পাঁচ বছৰত অনুপ্ৰৱেশকাৰীক খেদি পঠিওৱাৰ কাম কৰা হ’বঃ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ
ৰঙিলী বাৰ্ত্তাসেৱা- দুদিনীয়া ভ্রমণসূচীৰে অসমত উপস্থিত হোৱা কেন্দ্রীয় গৃহমন্ত্রী শাহে গোৱালপাৰা জিলাৰ দুধনৈ, কামৰূপ জিলাৰ পলাশবাৰী আৰু ধুবুৰী জিলাৰ গোলকগঞ্জ বিধানসভা সমষ্টিত নির্বাচনী ৰণদুন্দুভি বজায়। অৱশ্যে হেলিকপ্টাৰৰ যান্ত্ৰিক বিজুতিৰ বাবে তেওঁ গোলকগঞ্জৰ ৰাতিয়াদাহা মেলা ময়দানত অনুষ্ঠিত জনসমাৱেশত উপস্থিত থাকিব নোৱাৰিলে। এনে অৱস্থাত কেন্দ্ৰীয় গৃহমন্ত্রী শ্বাহে ফোনযোগে উপস্থিত ৰাইজক সম্বোধন কৰি গোলকগঞ্জৰ বিজেপি প্রার্থী অশ্বিনী ৰায় সৰকাৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। নিজ ভাষণত অনুপ্ৰৱেশকাৰীৰ বিষয়টো গুৰুত্বসহকাৰে উত্থাপন কৰি অসমক অবৈধ বিদেশী মুক্ত কৰাৰ বাবে পুনৰ ড° হিমন্ত বিশ্ব শর্মাক মুখ্যমন্ত্রী পাতিবলৈ আহ্বান জনায় কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে। একে সময়তে তেওঁ এইক্ষেত্রত কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰে। অসমত অনুপ্ৰৱেশ প্ৰতিৰোধ কৰিব লাগিব বুলি উল্লেখ কৰি তেওঁ কয় যে মেঘালয়ত হোৱা নিৰ্বাচনৰ সময়ত গাৰো হিলছত হিংসাত্মক ঘটনা সংঘটিত হৈছিল। কাৰণ, প্রলোভনেৰে গাৰো যুৱতীক জালত ফচাই অনুপ্ৰৱেশকাৰীয়ে পাহাৰীয়া পৰিষদখনত ক্ষমতা দখল কৰিবলৈ বিচাৰিছিল। দশক দশক ধৰি অসমসহ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলক অশান্ত কৰি ৰখা আৰু তুষ্টিকৰণৰ ৰাজনীতিৰ বাবে অনুপ্রৱেশত কংগ্ৰেছে পৃষ্ঠপোষকতা আগবঢ়াইছিল। অনুপ্ৰৱেশকাৰীসকলে বেদখল কৰিছিল অসমৰ বৃহৎ পৰিমাণৰ ভূমি। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি চৰকাৰে যোৱা ৫ বছৰত প্ৰায় ডেৰ লাখ বিঘা ভূমি বেদখলমুক্ত কৰিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান আৰু বিশ্ববিখ্যাত এশিঙীয়া গঁড়ৰ বিচৰণভূমি কাজিৰঙাতো বেদখল হৈছিল। এই বেদখল উচ্ছেদৰ কামো আমাৰ বিজেপি চৰকাৰেই কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত অভূতপূর্ব বিকাশ হোৱাৰ কথাও তেওঁ উল্লেখ কৰে। এই বিকাশৰ যাত্ৰাক আৰু অধিক গতি দিবলৈ বিজেপিক পুনৰ নিৰ্বাচিত কৰাৰ তেওঁ আহ্বান জনায় অনুপ্ৰৱেশকাৰীৰ প্ৰতি কংগ্ৰেছৰ নৰম দৃষ্টিভংগীক শ্বাহে আক্ৰমণৰ লক্ষ্য কৰি কয় যে পূৰ্বৰ চৰকাৰৰ অধীনত ৰাজ্যখন তেওঁলোকৰ হাতত গতাই দিয়া হৈছিল । ‘কংগ্ৰেছ চৰকাৰে এইখন অসমেই অনুপ্ৰৱেশকাৰীৰ হাতত গতাই দিলে । এই অনুপ্ৰৱেশকাৰীয়ে অসমৰ দুখীয়া মানুহৰ মাটি দখল কৰি আছে । কাজিৰঙাৰ বনাঞ্চলত বেদখল কৰিছে । আমাৰ যুৱক-যুৱতীসকলৰ পৰা কৰ্মসংস্থাপনৰ সুযোগ কাঢ়ি লৈছে । বিগত দহ বছৰত বিজেপিয়ে অসমৰ গুৰুত্বপূৰ্ণ অঞ্চলসমূহত অনুপ্ৰৱেশকাৰীৰ হাতৰ পৰা পৰা ১ লাখ ৫০ হাজাৰ একৰ ভূমি বেদখলমুক্ত কৰিছে । এইবেলি নিৰ্বাচনৰ জৰিয়তে আকৌ এবাৰ বিজেপি চৰকাৰ নিৰ্বাচন কৰক আৰু বিজেপি চৰকাৰে সমগ্ৰ অসমক অনুপ্ৰৱেশকাৰীৰ পৰা মুক্ত কৰাৰ কাম হাতত ল’ব । হিমন্ত বিশ্ব শৰ্মাক আকৌ এবাৰ মুখ্যমন্ত্ৰী পাতক আৰু আমি প্ৰতিজন অনুপ্ৰৱেশকাৰীক পুলিয়ে-পোখাই উঘালিম’ বুলি মন্ত্ৰী শ্বাহে হুংকাৰ প্ৰদান কৰে ৷ গোৱালপাৰাক মিনি অসম আখ্যা দি কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে কয় যে ইয়াত ৰাভা, বড়ো, হাজং, কোচ আৰু চাহ বাগানৰ শ্রমিকে বাস কৰে। কংগ্ৰেছে অসমত নির্বাচনত প্রতিদ্বন্দ্বিতা আগবঢ়ায়। কিন্তু কেতিয়াও জনজাতিৰ কল্যাণৰ কথা নকয়। স্বাধীনতাৰ ৭৮ বছৰ সম্পূৰ্ণ হৈ গ’ল। পিছে কংগ্রেছে কেতিয়াও আদিবাসী মহিলাক ৰাষ্ট্ৰপতিৰ আসনত অধিষ্ঠিত নকৰিলে। পিছে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে দ্রৌপদী মুর্মুক ৰাষ্ট্ৰপতি পাতিছে। কংগ্ৰেছৰ কাৰ্যকালত স্বাধীনতাৰ পৰা ২০১৩ চন পর্যন্ত আদিবাসী সমাজৰ বিকাশৰ বাবে বাজেটত মাত্র ২৪ হাজাৰ কোটি টকা দিছিল। ইয়াৰ বিপৰীতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰে এই পৰিমাণ ১.৪১ লাখ কোটিলৈ বৃদ্ধি কৰিছে। লগতে আদিবাসী সমাজ আৰু জনজাতীয় কলা-সংস্কৃতি, খাদ্য, বেশ-ভূষা, সংগীত আৰু নৃত্যক বিশ্বত পৰিচয় কৰাই দিয়াৰ কামো কৰিছে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে। দুধনৈ নৈক গাখীৰৰ নদী বুলি জনা যায় বুলি মন্তব্য কৰি অসমত পুনৰ বিজেপি চৰকাৰ হ’লে প্রত্যেকখন জিলাতে একোটাকৈ ডায়েৰী আৰু সকলো আদিবাসী পৰিয়ালক এটিকে গাই গৰু-ম’হ দিয়া হ’ব বুলি তেওঁ প্রতিশ্রুতি দিয়ে। কংগ্ৰেছৰ বিৰুদ্ধে পুনৰবাৰ আক্ৰমণাত্মক হৈ পৰি কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে কয় যে আৰম্ভণিৰে পৰা অসমৰ প্ৰতি গান্ধী-নেহৰু পৰিয়ালৰ মনোভাব ইতিবাচক নহয়। ১৯৬২ চনত চীনৰ আক্ৰমণৰ সময়ত তেওঁলোকে অসমক এৰি দিছিল। কিন্তু আজি আমাৰ চৰকাৰে অসমৰ এক ইঞ্চি ভূমিও কোনেও কব্জা কৰিব নোৱাৰাটো সুনিশ্চিত কৰিছে। কংগ্রেছে সমগ্র অসমকে অশান্ত কৰি ৰাখিছিল। অসমৰ যুৱকৰ মৃত্যুক লৈ ৰাজনীতি কৰিছিল কংগ্ৰেছে। ২০১৯ৰ পৰা ২০২৪ চনৰ ভিতৰত বিজেপিয়ে অসমত কেইবাখনো বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে। ইয়াৰ ভিতৰত আছে বড়ো, কাৰ্বি আংলং, হোজাই, আদিবাসী আৰু আলফা চুক্তি। ইতিমধ্যে ১০ হাজাৰ যুৱকে অস্ত্র ত্যাগ কৰি মূলসুঁতিলৈ উভতি আহিছে। ২০১৬ চনৰ পিছত অসমলৈ পৰিৱৰ্তন আহিছে আৰু ২০১৯ চনৰ পিছত ধাৰাবাহিক বুজাবুজিৰ জৰিয়তে স্থাপন হৈছে শান্তি। এতিয়া ক’তো বোমা বিস্ফোৰণ অথবা গুলীচালনাৰ ঘটনা সংঘটিত নহয়। ‘৯০ৰ দশকৰ আৰম্ভণিতে মই অসমলৈ আহিছিলোঁ। তেতিয়া বিদ্যার্থী পৰিষদৰ নেতৃত্বত অসম বচাও আন্দোলন চলি আছিল। মই গোৱালপাৰালৈও আহিছিলোঁ। য’ত আৰক্ষীয়ে লাঠীচালনা কৰিছিল। তেতিয়াও কংগ্রেছে অসমক অশান্ত কৰি ৰাখিছিল। বিশেষকৈ ড° মনমোহন সিং চৰকাৰৰ কাৰ্যকালত ১০ বছৰ অশান্ত হৈ আছিল অসম। গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ প্ৰসংগও নিজ ভাষণত উল্লেখ কৰে কেন্দ্ৰীয় গৃহমন্ত্রী শ্বাহে। এই সন্দৰ্ভত তেওঁৰ বক্তব্য আছিল এনেধৰণৰ- অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ বিৰুদ্ধে ভাৰতৰ শত্ৰু ৰাষ্ট্ৰৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগ উঠিছে। কিন্তু কংগ্রেছে তেওঁৰ পৰা ইয়াৰ কোনো উত্তৰ বিচৰা নাই। আমি যেতিয়া সংসদত এই কথাবোৰ উত্থাপন কৰোঁ, তেতিয়া ৰাহুল গান্ধীয়ে কয় যে পুৰণি কথা কিয় মনত পেলাব লাগে? পুৰণি কথা এই কাৰণে মনত ৰাখিব লাগে, যাতে তেনে ভুল দ্বিতীয়বাৰ নহয়। যদি ভুলতেও গোৱালপাৰাত এজন-দুজন কংগ্ৰেছ প্রার্থী জয় হয় তেন্তে পুনৰ অশান্তি উভতি আহিব। কংগ্ৰেছে অসমৰ সংস্কৃতিৰ হকে কোনোধৰণৰ কাম নকৰা বুলিও তেওঁ অভিযোগ উত্থাপন কৰে। ইয়াৰ বিপৰীতে বিজেপিয়ে বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ প্ৰতিমূর্তি দিল্লীত স্থাপন, লাচিত বৰফুকনৰ ১২৫ ফুট উচ্চতাৰ প্ৰতিমূর্তি স্থাপন, চৰাইদেউ মৈদামক ইউনেস্ক’ৰ বিশ্ব ঐতিহ্যৰ মৰ্যাদা, অসম আন্দোলনৰ শ্বহীদৰ গুৱাহাটীত স্মাৰক নিৰ্মাণ আৰু লাচিত বৰফুকনৰ ৪০০ সংখ্যক জয়ন্তী উদ্যাপনৰ বিষয়ে অৱতাৰণা কৰে কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে। অসমত জনসংখ্যা বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰি তেওঁ কয় যে যদি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত পুনৰবাৰ চৰকাৰ গঠন হয়, তেন্তে অসমত সার্বজনীন দেৱানী বিধি (ইউচিচি) বলবৎ কৰা হ’ব। যাতে বহুবিবাহ ৰোধ কৰিব পৰা যায়। কংগ্রেছে আদিবাসী সমাজক ইউচিচিৰ নামত ভীতিগ্রস্ত কৰে। কিন্তু আদিবাসী ভাতৃ-ভগ্নীসকলক ইউচিচিৰ আওতাৰ পৰা বাহিৰত ৰখা হ’ব। বিজেপিয়ে ৰাভা, কাৰ্বি, তিৱা, মিচিং, দেউৰী আৰু ডিমাছা ভাষাক প্রাথমিক শিক্ষাত সন্নিৱিষ্ট কৰিছে। লগতে মহান অসমীয়া ভাষাক ধ্রুপদী ভাষাৰ মৰ্যাদা দিয়া হৈছে। তেওঁ নিজ ভাষণত কুমইৰ, বাগুৰুমবা আৰু বিহুনৃত্যৰ অনুষ্ঠান গুৱাহাটীত আয়োজনৰ প্ৰসংগও উল্লেখ কৰে। বিজেপি চৰকাৰে গ্ৰহণ কৰা কেতবোৰ পদক্ষেপ সন্দর্ভত তেওঁ কয় যে দুধনৈত ২৫০ কোটি টকা ব্যয় সাপেক্ষে মেডিকেল কলেজ নিৰ্মাণ কৰা হৈছে। কুছডোৱাত প’লট্রি ব্রিডিং ফার্ম আৰু ফিড মিলৰ কাম চলি আছে। পলাশবাৰীত আইআইএমৰ আধাৰশিলা ইতিমধ্যে স্থাপন কৰিছে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে। আইআইএম স্থাপনৰ উদ্দেশ্য হ’ল যাতে অসমৰ যুৱক-যুৱতীয়ে উচ্চ শিক্ষা গ্রহণ কৰি দেশ-বিদেশৰ ডাঙৰ ডাঙৰ কোম্পানীত চাকৰি লাভ কৰিব পাৰে। লগতে এই অঞ্চলটো শিক্ষাৰ মুখ্য কেন্দ্ৰ হিচাপে গঢ়ি উঠে। পিছে কংগ্রেছে আইআইএম স্থাপনৰ বিৰোধিতা কৰিছে। ৰাহুল গান্ধীয়ে যিমানে চেষ্টা নকৰক কিয়, পলাশবাৰীত আইআইএম হ’বই। অনাগত সময়ৰ বাবে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিয়ে এখন ব্যাপক ঘোষণা-পত্ৰ জাৰি কৰিছে। যাৰ অধীনত ক্ষুদ্র আৰু মজলীয়া কৃষকে বর্তমানে লাভ কৰি থকা ৬ হাজাৰ টকা ১১ হাজাৰলৈ বৃদ্ধি কৰাৰ ব্যৱস্থা কৰা হৈছে। লগতে ট্ৰেক্টৰ ক্ৰয়ৰ বাবে তিনি লাখ টকা আৰু পাৱাৰটিলাৰ ক্ৰয়ৰ বাবে ৫০ হাজাৰ টকা ৰাজসাহায্য আগবঢ়োৱাৰ কথাও ঘোষণা কৰিছে। অসমত ছেমিকণ্ডাক্টৰ উদ্যোগ স্থাপনৰ কাৰণে ভূমি আবণ্টনক লৈ কংগ্ৰেছ তথা ৰাহুল গান্ধীয়ে প্রশ্ন উঠায়। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে প্রায় ২৭ হাজাৰ কোটি টকা ছেমিকণ্ডাক্টৰ প্ৰকল্প অসমক দিছে। ইয়াৰ জৰিয়তে উদ্যোগ আৰু ৰোজগাৰৰ নতুন সুবিধা মুকলি হ’ব তথা অসম বিশ্ব স্তৰত উপনীত হ’ব। ভাষণত তেওঁ আন কেতবোৰ প্ৰতিশ্রুতি দিয়ে। তেওঁ উল্লেখ কৰা মতে চাহ জনজাতিৰ লোকসকলক ভূমিৰ মালিকীস্বত্ব দিয়াৰ লগতে ঘৰ বনাবলৈ ৭৫ হাজাৰ টকাকৈ দিয়া হ’ব। চাহ শ্রমিকৰ মজুৰি বিজেপিয়ে বৃদ্ধি কৰিব ৫০০ টকালৈ। সকলো জনজাতিৰ শিক্ষাৰ্থীক প্রাথমিকৰ পৰা স্নাতকোত্তৰলৈ বিনামূলীয়া শিক্ষাৰ ব্যৱস্থা কৰা হ’ব। সকলো মহিলাক প্রতিমাহে তিনি হাজাৰ টকাকৈ দিয়াৰ আঁচনি আছে। অসমৰ বিকাশৰ বাবে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা এক ব্যাপক ৰোডমেপ তৈয়াৰ কৰিছে বুলি সদৰী কৰি তেওঁ কয় যে ৰাজ্যখনত বহু উদ্যোগ স্থাপন কৰি যুৱক-যুৱতীসকলক কৰ্মসংস্থাপনৰ সুবিধা প্ৰদান কৰা হ’ব। বন্দে ভাৰতৰ নতুন ৰে’ল চলোৱাৰ পৰিকল্পনা আছে। প্রতিটো উন্নয়ন খণ্ডতে একোখনকৈ ষ্টেডিয়াম নিৰ্মাণ কৰা হ’ব। প্ৰতিখন জিলাত স্থাপন কৰা হ’ব একোখনকৈ মেডিকেল আৰু ইঞ্জিনীয়াৰিং কলেজ। কংগ্ৰেছে এনেধৰণৰ কাম কৰিবলৈ সক্ষম নহয়। নিজৰ চৰকাৰৰ কাৰ্যকালত তেওঁলোকে একো নকৰিলে। কেন্দ্ৰীয় গৃহমন্ত্রী শ্বাহে অহা ৯ এপ্রিলত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনত বিজেপিৰ মিত্ৰজোঁটৰ সকলো প্ৰাৰ্থীক জয়ী কৰাবলৈ আহ্বান জনায়। উল্লেখ্য যে আজি দিনৰ প্ৰায় ১.৩০ বজাত দুধনৈ মহাবিদ্যালয় খেলপথাৰত আয়োজন কৰা বিশাল নির্বাচনী সভাত অংশগ্ৰহণ কৰি ভাষণৰ আৰম্ভণিতে কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে মা কামাখ্যাক সেৱা জনোৱাৰ লগতে গোৱালপাৰা জিলাৰ বিভিন্ন মঠ-মন্দিৰৰ নাম স্মৰণ কৰে। তেওঁ সোঁৱৰণ কৰে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্রতিমা বৰুৱা পাণ্ডে আৰু সমাজ সংস্কাৰক ড° বীৰুবালা ৰাভাক। এই বিশাল নির্বাচনী সভাখনৰ জৰিয়তে তেওঁ দুধনৈ সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী টংকেশ্বৰ ৰাভা আৰু পশ্চিম গোৱালপাৰাৰ প্ৰাৰ্থী পৱিত্ৰ ৰাভাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। সভাখনত বিজেপি মিত্ৰজোঁটৰ নেতৃবৃন্দ উপস্থিত আছিল। সেইদৰে পলাশবাৰী সমষ্টিৰ অন্তৰ্গত ছয়গাঁও মিনি স্টেডিয়ামত অনুষ্ঠিত বিশাল নির্বাচনী সভাত কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে মা কামাখ্যা আৰু মা চণ্ডিকা দেৱীক স্মৰণেৰে ভাষণ আৰম্ভকৰে। এই সভাখনত তেওঁ পলাশবাৰী সমষ্টিৰ প্ৰাৰ্থী হিমাংশু শেখৰ বৈশ্য আৰু বকো-ছয়গাঁও সমষ্টিৰ প্ৰাৰ্থী ৰাজু মেচৰ হৈ প্ৰচাৰ চলায়। সভাখনত সাংসদ বিজুলী কলিতা মেধি, শীর্ষ অগপ নেতা তথা প্রাক্তন মন্ত্রী ডাঃ কমলা কলিতাকে ধৰি মিত্ৰজোঁটৰ নেতৃবৃন্দ উপস্থিত আছিল
