অসমত কংগ্ৰেছৰ পৰাজয়ৰ হেট্রিক হ’বঃপ্ৰধানমন্ত্ৰী
ৰঙিলী বাৰ্ত্তাসেৱা- মঙলবাৰে নিশা ডিব্ৰুগড়ত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বুধবাৰে পুৱা ধেমাজিৰ গোগামুখ আৰু বিশ্বনাথৰ বিহালীত দুখন বিশাল নির্বাচনী জনসভাত অংশ লয়। অগণিত জনতাৰ উপস্থিতিত অনুষ্ঠিত এই জনসভাৰ জৰিয়তে গেৰুৱা লহৰ তুলি-ভোৰতাল বজাই নির্বাচনী ৰণশিঙা বজায় প্রধানমন্ত্রী মোদীয়ে। অসমীয়াতে উপস্থিত ৰাইজক নমস্কাৰ জনাই তথা সমাগত ব’হাগ বিহুৰ ওলগ জ্ঞাপন কৰি অসমত ক্রমাগতভাৱে তৃতীয়বাৰলৈ বিজেপি মিত্ৰজোঁটে চৰকাৰ গঠন কৰিব বুলি প্রধানমন্ত্রী মোদীয়ে দাবী কৰে। নিজ ভাষণত তেওঁ স্বাভাৱসুলভ কথনভংগীৰে কংগ্ৰেছক সমালোচনা কৰি কয়, ‘দেশৰ আটাইতকৈ দুর্নীতিগ্রস্ত দলটোৱেই হৈছে কংগ্রেছ। স্বাধীন ভাৰতত কংগ্ৰেছে কৰা দুর্নীতি-ভ্রষ্টাচাৰৰ সীমা-সংখ্যা নাই। অনুপ্ৰৱেশকাৰীক অসমত সংস্থাপিত কৰিছিল কংগ্ৰেছে। কেৱল ভোটবেংকৰ স্বাৰ্থত দলটোৱে অনুপ্ৰৱেশকাৰীক সংস্থাপন দি সমস্যাৰ সৃষ্টি কৰিছে। যাৰ ফলত বাধাগ্ৰস্ত হৈছে উন্নয়ন। অসমত এইবাৰ কংগ্ৰেছৰ পৰাজয়ৰ হেট্রিক হ’ব। পৰাজয়ৰ চেঞ্চুৰী কৰিব ৰাজকুমাৰে।’

গোগামুখৰ জনসভাখনত তেওঁ আহোম যুগতে স্থাপিত ঐতিহাসিক ঘুগুহা দ’লৰ উপাস্য দেৱতা শিৱ আৰু মিচিং জনগোষ্ঠীৰ দঞিঃপলক সভক্তিৰে স্মৰণ কৰাৰ বিপৰীতে বিহালীৰ জনসভাত ‘জয় গুৰু শংকৰ’ বন্দনাৰে ভাষণ আৰম্ভ কৰে তেওঁ। কংগ্ৰেছৰ বাবে ক্ষমতা আৰু পৰিয়ালে সদায়ে আগস্থান লাভ কৰে বুলি মন্তব্য কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে দশকৰ পাছত দশক ধৰি কংগ্ৰেছে অসমৰ উন্নয়নক উপেক্ষা কৰি আহিছে। দিল্লীতো কংগ্ৰেছৰ এটা পৰিয়ালৰ আধিপত্য আৰু অসমতো এটা পৰিয়ালৰ অবাধ প্রভুত্ব চলে। কংগ্ৰেছৰ শাসনকালত অসম বোমা-বন্দুক-উগ্ৰপন্থীৰে ভৰি আছিল। এতিয়া সেই দিন নাই। বন্দুক এৰি সকলোৱে বিকাশ আৰু বিশ্বাসৰ ওপৰত ভৰসা কৰিছে। অসমৰ জনসাধাৰণে কংগ্ৰেছৰ কু-শাসনৰ পৰা মুক্ত কৰিছে ৰাজ্যখনক। তৎসত্ত্বেও জনসাধাৰণে সতর্ক হৈ থাকিব লাগিব। কাৰণ কংগ্ৰেছে এতিয়া ৰাজনৈতিক মুনাফাৰ কাৰণে এটা বিপজ্জনক এজেণ্ডা জাপি দিয়াৰ অপচেষ্টা চলাইছে।

২০১৪ চনৰ পূৰ্বে কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰে তোষণ নীতিৰ অংশ হিচাপে এখন বিভেদ সৃষ্টিকাৰী সাম্প্রদায়িক হিংসা আইন প্ৰৱৰ্তনৰ চেষ্টা চলাইছিল বুলি তেওঁ গুৰুতৰ অভিযোগ উত্থাপন কৰে। এই সন্দৰ্ভত তেওঁৰ বক্তব্য- যি প্রচেষ্টা বিজেপি নেতৃত্বাধীন এনডিএৰ হস্তক্ষেপত প্রতিহত কৰাটো সম্ভৱপৰ হৈছিল। কংগ্রেছে আকৌ অনুৰূপ কৌশল অৱলম্বনৰ তৎপৰতা দেখুৱাইছে। যিয়ে ভোটৰ স্বাৰ্থত সমাজক বিভক্ত কৰাৰ কু-অভিপ্রায় নগ্নভাবে উন্মোচিত কৰে। কংগ্ৰেছে অনুপ্ৰৱেশকাৰীক পৃষ্ঠপোষকতা আগবঢ়াই আহিছে। কৃষক আৰু আদিবাসীৰ ভূমিত অনুপ্ৰৱেশকাৰীক বেদখলৰ বাবে কংগ্ৰেছে উৎসাহিত কৰিছিল। বিজেপি-এনডিএ চৰকাৰে এনেধৰণৰ বেদখলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰিছে। কিন্তু কংগ্ৰেছে ওলোটাই বিৰোধিতা কৰিছে এই প্ৰচেষ্টাৰ। দলটোৱে অসমৰ জনগাঁথনিৰ ভাৰসাম্য পৰিৱৰ্তন কৰিবলৈ বিচাৰে। কিন্তু বিজেপি-এনডিএ চৰকাৰে অসমৰ জনসাধাৰণৰ ভূমি, অধিকাৰ আৰু পৰিচয় ৰক্ষাৰ পদক্ষেপ অব্যাহত ৰাখিব। এয়া মোদীৰ গেৰাণ্টী। ইমানতে ক্ষান্ত নাথাকি তেওঁ কংগ্ৰেছৰ দিনত এশিঙীয়া গঁড় সুৰক্ষিত নাছিল বুলি মন্তব্য কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে কংগ্ৰেছৰ শাসনকালত প্রতিদিনেই গঁড় হত্যাৰ বাতৰিয়ে শিৰোনাম দখল কৰিছিল। বিজেপিৰ লক্ষ্য- লাওখোৱা-বুঢ়াচাপৰি অভয়াৰণ্যৰ এশিঙীয়া গঁড় নিঃশেষ কৰাৰ সুযোগ দিছিল কংগ্রেছে। ছাত্র-ছাত্ৰীৰ জলপানিৰ ক্ষেত্ৰতো কংগ্ৰেছ চৰকাৰৰ সময়ত দুর্নীতি হৈছিল। কংগ্ৰেছ হৈছে বিকাশৰ বিৰোধী। কংগ্ৰেছে অসমৰ আত্মাৰ সৈতে খেলা কৰে। অসমৰ সুৰক্ষা-সন্মানক লৈ খেলা কৰা দল কংগ্ৰেছ। কংগ্ৰেছৰ দিনত অসম লাখ লাখ অনুপ্ৰৱেশকাৰীৰে ভৰি পৰিছিল। ভোটবেংকৰ স্বাৰ্থতে তেওঁলোকে অসমলৈ অনুপ্ৰৱেশৰ সুবিধা কৰি দিছিল। কংগ্ৰেছ বেদখলকাৰীৰ পক্ষত আছে। ইয়াৰ বিপৰীতে বিজেপি চৰকাৰৰ কাৰ্যকালত অসমত হোৱা উন্নয়ন-বিকাশৰ বিষয়ে তেওঁ আলোকপাত কৰে।

প্রধানমন্ত্রী মোদীয়ে কয় যে আগন্তুক দিনত অসমৰ বান আৰু গৰাখহনীয়া প্ৰতিৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰে ১৮ হাজাৰ কোটি টকা আবণ্টন দিব। এই ধনৰাশিৰেই অসমৰ বান আৰু গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধান হ’ব। বিজেপি-এনডিএ চৰকাৰে ২২ লাখ পৰিয়ালক পকীঘৰ দিছে। অনাগত দিনত আৰু ১৫ লাখ গৃহহীন পৰিয়ালক পকীঘৰ প্ৰদানৰ পৰিকল্পনা আছে। ইতিমধ্যে ৩ লাখ মহিলা লাখপতি বাইদেউ হৈছে। অনাগত দিনত ৪০ লাখ মহিলাক লাখপতি বাইদেউ কৰাৰ আমাৰ লক্ষ্য। কংগ্ৰেছৰ শাসনকালত ব্ৰহ্মপুত্ৰৰ ওপৰত মাত্ৰ তিনিখন দলং নির্মাণ হৈছিল। কিন্তু আমাৰ চৰকাৰে মাত্র এক দশকতে ৫খন বিশাল দলং নিৰ্মাণ কৰিছে। অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি যুঁজাৰু বিমান নামিছে। ব্ৰহ্মপুত্ৰৰ তলেৰে গহপুৰৰ পৰা নুমলীগড়লৈ সুৰংগ নিৰ্মাণৰ প্ৰস্তাৱত ইতিমধ্যে অনুমোদন জনাইছে কেন্দ্ৰীয় চৰকাৰে। ইয়াৰ বাবে ১৮,৫০০ কোটি টকা ধাৰ্য কৰা হৈছে। খনিজ তেল উৎপাদনত নতুন অভিলেখ গঢ়ি অসমে ভাৰতক বহু শক্তি দিছে। এসময়ত অসমত মাত্র ৬খন চিকিৎসা মহাবিদ্যালয় আছিল। এতিয়া ১৪খন চিকিৎসা মহাবিদ্যালয় আৰু ৭খন অভিযান্ত্রিক মহাবিদ্যালয় হৈছে। এয়া ডাব্ল ইঞ্জিন চৰকাৰৰ কৃতিত্ব। কৃষকৰ কল্যাণৰ ওপৰত গুৰুত্ব প্রদান কৰি তেওঁ কয় যে পি এম কিষাণ প্ৰকল্পৰ অধীনত ২০ লাখ কৃষকৰ একাউণ্টলৈ ৭,৫০০ কোটিৰো অধিক টকা হস্তান্তৰ কৰা হৈছে। ক্ষুদ্র কৃষকসকলে এতিয়াৰে পৰা অতিৰিক্ত ১১ হাজাৰকৈ টকা লাভ কৰিব।

আদিবাসী জনগোষ্ঠীৰ কল্যাণৰ ক্ষেত্ৰত নিজৰ প্রতিশ্রুতি দোহাৰি প্ৰধানমন্ত্ৰী মোদীৰ ভাষ্য- আমাৰ মূলমন্ত্র হ’ল- সবকা সাথ সবকা বিকাশ। যিসকল অনগ্ৰসৰ তেওঁলোকক সম্মুখলৈ আগবঢ়াই অনা। এই প্রসংগত তেওঁ মিচিং জনগোষ্ঠীৰ উন্নয়নৰ হকে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে বিশেষভাৱে উল্লেখ কৰে। জনকল্যাণ আৰু ভূমিস্বত্ব সন্দর্ভত তেওঁ কয় যে মিছন বসুন্ধৰাৰ আওতাত ২৩ লাখতকৈও অধিক আদিবাসী পৰিয়ালক প্ৰদান কৰা হৈছে ভূমিৰ মালিকানা। চাহ শ্রমিকসকলক দশক দশক ধৰি কংগ্ৰেছে অৱহেলা কৰি আহিছে। ভূমিস্বত্বৰ দৰে মৌলিক অধিকাৰৰ পৰাও বঞ্চিত কৰা হৈছিল তেওঁলোকক। দুয়োখন নির্বাচনী সভাতে ব্যাপক জনসমুদ্র দেখি উৎসাহিত হৈ পৰা প্রধানমন্ত্রী মোদীয়ে এইবাৰ বিজেপি-এনডিএৰ অসমত জয়ৰ হেট্রিক নিশ্চিত বুলি মন্তব্য কৰে। জনসাধাৰণৰ ভাৱনাৰ প্ৰতিধ্বনি তুলি তেওঁ কয়- ‘সকলোৱে এটা কথাই কৈছে, আকৌ এবাৰ… এনডিএ চৰকাৰ।’ অসমৰ আধ্যাত্মিক আৰু সাংস্কৃতিক ঐতিহ্যৰ বিষয়ে স্মৰণ কৰি তেওঁ কয় যে মই শ্ৰীমন্ত শংকৰদেৱৰ চৰণত প্রণাম জনাইছোঁ। লগতে লাচিত বৰফুকন আৰু ভাৰতৰত্ন ভূপেন হাজৰিকাৰ দৰে অসমৰ মহান সন্তানসকলৰ প্ৰতি শ্ৰদ্ধা জনাওঁ। পূর্বে সর্বানন্দ সোণোৱাল আৰু বৰ্তমান ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিগত এক দশকত অসম সেৱা আৰু সুশাসনৰ নতুন যুগৰ সাক্ষী হৈছে। এইবাৰৰ নিৰ্বাচন কেৱল এখন চৰকাৰ গঠনৰ বিষয় নহয়, বৰং বিকশিত ভাৰতৰ বাবে এক বিকশিত অসম গঢ়ি তোলাৰ এক মহৎ লক্ষ্য।

মঙলবাৰে প্রকাশিত বিজেপিৰ ইস্তাহাৰৰ প্ৰসংগও তেওঁৰ ভাষণত স্থান লাভ কৰে। এই সম্পৰ্কত তেওঁ কয় যে বিজেপিৰ সংকল্প-পত্র প্রকৃতপক্ষে এখন মংগল-পত্র। যিয়ে অসমৰ বাবে সমৃদ্ধি কঢ়িয়াই আনিব। ইয়াত কর্মসংস্থাপন, স্বনিয়োজন আৰু আন্তঃগাঁথনি উন্ননয়ৰ হকে ৫ লাখ কোটি টকা বিনিয়োগৰ এক সুস্পষ্ট ৰূপৰেখা দাঙি ধৰা হৈছে। বাঁহভিত্তিক জৈৱ শোধনাগাৰ প্ৰকল্প আৰু ছেমিকণ্ডাক্টৰ উদ্যোগৰ দৰে বিষয়সমূহৰ কথা উল্লেখ কৰি তেওঁ কয় যে শীঘ্ৰে অসম কেৱল চাহৰ কাৰণে নহয়, চিপৰ বাবেও সুপৰিচিত হৈ উঠিব। চায় ভী, চিপ ভী- বিকশিত অসম গঢ়ি তোলাৰ লক্ষ্যত এইটোৱেই হ’ল আমাৰ ৰূপৰেখা। ভোটাৰ ৰাইজক সকীয়াই পুনৰ কংগ্ৰেছক কটাক্ষ কৰি তেওঁ কয় যে কংগ্ৰেছে বেদখলকাৰীক পৃষ্ঠপোষকতা আগবঢ়াই আহিছে। অসমৰ ভৱিষ্যৎ সুৰক্ষাৰ বাবে প্ৰতিটো ভোটেই এক নির্ণায়ক ভূমিকা পালন কৰিব। ভোটদানৰ ক্ষেত্ৰত অভিলেখসংখ্যক উপস্থিতি নিশ্চিত কৰিবলৈ তেওঁ ভোটাৰসকলক আহ্বান জনায়। প্রধানমন্ত্রী মোদীয়ে কয় যে অহা ৯ এপ্রিলত ভোটদানৰ সকলো অভিলেখ ভংগ কৰিব লাগিব। বিজেপি-এনডিএৰ প্ৰতিজন প্রার্থীয়েই হৈছে অসমৰ উন্নয়নৰ একো একোজন সৈনিক। আপোনালোকে তেওঁলোকক জয়যুক্ত কৰক। আপোনালোকে পুনৰ বিজেপি চৰকাৰ গঠন কৰক, দেখিব অসমৰ উন্নয়নৰ গতি আৰু বহুগুণ বৃদ্ধি পাব। এইটোৱেই মোদীৰ গেৰাণ্টী। উল্লেখ্য যে গোগামুখৰ চেতিয়া গাঁৱত আয়োজিত প্রথমখন বিশাল জনসভাত প্রধানমন্ত্রী মোদীয়ে ধেমাজি, লখিমপুৰ আৰু মাজুলী জিলাৰ ৭টা সমষ্টিৰ বিজেপি-মিত্রজোটৰ প্ৰাৰ্থীসকলৰ হৈ প্ৰচাৰ চলায়। এই জনসভাখনত উপস্থিত আছিল কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, সাংসদ প্রদান বৰুৱা, বিজেপি-মিত্রজোটৰ প্ৰাৰ্থী ডাঃ ৰণোজ পেণ্ড, ভুবন পেণ্ড, জীৱন গগৈ, নৱ দলে, ভুবন গাম, মানৱ ডেকা আৰু বসন্ত দাসৰ লগতে বিজেপি-অগপ-গণশক্তিৰ নেতৃবৃন্দ।

সভাৰ পূর্বে প্রধানমন্ত্রী মোদীক এখন ফুলাম গামোচা আৰু এখন মিৰিজিমেৰে উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে সাংসদ প্রদান বৰুৱা-বিধায়ক ভুবন পেগুৱে। মন্ত্রী ডাঃ ৰণোজ পেগুৱে আঁত ধৰা জনসভাখনত আদৰণী ভাষণ প্ৰদান কৰে কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে। সেইদৰে বিহালীৰ কুলগুৰি পথাৰত আয়োজিত জনসভাখনত প্রধানমন্ত্রী মোদীয়ে বিশ্বনাথৰ ভূমিক তপস্যাস্থলী ৰূপে অভিহিত কৰে। তেওঁ কয় যে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱে গাংমৌ থানত সাধনা কৰি সমাজ সংস্কাৰ কৰিছিল। সভাস্থলীৰ সমীপতে আছে মা কল্যাণী মন্দিৰ আৰু গুপ্তকাশী। নিজে কাশী সংসদীয় সমষ্টিৰ পৰা নিৰ্বাচিত হোৱাৰ কথা উল্লেখ কৰি তেওঁ কয় যে বিশ্বনাথৰ গুপ্তকাশীৰ মাহাত্ম্য আছে। যাৰ বাবে মই সেৱা জনাবলৈ আহিছোঁ। বিহালীস্থিত এছিয়া মহাদেশৰ বিখ্যাত মোনাবাৰী চাহ বাগিচাৰ কথাও তেওঁ উল্লেখ কৰে। এই সভাখনৰ জৰিয়তে প্রধানমন্ত্রী মোদীয়ে মূলতঃ বিশ্বনাথ জিলাৰ তিনি সমষ্টি ক্রমে বিশ্বনাথ, বিহালী আৰু গহপুৰৰ বিজেপি-মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলৰ হৈ প্ৰচাৰ চলায়। সভাৰ আদৰণি পৰ্বত সাংসদ ৰঞ্জিত দত্তই উপহাৰ দিয়া এযোৰ ভোৰতাল প্রধানমন্ত্রী মোদীয়ে মঞ্চত বজোৱা দৃশ্য আছিল দৃষ্টিনন্দন। জনসভাখনত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, সাংসদ ৰঞ্জিত দত্ত, গহপুৰৰ প্ৰাৰ্থী উৎপল বৰা, বিহালীৰ প্ৰাৰ্থী মুনীন্দ্ৰ দাস, বিশ্বনাথৰ প্ৰাৰ্থী পল্লৱলোচন দাস, বিধায়ক দিগন্ত ঘাটোৱাল, প্রাক্তন মন্ত্রী প্রবীণ হাজৰিকাকে ধৰি মিত্রজোটৰ নেতৃবৃন্দ উপস্থিত থাকে।
