নাজিৰা-টিংখাং-খোৱাঙত কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধীৰ নিৰ্বাচনী প্ৰচাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ বৰবৰুৱাত অনুষ্ঠিত বিৰোধী মিত্ৰজোঁটৰ বিশাল নির্বাচনী জনসভাত অংশগ্ৰহণ কংগ্ৰেছ নেত্রী প্রিয়ংকা গান্ধীৰ। নাজিৰা, টিংখাং আৰু খোৱাং সমষ্টিৰ প্ৰাৰ্থীসকলৰ হৈ অনুষ্ঠিত কৰা নিৰ্বাচনী সভাত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদিকা প্রিয়ংকা গান্ধীয়ে উপস্থিত থাকি জুবিন গাৰ্গ সম্পর্কত কয়, মই সঁচা কথা ক’বলৈ গ’লে জুবিন গাৰ্গৰ বাবে একো জনা নাছিলোঁ। জুবিনৰ মৃত্যুৰ পাছতহে মই তেওঁৰ বিষয়ে জানিবলৈ চেষ্টা কৰিছিলোঁ। তেওঁৰ মৃত্যুৰ সময়ত প্ৰতিগৰাকী অসমীয়াই কান্দিছিল। জুবিনৰ গান, চর্চা, আলোচনা আদিৰ লগতে তেওঁৰ বিষয়ে অধ্যয়ন কৰাৰ পাছতহে জুবিনক চিনি পাবলৈ চেষ্টা কৰিছিলোঁ। জুবিন গার্গ প্রকৃতার্থত অসমীয়া জাতিৰ কণ্ঠ আছিল। আধুনিক অসমীয়া সংস্কৃতিক উত্তৰণৰ দিশত আগুৱাই নিয়া মূল কাণ্ডাৰী আছিল জুবিন গাৰ্গ। সাহসেৰে জনতাৰ স্বাৰ্থত বলিষ্ঠভাবে মাত মাতিছিল। সঁচা কথা ক’বলৈ ভয় নকৰা জনতাৰ শিল্পী আছিল জুবিন গার্গ। একেটা ভাষণ প্রসংগত প্রিয়ংকা গান্ধীয়ে লগতে কয় যে ৰাজ্যত অভাৱনীয়ভাৱে মূল্য বৃদ্ধি হৈছে, কিন্তু চাহ বাগিচাৰ শ্ৰমিকৰ মজুৰি বৃদ্ধি নহ’ল। বাগিচাৰ শ্ৰমিকসকলে ন্যূনতম সা-সুবিধাখিনিও পোৱা নাই। জনজাতিকৰণৰ মৰ্যাদা নিদিলে। পাঁচ বছৰত প্ৰতিশ্রুতি পালন নকৰিলে। ভ্ৰষ্টাচাৰ চৰকাৰ চলাই নিজৰ সুবিধা আদায় কৰি ল’লে, কিন্তু জনতাৰ কোনো উপকাৰ নকৰিলে। এই নির্বাচনী যুঁজ সাধাৰণ নির্বাচনী যুঁজ নহয়। এই যুঁজ অসমৰ মানুহৰ স্বাধীনতাৰ যুঁজ। বিজেপিয়ে ভয়-ভাবুকিৰে চৰকাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰি কয়, ভয়-ভাবুকি দি বিজেপিৰ সভাত মাতি লৈ যায় মহিলাক। আমাৰ চৰকাৰ আহিলে এনেকুৱা কৰিব নোৱাৰিব। আমি ঘৰত বহি মহিলাৰ বেংক একাউণ্টত চৰকাৰী ধন দিয়াৰ ব্যৱস্থা কৰিম। এইখন ৰাজ্য সাহসী বীৰৰ ৰাজ্য। নিজৰ অস্তিত্ব, সংস্কৃতি সুৰক্ষাৰ বাবে আমি যুঁজিব লাগিব। সংস্থাপন, শিক্ষাত আপোনাৰ অধিকাৰ আছে। মূল্যবৃদ্ধি হ্রাস পোৱাটো আপোনাৰ অধিকাৰ। কিন্তু এই সকলোবোৰ অধিকাৰ বিজেপি চৰকাৰে কাঢ়ি নিছে। গণতান্ত্রিক দেশত জনতাতকৈ ডাঙৰ কোনো নাই। প্রধানমন্ত্রীয়েই হওক বা মুখ্যমন্ত্রীয়েই হওক। কংগ্রেছ মিত্ৰজোঁটৰ চৰকাৰ গঠন হ’লে নিবনুৱাক স্বাৱলম্বিতাৰ বাবে ৫০ হাজাৰ টকা, ২৫ লাখ টকালৈ বিনামূলীয়া চিকিৎসাৰ ব্যৱস্থা, ১০০ দিনৰ ভিতৰত জুবিন গাৰ্গৰ ন্যায়, ১০ লাখ ভূমিপুত্রক স্থায়ী ভূমিপট্টা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি প্রদান কৰে। নির্বাচনী সভাত ভাষণ দি প্রদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কয়, অসমক উদ্ধাৰ কৰিবলৈ হ’লে ৯ এপ্রিলত উৎখাত কৰিব লাগিব হিমন্ত বিশ্ব শর্মাক। পূর্বে তৰুণ গগৈক বিশ্বাসঘাতকতা কৰি বিজেপিত আহি সর্বানন্দ সোণোৱালক বিশ্বাসঘাতকতা কৰিলে। অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ ক্ষেত্ৰত বিশ্বাসঘাতকতা কৰিলে। গৰু চোৰ, পানী চোৰ আৰু কয়লা চোৰৰ চৰকাৰ থাকিলে অসমৰ উন্নয়ন হ’ব নোৱাৰে বুলি সমালোচনা কৰে। ইফালে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ভাষণত কয়, এই বাৰ অসমীয়া জাতীয়তাবাদ আৰু হিন্দু সাম্প্রদায়িতকাবাদৰ মাজত যুজ হ’ব। অসমীয়া জাতীয়তাবাদ জিকিব লাগিব এই যুঁজখনত। এই বাৰ আমি তিনি গগৈ লগ হৈছোঁ। তিনি গগৈৰ চৰকাৰ হ’ব এই বাৰ। ইফালে উপস্থিত ৰাইজক অখিল গগৈয়ে পাঠ কৰোৱালে শপতবাক্য। অসম জাতীয় পৰিষদৰ সভাপতি তথা খোৱাং সমষ্টিৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈয়ে উদাত্ত কণ্ঠৰে ভাষণ দি কয়, অসমৰ মানুহৰ সুৰক্ষিত ভৱিষ্যৎ, সাম্প্রদায়িক শক্তিক উৎখাত কৰিবলৈ আমি আশীর্বাদ বিচাৰিছোঁ। পৰিৱৰ্তনৰ ঢৌ খোৱাঙৰ পৰা আৰম্ভ হৈছে। এই পৰিৱৰ্তনৰ ঢৌৱে ছুনামিৰ সৃষ্টি কৰিব। আমি সকলোৱে মিলি গৌৰৱ গগৈক মুখ্যমন্ত্রী বনাম। আমি সকলোৱে মিলি নতুন অসম গঢ়িম। হিমন্ত বিশ্ব শৰ্মাৰ ভ্ৰষ্টাচাৰৰ নীতিক ওফৰাই দিম। অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক চিত্তৰঞ্জন বসুমতাৰীয়ে আঁত ধৰা নিৰ্বাচনী সভাৰ মঞ্চত একেলগে দেখা গ’ল তিনি গগৈক। ডিব্ৰুগড়ৰ বৰবৰুৱা পূজা ফিল্ডৰ পৰাই গৌৰৱ গগৈ, অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈয়ে প্রদর্শন কৰিলে শক্তি। প্রিয়ংকা গান্ধীৰ সন্মুখতে লুৰিণজ্যোতি গগৈয়ে গৌৰৱ গগৈক মুখ্যমন্ত্রী পতাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে। প্রায় ৩০ সহস্রাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত নির্বাচনী সভাত ছত্তিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্রী ভূপেশ বাঘেল, প্রদেশ কংগ্ৰেছৰ তত্ত্বাবধায়ক জিতেন্দ্র সিং, প্রাক্তন কেন্দ্রীয় মন্ত্রী পৱনসিং ঘাটোৱাৰ, ঝাৰখণ্ডৰ কৃষিমন্ত্রী শিল্পী নেহা তির্কী, কংগ্রেছ নেতা বন্ধু তির্কী, ডিব্ৰুগড়ৰ অজাপ প্রার্থী মৈনাক পাত্র, চাবুৱা-লাহোৱাল সমষ্টিৰ কংগ্রেছ প্রার্থী প্রাঞ্জল ঘাটোৱাৰকে ধৰি ভালেসংখ্যক কংগ্রেছ নেতা উপস্থিত থাকে।
