্থপ্রতিম বৰাৰ মন্তব্য- ২০-২২ বছৰে ৰাজনীতিৰ লগত জড়িত হৈ আছোঁ। এনএছইউআইৰ প্ৰথম নির্বাচিত সভাপতি আছিলোঁ আৰু প্ৰদেশ কংগ্ৰেছৰ সম্পাদক আৰু মুখপাত্রও আছিলোঁ। আজি পৱন খেড়াৰ সংবাদ মেলত যি দেখিলোঁ সেয়া অতি নিম্নখাপৰ ৰাজনীতি। এনেধৰণৰ ষড়যন্ত্ৰ হ’ব বুলি আমি আগৰে পৰা গম পাই আছিলোঁ। এনেকুৱা ধৰণৰ দলীয় আলোচনাৰ কথা মই গম পাওঁ আৰু ইয়াৰ বহুবাৰ বিৰোধ কৰিছোঁ। মই কৈ আহিছোঁ যে ৰাজনীতি অসমৰ জনতাৰ উন্নয়ন, অসমৰ জনতাৰ হিতৰ কাৰণে কৰক। মিছা অপবাদ, মিছা অভিযোগ আৰু মনেসজা কিছুমান কথা ৰাইজৰ ওচৰলৈ আনিলে বুমেৰাং হ’ব বুলি কংগ্রেছ নেতৃত্বক কৈছিলোঁ। এই কথা বাৰেপতি মই নেতৃত্বক কৈ আহিছোঁ আৰু আজি সেয়াই পৰিলক্ষিত হ’ল। আগন্তুক দুই-তিনি দিন এনেধৰণৰ কথা আৰু শুনিবলৈ পাব। এইধৰণৰ মিছাৰ অংশ হ’ব নোৱাৰোঁ বুলি উল্লেখ কৰি পাৰ্থপ্রতিম বৰাই কয় যে এইধৰণৰ কাম-কাজৰ কাৰণেই মই কংগ্ৰেছ দল বাদ দিছোঁ আৰু মই এতিয়াও কংগ্ৰেছ দলৰ নেতৃত্বক কওঁ যে মিছা অপবাদ বাদ দি আপোনালোকে ৰাইজৰ কাৰণে কি কৰিব তাত গুৰুত্ব দিয়ক। পার্থপ্রতিম বৰাই ৰিণিকি ভূঞা শৰ্মাৰ পাছপ’ৰ্ট চাৰিখন থাকিব পাৰে নেকি বুলি প্রশ্ন কৰি এইধৰণৰ কথাবোৰ, অভিযোগ মনেসজা বুলি কয়।
