লখিমপুৰত চলন্ত ৰে’লত নিজ কন্যাক শিৰশ্ছেদ পিতৃৰ
ৰঙিলী বাৰ্ত্তাসেৱা- চলন্ত ৰে’লত সংঘটিত হ’ল এক গাৰ নোম শিয়ৰি উঠা ঘটনা। লখিমপুৰত চলন্ত ৰে’লত নিজৰ কণমানি কন্যাক ঘপিয়াই শিৰচ্ছেদ কৰিলে পিতৃয়ে। মানৱ সমাজক লজ্জানত কৰা এই ঘটনাতো জিলাখনৰ চিলনীবাৰী ৰে’ল ষ্টেচনৰ কাষত সংঘটিত হয়। তেজপুৰৰ ডেকাৰ গাঁৱৰ পৰা মুৰ্কংচেলেক অভিমুখী ইণ্টাৰচিটী ৰে’লখনত এই ভয়ংকৰ ঘটনাটো ঘটে। জানিব পৰা মতে ধেমাজি জিলাৰ গোগামুখৰ চাওতাল গাঁও নিৱাসী সুনীল মুর্মুৱে নিজৰ প্ৰায় ছবছৰীয়া কন্যাসহ গহপুৰৰপৰা ঘৰলৈ বুলি সেই ৰে’লখনত যাত্ৰা কৰিছিল। কিন্তু ৰে’লখন আহি লখিমপুৰৰ চিলনীবাৰী ৰে’ল ষ্টেচন পোৱাৰ কিছু আগতে নিজৰ মোনাত থকা দা উলিয়াই সুনীলে নিজৰ কন্যাক ডিঙিত ঘপিয়ায়। দাৰ ঘাপত কণমানিজনীৰ শৰীৰ তলত পৰি যোৱাৰ বিপৰীতে মূৰটো বহা আসনতে পৰি ৰয়। এই ঘটনাত ৰে’লখনত হুৱাদুৱা পৰিৱেশ সৃষ্টি হয়। তেনে সময়তে ৰে’লখন চিলনীবাৰী ষ্টেচনত প্ৰৱেশ কৰে। লগে লগে ৰে’লৰপৰা নামি দৌৰিপলাই যায় ঘাতক সুনীল মুর্মু। একাংশ লোকে ঘাতকজনক খেদি খেদি কৰায়ত্ত কৰি আৰক্ষীক গতাই দিয়ে। নিজ কন্যাক হত্যা কৰি পলায়নৰ চেষ্টা কৰা পাষাণ পিতৃ সুনীলক কৰায়ত্ত কৰাৰ সময়ত তাৰ প্রতি আক্রমণত একাধিক লোক আহত হয়। পিছে খেদি খেদি ঘাতকটোক কৰায়ত্ত কৰিবলৈ স্থানীয় ব্যক্তি সক্ষম হয়। উল্লেখ্য প্রত্যক্ষদর্শীৰ ভাষ্য অনুসৰি গহপুৰত ৰে’লখনত উঠাৰেপৰা ব্যক্তিজনে অস্বাভাৱিক আচৰণ কৰিছিল। নাওবৈচাৰ চিলনীবাৰী ৰে’ল ষ্টেচন পোৱাৰ কিছুদূৰ আগতে নিজৰ লগত অনা দাৰে কন্যাক শিৰচ্ছেদ কৰি ৰে’লৰপৰা জঁপিয়াই পলায়নৰ চেষ্টা কৰিছিল কন্যা হন্তা সুনীলে। শেষত স্থানীয় ব্যক্তিৰ সহযোগিতাত ব্যক্তিজনক আটক কৰি লখিমপুৰ আৰক্ষীক গতাই দিয়ে। বর্তমান অপৰাধীজনক লখিমপুৰ আৰক্ষীয়ে আটক কৰি তদন্ত অব্যাহত ৰাখিছে। কিয় নিজৰ কন্যাক এনেদৰে হত্যা কৰিলে এইপর্যন্ত তাৰ কাৰণ জানিব পৰা হোৱা নাই।
