বিবেক বিক্ৰীৰ মেলা – চন্দ্ৰ শেখৰ পৰাজুলী

Pc Shutterstock

বিবেক বিক্ৰীৰ মেলা

চন্দ্ৰ শেখৰ পৰাজুলী
বিশ্বনাথ চাৰিআলি

সন্ধিয়া সময়ত দোকানত বহি আড্ডা দি থকা সময়ত হিৰকে কলে, অসমৰ বেচিভাগ জনসাধাৰণে বহু সহজ, সৰল অ’ বন্ধু। আনফালে বহি থকা তপনে তৎসনাত কলে,কিয় বা এনেই ঘপক্কে ডাঙৰ কথা এটা কৈ দিলি যে? হিৰকে কলে,আচলতে আমাৰ জনসাধাৰণৰ আচল চৰিত্ৰ উদং হয় এই প্ৰতি পাঁচ মূৰে মৰে গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ কৰা ভোট দান প্ৰক্ৰিয়াত । যত জনসাধাৰণে নিজ ইচ্ছা অনুসৰি নিজ নিজ ঠাইত গণতান্ত্ৰিক প্ৰক্ৰিয়া সুচাৰুভাৱে পৰিচালনা কৰিবলৈ এজন এজন প্ৰতিনিধি নিৰ্বাচিত কৰিব পাৰে নহয়নে ? হয় ,হয় মহাশয় তাতে বা কি হল,তপনে কলে । আচলতে এই আহি থকা বিধানসভাৰ নিৰ্বাচনৰ সময়তে সহজ,সৰল অসমৰ জনসাধাৰণক কিছু কিছু টকাৰ ললসাৰ দিয়াৰ উপৰিও ভুৱা প্ৰতিশ্ৰুতিবোৰৰ জৰিয়তে বিবেক বিক্ৰীৰ মেলা পাতি দিয়াৰ আৰম্ভ কৰে অসমৰ মানুহে সেইবোৰ কিন্তু বুজি নাপায় বা বুজিবলৈ চেষ্টাই নকৰে অ’ বন্ধু, বৰ দুখৰ কথা নহয়নে, হিৰকে কলে। তপন,তেন্তে ইয়াৰ সমাধান জানো আছে ? কাৰণ আমিও সেই একে পানীৰে মাছ।অকনমান ভাল টুপ এটা পেলাই দিলে আমিও দেখোন পিগলী যাওঁ নহয়নে ক’চোন তই নিজে?

আগত আছে নিৰ্বাচন।আৰু এচাম অসমৰ বুদ্ধিজীৱীৰ এইটো এটা ধন ঘটাৰ ডাঙৰ উৎসৱ।লগতে কিছুমান আৰু বেছি বুদ্ধিজীৱী সকলৰ এইটো এক বিবেক বিক্ৰীৰ মেলা। যত অন্য এক জনপ্ৰতিনিধিৰ বাবে আপোন মানুহবোৰৰ মাজত সংঘাত সৃষ্টিৰ এক সময়। হিৰক, তেন্তে তয়ো কেৱল টুপ লগাৰ অপেক্ষাত সময়বোৰ পাৰ কৰি আছ।তপন,নহয় চা,ভাই ময় জানো ভাল কি আৰু বেয়া কি ? কিন্তু এইবোৰ কেৱল তই আৰু মই মাত্ৰ বুজি পালে নহব। কাৰণ অসমৰ জনসাধাৰণ কেৱল বিবেক বিক্ৰীৰ মেলাক লৈয়ে ব্যস্ত। তোৰ মোৰ কি আহে বা যায় ।এইবোৰ বিধানসভাৰ নিৰ্বাচনত সকলো দলৰ হৈ নাচিম। আৰু যতে ডাঙৰ এটা টুপ পৰিব তাতেই গৈ বুটাম টিপি আহিম। জিন্দাবাদ,জিন্দাবাদ মূৰ্খ নেতা জিন্দাবাদ। সহজ,সৰল মানুহৰ বিবেকৰ লগত এক উচ্চ মানৰ বুদ্ধি প্ৰয়োগৰ জৰিয়তে অসম তথা ভাৰতৰ অস্তিত্বক কৰিলা ধংশ। আজি আমি জ্ঞানী হৈয়ো কিন্তু মূৰ্খ।জিন্দাবাদ,জিন্দাবাদ চকু হৈও অন্ধ কোন ?