জেৰেঙাত জয়াৰ বিননি
জুমী চিৰিং, কঠালগুৰি, লক্ষীমপুৰ
জেৰেঙা পথাৰৰ বিস্তৃত নীৰৱতাৰ জুৰি
বতাহত উৰিছে ইতিহাসৰ বিষাদৰ বিননি
স্বদেশৰ মাটিত অসীম শক্তিশালী
স্বজাতিৰ হৃদয়ত জ্বলে অগ্নি জ্যোতি।
বুৰঞ্জী পৃষ্ঠাত খোদিত এটি অমৰ নাম
আহোম ৰাজত্বৰ অন্ধকাৰ সন্ধিক্ষণত
তুমিয়ে আছিলা সাহসৰ দীপ্তিমান
চাউদাঙৰ চাবুকেৰে নিঃশেষ প্ৰাণ।
যান্ত্ৰণাৰ জুইত জ্বলি উঠিছিল দেহ
কিন্তু মন আছিল অনন্ত,অবিচল
জয়া, তুমি স্বজনৰ ভৱিষ্যতৰ বাবে
সহনশীলতাৰে ৰচিছিলা পৱিত্ৰ স্বপ্নটি।
তোমাৰ সংকল্প আছিল অটল
কৰুণ দুখ-যান্ত্ৰণাৰ আঁচলত ঢাঁকি
নীৰৱ জেহাদে কপাঁইছিল অত্যাচাৰী সিংহাসন
সহনশীলতাৰে ৰচিছিলা যুগান্তকাৰী দৃষ্টান্ত।
দিগন্ত জুৰি কঁপি উঠিছিল সময়
আকাশো যেন হৈছিল নীৰৱ সাক্ষী
যান্ত্ৰণাৰ মাজতো তোমাৰ অসীম ধৈৰ্য
সেই সুৰে কঁপাইছিল অন্যায়ৰ বিৰুদ্ধে শক্তি।
জেৰেঙাত জয়াৰ সেই বিননি আজিও
চৌদিশে বতাহত ভাঁহি ফুৰে নীৰৱে
ত্যাগ আৰু সত্যৰ পথেৰে
অমৰ কৰি ৰাখিব সদায়ে।
আজি জয়মতী দিৱসৰ পৱিত্ৰ ক্ষণত
জনাইছোঁ তোমাৰ মহান ত্যাগক সন্মান
তোমাৰ আদৰ্শৰে অনুপ্ৰাণিত হওঁক
প্ৰতিগৰাকী অসমীয়া নাৰী বিৰংগনা
অপৰাজেয় শক্তি হওঁক অমৰ প্ৰেৰণা।
