হায়দৰাবাদে ৬৫ ৰানত পৰাস্ত কৰে কলকাতাক

Pc ESPNcricinfo

হায়দৰাবাদে ৬৫ ৰানত পৰাস্ত কৰে কলকাতাক

ৰঙিলী বাৰ্ত্তাসেৱা- বৃহস্পতিবাৰে কলকাতাত অনুষ্ঠিত মেচখনত ছানৰাইজাৰ্ছ হায়দৰাবাদে ঘৰুৱা দল কলকাতা নাইট ৰাইডাৰ্ছক ৬৫ ৰানত পৰাস্ত কৰে। কলকাতা নাইট ৰাইডাৰ্ছক পৰাস্ত কৰি ছানৰাইজাৰ্ছ হায়দৰাবাদে চলিত আইপিএলত প্ৰথমটো জয়ৰ মুখ দেখিছে। মন কৰিবলগীয়া যে কলকাতাৰ এয়া আছিল ক্রমাগত দ্বিতীয় পৰাজয়। মেচখনত হায়দৰাবাদে জয়ৰ বাবে বান্ধি দিয়া ২২৭ ৰানৰ লক্ষ্য অনুসৰণ কৰি অংগকৃশ ৰঘুবংশীৰ ৫২, ৰিংকু সিঙৰ ৩৫ আৰু ফিন এলেনৰ ২৮ ৰানৰ সহায়ত কলকাতাই ১৬ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১৬১ ৰানহে কৰে। হায়দৰাবাদৰ হৈ জয়দেৱ উনাদকাটে সর্বাধিক ৩টা উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে প্ৰথমে বেটিং কৰিবলৈ আহি অ’পেনাৰদ্বয় ট্রেভিছ হেড আৰু অভিষেক শৰ্মাৰ বিস্ফোৰক বেটিঙৰ লগতে হেনৰিচ ক্লাছেনৰ অর্ধশতকৰ সহায়ত ছানৰাইজাৰ্ছ হায়দৰাবাদে নিৰ্ধাৰিত ২০ অ’ভাৰত ৮টা উইকেট হেৰুৱাই ২২৬ ৰান সংগ্ৰহ কৰে। ইনিংছ মুকলি কৰি ট্রেভিছ আৰু অভিষেকে প্রথম উইকেটৰ যুটিত ৮২ ৰান সংগ্ৰহ কৰি দলক বিস্ফোৰক আৰম্ভণি দিয়ে। ট্রেভিছে ২১টা বলত ৪৬ আৰু অভিষেকে ২১টা বলত ৪৮ ৰান কৰি বিদায় লয়। দলীয় স্ক’ৰ ১১৮ ৰানত চাৰিটাকৈ উইকেট হেৰুৱাই দলটো বিপদত পৰিছিল যদিও ক্লাছেনে নীতিশ কুমাৰ ৰেষ্ট্ৰীৰ সৈতে পঞ্চম উইকেটত ৮২ ৰান সংগ্ৰহ কৰি দলৰ বিপৰ্যয় ৰোধ কৰে। নীতিশে ৩৯ ৰান কৰি বিদায় লয় যদিও ক্লাছেনে অর্ধশতকীয় ইনিংছ খেলি ছানৰাইজাৰ্ছক শক্তিশালী স্থিতিত উপনীত কৰায়। ক্লাছেনে ৩৫টা বলত ৫২ ৰানৰ অৰিহণা আগবঢ়ায়। কলকাতাৰ হৈ ব্লেছিং মুজাৰাবানীয়ে সর্বাধিক চাৰিটা উইকেট লাভ কৰে।