সংস্কৃতি সুৰক্ষাৰ স্বাৰ্থত ৰাজ্যবাসীক এশ শতাংশ ভোটদানৰ আহ্বান প্ৰজ্ঞাৰ

Pc India Today

সংস্কৃতি সুৰক্ষাৰ স্বাৰ্থত ৰাজ্যবাসীক এশ শতাংশ ভোটদানৰ আহ্বান প্ৰজ্ঞাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ আগন্তুক বিধানসভা নির্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত ৰাজ্যৰ বৰ্তমানৰ পৰিস্থিতি আৰু ভৱিষ্যতৰ প্ৰত্যাহ্বান সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ ৰাজহুৱা গোহাৰি প্ৰকাশ কৰিছে সামাজিক-সাংস্কৃতিক সংগঠন প্রজ্ঞাই। প্রজ্ঞাই গোহাৰি-পত্ৰৰ যোগে অসমৰ পৰিচয়, সংস্কৃতি আৰু নিৰাপত্তাৰ সৈতে পোনপটীয়াকৈ জড়িত জটিল বিষয়সমূহৰ প্ৰতি ৰাজ্যবাসীৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছে। বহুসংখ্য সত্ৰাধিকাৰ, ধৰ্মীয় গুৰু, উপাচার্য, শিল্পী, সাহিত্যিক, সেনা বিষয়া, অধ্যাপক, অধিবক্তাকে ধৰি দুই শতাধিক বিশিষ্ট লোকে স্বাক্ষৰ কৰা এই ৰাজহুৱা আৱেদনৰ জৰিয়তে মূলতঃ নামনি অসমৰ পৰা উজনি অসমলৈ ঘটি থকা দ্রুত জনগাঁথনিগত পৰিৱৰ্তনক লৈ গভীৰ উদ্বেগ প্রকাশ কৰিছে। প্ৰব্ৰজনকাৰীৰ প্ৰভাৱ ক্ৰমাৎ বৃদ্ধি পোৱাৰ বাবে বহু অঞ্চলৰ খিলঞ্জীয়া লোকে নিজৰ বাসস্থান এৰিবলৈ বাধ্য হৈছে। ৰাজনৈতিক পৃষ্ঠপোষকতাত খিলঞ্জীয়া জনগোষ্ঠীৰ সংস্কৃতি, ভাষা আৰু ভূমিৰ প্ৰতি অহা ভাবুকি বন্ধ কৰিবলৈ নিৰ্বাচনৰ সময়ত সুনির্দিষ্ট সিদ্ধান্ত গ্ৰহণৰ প্ৰয়োজনীয়তাত প্রজ্ঞাই গুৰুত্ব আৰোপ কৰে। অসমৰ জনগাঁথনি ৰক্ষা আৰু থলুৱাৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ উদ্দেশ্যৰ লগতে নৱপ্ৰজন্মক ৰক্ষা কৰিবলৈ নিচা আৰু ড্ৰাগৰ বিৰুদ্ধে কঠোৰ নীতি থকা দলক সমর্থন কৰিবলৈ আহ্বান জনোৱা হৈছে। ইফালে, ৰাষ্ট্ৰবিৰোধী আৰু থলুৱা বিৰোধী শক্তিৰ অপপ্ৰচাৰৰ বিৰুদ্ধে সজাগ হৈ থাকিবলৈ ৰাইজলৈ অনুৰোধ জনাইছে। একে সময়তে আত্মনিৰ্ভৰশীলতা, থলুৱা সামগ্ৰীৰ প্ৰচাৰ, জৈৱিক কৃষি নিয়ন্ত্রণ, শিক্ষাৰ বাণিজ্যিকীকৰণ আদি বিষয়ত ৰাজনৈতিক দলৰ স্থিতি স্পষ্ট হ’ব লাগে বুলিও গোহাৰিত উল্লেখ কৰিছে। শেষত অসমৰ ভৱিষ্যতৰ স্বাৰ্থত ১০০ শতাংশ ভোটদান নিশ্চিত কৰিবলৈ আহ্বান জনোৱা হৈছে। ভোটাৰক সকীয়াই দিয়া হৈছে ‘ন’টা’ ব্যৱহাৰ কৰি নিজৰ বহুমূলীয়া ভোট নষ্ট নকৰিবলৈ।