এইবাৰ কলকাতা পর্যন্ত আক্ৰমণৰ হুংকাৰ পাকিস্তানৰ

Pc The Hindu

এইবাৰ কলকাতা পর্যন্ত আক্ৰমণৰ হুংকাৰ পাকিস্তানৰ

ৰঙিলী বাৰ্ত্তাসেৱা-    যুদ্ধ অন্ত পৰিল যদিও অন্ত পৰা নাই উত্তেজনা। বাৰে বাৰে সংঘৰ্ষৰ ভাবুকি দিছে পাকিস্তানে।  ভৱিষ্যতে যদি ভাৰত আৰু পাকিস্তান দুয়োখন দেশৰ মাজত কোনো সংঘাত হয় তেনেহ’লে সেয়া আৰু সীমান্ততে সীমাবদ্ধ হৈ নাথাকিব। ভাৰতৰ অভ্যন্তৰলৈ সি বিয়পি পৰিব। এইবাৰ আক্ৰমণ কলকাতা পর্যন্ত পাবগৈ। শনিবাৰে এই ভাষাতেই ভাৰতক হুমকি দিলে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফে।শিয়ালকোটত সাংবাদিকৰ মুখামুখি হৈ মন্ত্ৰীগৰাকীয়ে কয়- ‘ভাৰতে যদি এইবাৰ মিছা অজুহাতত কোনোধৰণৰ
অভিযান চলোৱাৰ চেষ্টা কৰে তেনেহ’লে তাৰ পৰিণতি ভাল নহ’ব। এইবাৰ আমি সেই সংঘাতক কলকাতা পর্যন্ত টানি লৈ যাম।’ তেওঁ দাবী কৰে যে ভাৰতত শীঘ্রেই কোনো ‘ফল্ছ ফ্লেগ’ আক্রমণ হ’ব পাৰে। ভাৰতে নিজেই নিজকে ৰক্তাক্ত কৰাৰ ষড়যন্ত্ৰ কৰিছে। সমগ্ৰ বিষয়টোক তেওঁলোকে এটা সন্ত্রাসবাদী আক্রমণ হিচাপে দেখুওৱাৰ পৰিকল্পনা কৰিব বুলিও দাবী কৰে তেওঁ। অৱশ্যে নিজৰ কথা প্ৰমাণ কৰিবলৈ তেওঁ কোনো প্রমাণ দিব নোৱাৰিলে। তেওঁ আৰু কয়- ‘যদি ভাৰতে এনেধৰণৰ কিবা কৰাৰ চেষ্টা কৰে তেনেহ’লে যোৱা বছৰতকৈও বৃহৎ অপমানৰ সম্মুখীন হ’বলগীয়া হ’ব তেওঁলোকে। এইবাৰ সংঘাত ২০০ৰ পৰা ২৫০ কিলোমিটাৰৰ মাজত সীমাবদ্ধ হৈ নাথাকিব। আমি তেওঁলোকৰ ভূখণ্ডত প্ৰৱেশ কৰি তেওঁলোকৰ ঘৰত সোমাই আক্ৰমণ কৰিম।’