প্ৰধান শিক্ষক ধনীৰাম বৈশ্যক বিদায় সম্বৰ্ধনা
বংশৰ,ৰঙিলী বাৰ্ত্তাসেৱা- কামৰূপ জিলাৰ হাজো শিক্ষা খণ্ডৰ দমদমা চেঁচামুখ মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত কুলহাটী মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক ধনীৰাম বৈশ্যক ৰাজহুৱা সম্বৰ্ধনা জ্ঞাপন কৰা হয়। বৈশ্যক ফুলাম গামোচা, বস্ত্ৰ, মানপত্ৰ,শৰাই, ধৰ্মগ্ৰন্থ,,ছাটি,জাপিৰে বিদায় সম্বৰ্ধনা জনায়। কুলহাটী মজলীয়া বিদ্যালয়ৰ অৱসৰী প্ৰধান শিক্ষয়িত্ৰী নিৰদা দাসৰ সভাপতিত্বত অনুষ্ঠিত সম্বৰ্ধনা সভাত বংশৰ ভৃংগেশ্বৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা জিলা কৃতী শিক্ষক বঁটা প্ৰাপক ইন্দ্ৰ কান্ত বৈশ্য ই ছাত্ৰ -ছাত্ৰী সকলৰ মাজত থাকি জীৱন গঢ়া খনিকৰ হৈ শিক্ষক সকলৰ আনন্দ মধুৰ সময়ৰ দিশ বৰ্ননা কৰে । হাজো বালিকা মজলীয়া বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী বিভাৰাণী দাস,অৱসৰী প্ৰধান শিক্ষয়িত্ৰী পদূমী দাসে ভাষণত আৱেগ বিহ্বল হৈ পৰে। মণ্ডল সমল সমন্বয়ক কৃষ্ণৰাম কলিতা, শিক্ষক চন্দন দাস, অভিভাৱক নগেন কলিতা আৰু কন্যা উৰ্মি বৈশ্য ই ভাষণ ৰাখে। শেষত অৱসৰী প্ৰধান শিক্ষক ধনীৰাম বৈশ্য ই নিজৰ কৰ্মময়ী জীৱনৰ ওপৰত আৱেগিক অনুভূতি ৰ বিষয়ে বহলাই বক্তব্য ৰাখে।
